নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী: ২০১৯ ৰ পুলৱামাৰ বৰ্বৰ আক্ৰমণৰ দ্বিতীয়টো বছৰত জম্মু-কাশ্মীৰত পুনৰ কু-অভিসন্ধি ৰচনা কৰিছিল সন্ত্ৰাসবাদীয়ে । সন্ত্ৰাসবাদীৰ এই কু-কাৰ্যক বিফল কৰি তুলিলে জন্মু আক্ষীয়ে ।
দেওবাৰে এক ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে জন্মু । জন্মু বাছ আস্থানৰ সমীপত উদ্ধাৰ হয় ৭ কিল’গ্ৰাম ওজনৰ এটা আই ই ডি । জম্মুৰ কুঞ্জৱানী আৰু চাম্বা জিলাৰ বাৰী ব্ৰহ্মনা অঞ্চলৰ পৰা দুই শীৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পাচতে আই ই ডি উদ্ধাৰ হয় ।
বিগত বৰ্ষত দক্ষিণ কাশ্মীৰত তিনিগৰাকী বিজেপি কৰ্মী আৰু এগাৰকী আৰক্ষীক হত্যাৰ তদন্তৰ ভিত্তিত শনিবাৰে জাহুৰ আহমেদক চাম্বাৰ বাৰী ব্ৰহ্মনা অঞ্চলত গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ পূৰ্বে ৬ ফেব্ৰুৱাৰীতো লস্কৰ-ই-মুস্তাফা চমুকৈ এল ই এমৰ মুৰব্বী হিদাতুল্লাহ মালিকক জম্মুৰ কুঞ্জৱানী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।
উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰায় অৰ্ধশতাধিক চি আৰ পি এফ জোৱানে প্ৰাণ হেৰুৱায় ।
লগতে পঢ়ক:দেওবাৰেও উষ্ণতা হ্ৰাস ৰাজধানী দিল্লীৰ