নিউজ ডেস্ক, 18 জানুৱাৰী : পশ্চিমবংগৰ শাসনৰ বাঘজৰী পুনৰ নিজৰ হাততে ৰখাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে তৃণমূল কংগ্ৰেছে । সোমবাৰে নন্দীগ্ৰামত দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আগন্তক বিধানসভা নিৰ্বাচনত নন্দীগ্ৰামৰ পৰাই প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰে । 2016ত তৃণমূল কংগ্ৰেছৰ নেতা হৈ থকাৰ সময়ত সুভেন্দু অধিকাৰীয়ে এই সমষ্টিটোৰ পৰাই নিৰ্বাচনত যুঁজ দিছিল ।
বিগত বৰ্ষৰ শেষৰফালে তেওঁ বিজেপিত যোগদান কৰে । সুভেন্দু অধিকাৰীৰ বিজেপি গমন প্ৰসংগত মমতা বেনাৰ্জীয়ে কয় যে, একাংশ নেতাই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি আন দলত যোগদান কৰাক লৈ তেওঁ চিন্তিত হোৱা নাই । কাৰণ দলটো গঠনৰ সময়ত এইসকল নেতাৰ ভিতৰত এজনো নেতা দলত নাছিল । বিগত কেইবাবছৰ ধৰি অসৎ উপায়েৰে ঘটা ধনৰ সুৰক্ষাৰ বাবে এই সকল নেতা আন দললৈ গতি কৰিছে বুলি তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে নন্দীগ্ৰাম তেওঁৰ বাবে সৌভাগ্যপূৰ্ণ স্থান বুলি কৈ বিধানসভা নিৰ্বাচনত তেওঁ নন্দীগ্ৰামৰ পৰা যুঁজ দিব বুলি স্পষ্ট কৰি দিয়ে । মুখ্যমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তক সমৰ্থন জনায় ৰাজ্যিক সভাপতি সুব্ৰত বাক্সিয়ে । পূৱ মেডিনীপুৰ জিলাৰ নন্দীগ্ৰামত ভূমি অধিগ্ৰহণক লৈ অব্যাহত থকা 34 বছৰীয়া আন্দোলন 2011ত মমতা বেনাৰ্জী শাসনলৈ অহাৰ পিছতে অন্ত পৰে । মমতা বেনাৰ্জী বৰ্তমান পশ্চিম কলকাতাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়িকা ।
তেওঁ কয় যে, সম্ভৱ হ'লে তেওঁ ভৱানীপুৰ আৰু নন্দীগ্ৰাম দুয়োটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দিতা কৰিব । জীয়াই থকালৈকে এচাম লোকক পশ্চিমবংগক বিজেপিৰ হাতত বিক্ৰী কৰিবলৈ নিদিয়ে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে দলত্যাগী নেতাক শুভকামনা জনায় আৰু তেওঁলোকক দেশৰ ৰাষ্ট্ৰপতি অথবা উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হওঁক বুলি কটাক্ষ কৰে ।
লগতে পঢ়ক:গুজৰাটত মেট্ৰ' ৰে'ল প্ৰকল্পৰ ভূমি পূজনত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে