ETV Bharat / bharat

Telangana Elections 2023 : তেলেংগানা নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ ভিৰ; মুখ্য দলসমূহৰ বেছিভাগ প্ৰাৰ্থীয়ে কোটিপতি - BJP millionaires in Telangana Elections

কৰ্প'ৰেট খণ্ডৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ মালিককে ধৰি আন বহু ব্যৱসায়ীয়ে বিভিন্ন দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁলোক দাখিল কৰা নিৰ্বাচনী শপতনামাত ঘোষণা কৰিছে যে তেওঁলোকৰ কোটি কোটি টকাৰ সম্পত্তি আছে । আনহাতে, তিনিটা মুখ্য ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সম্পত্তিলৈ লক্ষ্য কৰিলে প্ৰথম তিনিটা স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

তেলেংগানা নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ ভিৰ; মুখ্য দলসমূহৰ বেছিভাগ প্ৰাৰ্থীয়ে কোটিপতি
Telangana Elections 2023
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 1:06 PM IST

নিউজ ডেস্ক, ১১ নৱেম্বৰ : সমাগত তেলেংগানা নিৰ্বাচন । ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে । তাৰ মাজতে তেলেংগানা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ এক তথ্য পোহৰলৈ আহিছে । এইবাৰৰ নিৰ্বাচনৰ দৌৰত থকা বেছিভাগ প্ৰাৰ্থীয়েই কোটিপতি । কৰ্প'ৰেট খণ্ডৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ মালিককে ধৰি আন বহু ব্যৱসায়ীয়ে বিভিন্ন দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁলোক দাখিল কৰা নিৰ্বাচনী শপতনামাত ঘোষণা কৰিছে যে তেওঁলোকৰ কোটি কোটি টকাৰ সম্পত্তি আছে ।

আনহাতে, তিনিটা মুখ্য ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সম্পত্তিলৈ লক্ষ্য কৰিলে প্ৰথম তিনিটা স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে, চতুৰ্থ স্থানত আছে বিআৰএছৰ প্ৰাৰ্থী ।

৫০ কোটি টকাৰ অধিক সম্পত্তিৰ তথ্য প্ৰদান কৰা প্ৰাৰ্থী হৈছে সকলো দল মিলাই ৫০ জনতকৈ অধিক । অৱশ্যে এয়া বজাৰ মূল্য অনুসৰিহে । কিন্তু যদি প্ৰকৃত মূল্যৰ কথা বিবেচনা কৰা হয়, তেন্তে এই পৰিমাণ কিমান গুণ অধিক ক'ব নোৱাৰি । আনহাতে, কিছুমান প্ৰাৰ্থীৰ সম্পত্তিৰ সিংহভাগ অংশ পতি/পত্নীৰ নামত আছে ।

ইফালে আন কিছুমানে ঘোষণা কৰিছে যে তেওঁলোকৰ নামত কোনো বাহন বা ঘৰ নাই । কোদঙ্গল আৰু কামাৰেড্ডী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা পিচিচি সভাপতি ৰেৱন্ত ৰেড্ডীৰ নামত থকা গোচৰৰ সংখ্যা সৰ্বাধিক ৮৯ টা । আনহাতে, গোশামহলৰ বিজেপি প্ৰাৰ্থী ৰাজসিঙৰ নামত আছে ৭৫ টা গোচৰ । বিগত নিৰ্বাচনৰ তুলনাত শাসকীয় দলৰ কিছু সদস্যৰ বিৰুদ্ধে অৱশ্যে গোচৰৰ সংখ্যা হ্ৰাস পাইছে । তলত দল হিচাপে কোটিপতি প্ৰাৰ্থীৰ কিছুসংখ্যকৰ নাম দিয়া হৈছে :

বিআৰএছ

(কোটি টকাত)

পি শেখৰ ৰেড্ডী (ভুৱনাগিৰি সমষ্টি) - ২২৭.৫১

বি গণেশ (নিজামাবাদ নগৰ সমষ্টি) - ১৯৭.৪০

কে প্ৰভাকৰ (ডুবকা সমষ্টি) - ১২৪.২৪

জনাৰ্দন ৰেড্ডী (নগৰকুৰ্ণুল সমষ্টি) - ১১২.৩৩

ৰাজেন্দ্ৰ ৰেড্ডী (নাৰায়ণা পেটা সমষ্টি) - ১১১.৪২

এম ৰাজশেখৰ (মালকাজিগিৰি সমষ্টি) - ৯৭.০০

মাল্লাৰেড্ডী (মেডচল সমষ্টি) - ৯৫.৯৪

কে উপেন্দ্ৰ ৰেড্ডী (পালেৰু সমষ্টি) - ৮৯.৫৭

বি লক্ষ্মণ ৰেড্ডী (উপ্পল সমষ্টি) - ৮৫.৭৫

এ গান্ধী (চেৰিলিংগাম্পল্লি) - ৮৫.১৪

বিজেপি

(কোটি টকাত)

এম ৰবিকুমাৰ (চেৰিলিংগাম্পল্লী সমষ্টি) - ১৬৬.৯৩

ডি অৰবিন্দ (কোৰুটলা সমষ্টি) - ১০৭.৪৩

ইটেলা ৰাজেন্দ্ৰ (হুজুৰাবাদ সমষ্টি) - ৫৩.৯৪

এম শশীধৰ ৰেড্ডী (সনথ নগৰ সমষ্টি) - ৫১.১৪

কে ভেঙ্কটৰমনা ৰেড্ডী (কামা ৰেড্ডী সমষ্টি) - ৪৯.৭১

ভি ৰঘুনাথ ৰাও (মানচিৰিয়ালা সমষ্টি) - ৪৮.১৮

বি সুভাষ ৰেড্ডী (য়েল্লাৰেড্ডী সমষ্টি) - ৪২.৫৫

পি কালিপ্ৰসাদ ৰাও (পাৰাকলা সমষ্টি) - ৩৯.৮৮

ভি মোহন ৰেড্ডী (বোধন সমষ্টি) - ৩৮.৬৮

নিবেদিতা (নাগাৰ্জুনসাগৰ সমষ্টি) - ৩৪.৯৫

কংগ্ৰেছ

(কোটি টকাত)

জি বিবেক (চেন্নুৰু সমষ্টি) - ৬০৬.৬৭

কে ৰাজাগোপাল ৰেড্ডী (মুনুগোডু সমষ্টি) - ৪৫৮.৩৯

পি শ্ৰীনিবাস ৰেড্ডী (পালেৰু সমষ্টি) - ৪৩৩.৯৩

জি বিনোদ (বেলাম্পল্লী সমষ্টি) - ১৯৭.১২

ভি জগদীশ্বৰ গৌড় (চেৰিলিংগাম্পল্লী সমষ্টি) - ১২৪.৪৯

এম সুনীল কুমাৰ (বালকোণ্ডা সমষ্টি) - ১০৪.১৩

পি সুদৰ্শন ৰেড্ডী (বোধন সমষ্টি) - ১০২.২০

কে হনুমন্তা ৰেড্ডী (কুথবুল্লাপুৰ সমষ্টি) - ৯৫.৩৪

এম ৰংগা ৰেড্ডী (ইব্ৰাহিমপট্টনম সমষ্টি) - ৮৩.৭৮

কে মদনমোহন ৰাও (এলাৰেড্ডী সমষ্টি) - ৭১.৯৪

লগতে পঢ়ক :Fire Broke out in Dal Lake : শ্ৰীনগৰৰ ডাল হ্ৰদত ভয়ংকৰ অগ্নিকাণ্ড; ক্ষতিগ্ৰস্ত কেইবাখনো হাউছবোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.