ETV Bharat / bharat

অমিত শ্বাহক Worthless বুলি ক’লে মমতা বেনাৰ্জীয়ে - অমিত শ্বাহ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী

"মোদী মন্ত্ৰীসভাত অমিত শ্বাহ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী" ৷ বৃহস্পতিবাৰে নেতাজী ইনড'ৰ ষ্টেডিয়ামত তৃণমূল কংগ্ৰেছৰ বিশেষ অধিবেশনৰ সময়ত দিয়া ভাষণত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইদৰে কয় (Mamata Banerjee lashes out at Amit Shah)।

Mamata Banerjee lashes out at Amit Shah
Mamata Banerjee lashes out at Amit Shah
author img

By

Published : Sep 8, 2022, 3:37 PM IST

কলকাতা, ৮ ছেপ্টেম্বৰ: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Mamata Banerjee lashes out at Amit Shah) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মন্ত্ৰীসভাৰ ভিতৰত আটাইতকৈ মূল্যহীন বুলি অভিহিত কৰিলে বংগ কন্যা মমতাই । তেওঁ কয়, "মোদী মন্ত্ৰীসভাত অমিত শ্বাহ আটাইতকৈ অকৰ্মণ্য মন্ত্ৰী" ৷ বৃহস্পতিবাৰে নেতাজী ইনড'ৰ ষ্টেডিয়ামত তৃণমূল কংগ্ৰেছৰ বিশেষ অধিবেশনৰ সময়ত দিয়া ভাষণত মমতাই এইদৰে কয় (Mamata says Amit Shah worthless)।

মুখ্যমন্ত্ৰীয়ে তৃণমূল কংগ্ৰেছৰ বীৰভূম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ বাবে চিবিআইকো তীব্ৰভাৱে কটাক্ষ কৰিছিল (Mamta Banerjee criticizes CBI)। এবাৰ পুনৰ অনুব্ৰত মণ্ডলৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বীৰভূমৰ নেতাসকলক উদ্দেশ্যি এক শক্তিশালী বাৰ্তা প্ৰদান কৰে । তেওঁ এজেন্সীবোৰক সকীয়াই দি অনুব্ৰত মণ্ডল ঘূৰি আহিব বুলি ভৱিষ্যদ্বাণী কৰে (Mamata praises Anubrata Mandal)।

আত্মবিশ্বাসীভাৱে মমতাই কয়, "এইটো মনত ৰাখিব । কেষ্টোৰ (অনুব্ৰত মণ্ডেল) প্ৰত্যাবৰ্তন হ'ব আৰু তেওঁক নায়কৰ আদৰণি জনোৱা হ'ব" ৷ লগতে বীৰভূম জিলাই হাৰিবলৈ শিকা নাই বুলিও কয় মমতাই । "অনুব্ৰতক গ্ৰেপ্তাৰ কৰি তেওঁলোকে দুখন লোকসভা আসন কাঢ়ি ল'ব বুলি ভাবিছে, কিন্তু সেয়া নহ'ব" ।

মমতা বেনাৰ্জীয়ে প্ৰশংসাৰ বাবে মণ্ডলক বাছি লৈছিল যদিও বিদ্যালয় সেৱা আয়োগৰ নিযুক্তি দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা তৃণমূল কংগ্ৰেছৰ আন এগৰাকী যোদ্ধা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ওপৰত মন্তব্য কৰাৰ পৰা আঁতৰি থাকে (CBI arrested Partha Chetterjee) । ৰাজ্যৰ আইন মন্ত্ৰী মলয় ঘটকক চিবিআইয়ে জেৰা কৰাৰ লগতে বুধবাৰে আছানছল আৰু কলকাতাত কেইবাটাও ঘৰত অভিযান চলায় ৷ ঘটকক প্ৰশংসা কৰি মমতাই কয় যে, আইন মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিজৰ পক্ষ দাঙি ধৰিছে ।

লগতে পঢ়ক: দ খাৱৈত বাছ বাগৰি 12 গৰাকী ITBP জোৱান আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.