ETV Bharat / bharat

Malda stripping video: আৰক্ষী চকী লণ্ডভণ্ড কৰাৰ অভিযোগত ভুক্তভোগী দুই মহিলাকো গ্ৰেপ্তাৰ - Victims woman ransacking police outpost

মালদাত দুই জনজাতীয় মহিলাক ৰাজহুৱাভাৱে প্ৰহাৰ কৰি থকাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাচতে ব্যাপক উত্তেজনা । আৰক্ষীয় ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ভুক্তভোগী মহিলাসকলে আৰক্ষী চকীত আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁলোককো গ্ৰেপ্তাৰ কৰে ।

Malda stripping video
আৰক্ষী চকী লণ্ডভণ্ড কৰাৰ অভিযোগত ভুক্তভোগী দুই মহিলাকো গ্ৰেপ্তাৰ
author img

By

Published : Jul 23, 2023, 3:07 PM IST

নেশ্যনেল ডেস্ক,২৩ জুলাই : দুগৰাকী জনজাতীয় মহিলাক বিবস্ত্ৰ, অত্যাচাৰ আৰু নিৰ্দয়ভাৱে প্ৰহাৰৰ অভিযোগত মুঠ ৫ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । একে সময়তে ভুক্তভোগী মহিলা দুগৰাকীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বামাংগোলা আৰক্ষী থানাৰ অন্তৰ্গত এখন আৰক্ষী চকীত আক্ৰমণ কৰাৰ অভিযোগত মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে ১৯ জুলাইত পশ্চিমবংগৰ মালদা জিলাৰ বামাংগোলা আৰক্ষী থানাৰ অন্তৰ্গত পাকুয়া হাট অঞ্চলত একাংশ মহিলাই দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে । সমগ্ৰ ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অৱশ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাত জড়িত ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ।

একে সময়তে, ভাইৰেল ভিডিঅ' গোচৰৰ ভুক্তভোগী মহিলা দুগৰাকীয়ে এখন আৰক্ষী চকী লণ্ড ভণ্ড কৰিছিল । যাৰ বাবে শনিবাৰে আৰক্ষীয়ে তেওঁলোককো গ্ৰেপ্তাৰ কৰে । মালদা জিলাৰ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ যাদৱৰ মতে বামাংগোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰদান কৰা তথ্যৰ ভিত্তিত মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইফালে জনজাতীয় মহিলা দুগৰাকীক নিৰ্যাতনত জড়িত ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই ঘটনাত আন কিছুমান লোক জড়িত থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে । আৰক্ষীয়ে সেইসকল লোককো গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই আছে । দুয়োগৰাকী জনজাতীয় মহিলাক নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ । ভাইৰেল ভিডিঅ' ক্লিপৰ ভিত্তিত আৰু দুজন লোকক চিনাক্ত কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাই আছে ।

আৰক্ষী অধীক্ষকগৰাকীৰ মতে গ্ৰেপ্তাৰ হোৱাসকলে আৰক্ষীক কৈছে যে দুয়োগৰাকী জনজাতীয় মহিলাই তেওঁলোকৰ এটা মোনাৰ পৰা টকা চুৰি কৰি থকা অৱস্থাত ধৰা পৰিছিল । তাৰ পাচত তেওঁলোকক ৰাইজে প্ৰহাৰ কৰিছিল আৰু সেই সময়তে কাপোৰ ফালি-চিৰি গৈছিল । ঘটনাস্থলীত উপস্থিত থকা দুগৰাকী অসামৰিক স্বেচ্ছাসেৱকে মহিলা দুগৰাকীক উদ্ধাৰ কৰে আৰু তেওঁলোকক স্থানীয় আৰক্ষী চকীলৈ লৈ যায় । অৱশ্যে বিষয়টো ভুক্তভোগী বা তেওঁলোকৰ আত্মীয়ই কোনো অভিযোগ দাখিল কৰিবলৈ সন্মত হোৱা নাই ।

লগতে পঢ়ক :Manipur viral video: মণিপুৰ কাণ্ডৰ বিৰুদ্ধে ডিফুত এপিএইছএলচিৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.