ETV Bharat / bharat

WB CM Mamata Banerjee : প্ৰধানমন্ত্ৰীক চেলেঞ্জ বংগৰ মুখ্যমন্ত্ৰীৰ ৷ ‘শান্তি ঘূৰাই আনি দিম আমি ৷’

author img

By

Published : Jul 31, 2023, 9:38 PM IST

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ মণিপুৰলৈ শান্তি ঘূৰাই আনিব নোৱাৰা কেন্দ্ৰই আমাক পাৱাৰ দিয়ক ৷ আমি মণিপুৰলৈ শান্তি ঘূৰাই আনিম ৷ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে বিদেশলৈ যাব পাৰে ৷ তেওঁ বিদেশত ডাঙৰ ডাঙৰ ভাষণ দিব পাৰে কিন্তু মণিপুৰলৈ কিয় যাব নোৱাৰে !’ প্ৰশ্ন বংগৰ মুখ্যমন্ত্ৰীৰ ৷

WB CM Mamata Banerjee
প্ৰধানমন্ত্ৰীক চেলেঞ্জ বংগৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,31 জুলাই: মণিপুৰৰ ঘটনাক লৈ পুনৰ সৰৱ হ’ল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ সোমবাৰে পশ্চিম বংগ বিধানসভাত মণিপুৰৰ হিংসাত্ম ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী মমতাই কয়,‘দেশ জ্বলিছে ৷ মহিলাক জ্বলাইছে ৷ তাৰ পাচতো কেনেকৈ মনে মনে থাকিব পাৰে প্ৰধানমন্ত্ৰী ! মণিপুৰৰ লগতে সমগ্ৰ দেশে আজি আমালৈ চাই আছে ৷ কেতিয়া মণিপুৰলৈ শান্তি ঘূৰি আহিব ! সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে যদি কোনো পদক্ষেপ নলয় বা মণিপুৰলৈ শান্তি ঘূৰাই আনিব নোৱাৰে তেতিয়া হলে আমাক পাৱাৰ দিয়ক ৷ কিয়নো কোনেও কৰিব নোৱাৰা কাম, বেংগলে অকলে কৰিব পাৰে ৷’

‘কেন্দ্ৰই মণিপুৰলৈ শান্তি ঘূৰাই আনিব নোৱাৰিলে আমাক দিয়ক ৷ আমি মণিপুৰলৈ শান্তি আনিম ৷ যিসময়ত কেন্দ্ৰ চৰকাৰে বেটি বচাও বেটি পঢ়াও শ্লো’গান দিয়ে সেই সময়ত মণিপুৰত মহিলাক কৰা হ’ল অপমান ৷ হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লগে লগে এটা বিবৃতি দিয়া উচিত আছিল ৷ কিন্তু মুখ বন্ধ কৰি ৰাখিছে ৷ মুখ বন্ধ কৰি প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে বিদেশলৈ যাব পাৰে ৷ তেওঁ বিদেশত ডাঙৰ ডাঙৰ ভাষণ দিব পাৰে কিন্তু মণিপুৰলৈ কিয় যাব নোৱাৰে !’’ এই প্ৰশ্ন বংগৰ মুখ্যমন্ত্ৰী মমতাৰ ৷

সোমবাৰে মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত বংগ বিধানসভাত এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ সেই প্ৰস্তাৱৰ পাচতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক প্ৰসংগত কয় ‘সকলো সমস্যা বন্দুকৰ নলীৰে সমাধান নহয় ৷ শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে বহুতো ডাঙৰ সমস্যা সমাধান কৰিব পাৰি ৷ বৰ্তমান দেশখনত সাধাৰণ জনতাৰ কথা কোৱাৰ স্বাধীনতা নোহোৱা হৈছে ৷’

ইফালে মুখ্যমন্ত্ৰী ভাষণৰ সময়ত বিৰোধী বিজেপি দলৰ বিধায়ক সকলে বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদনৰ মজিয়াত ৷ বিৰোধীৰ প্ৰতিবাদত বাবে খঙে মূৰৰ চুলি আগ পালেগৈ মুখ্যমন্ত্ৰী মমতাৰ ৷ বিজেপি বিধায়ক সকলক টাৰ্গেট কৰি তেওঁ কয় , আমি চিঞৰ বাখৰ কৰা দল নহয়, আমি মাটিৰ মানুহৰ দল। আমি প্ৰতিদিনে যথেষ্ট অসন্মান আৰু অপমান সহ্য কৰি আহিছো ৷’

লগতে পঢ়ক:Manipur Violence: অস্থিৰ মণিপুৰ; মেইটেই সম্প্ৰদায়ৰ 30 টা বাসগৃহত অগ্নি সংযোগ কুকি উগ্ৰপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.