ETV Bharat / bharat

অশান্ত জম্মু-কাশ্মীৰ; ২০২৩ চনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:27 AM IST

Militants attack : পূৰ্বৰ তুলনাত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ যথেষ্ট হ্ৰাস হোৱাৰ দাবী কৰা হৈছে । অৱশ্যে ২০২৩ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় ১৩৪ গৰাকী লোক নিহত হৈছে । তাৰ ভিতৰত ৩৩ গৰাকী সুৰক্ষা কৰ্মী ।

Militants attack
২০২৩ চনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ : জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰি আহিছে চৰকাৰ তথা প্ৰশাসনে । কিন্তু তাৰ পাচতো অঞ্চলটোত সন্ত্ৰাসবাদীৰ আক্ৰমণ হ্ৰাস হোৱা নাই । ২০২৩ চনত তেনে কেইবাটাও ঘটনা সংঘটিত হৈছে । বছৰটোত কেন্দ্ৰীয় শাসিত অঞ্চলৰ অৰণ্য আৰু সুউচ্চ অঞ্চলবোৰত সংঘটিত হোৱা বেছিভাগ সংঘৰ্ষ আৰু আক্ৰমণৰ ফলত প্ৰায় ১৩৪ গৰাকী লোক হতাহত হয় ।

তাৰ ভিতৰত ৮৭ টা সন্ত্ৰাসবাদী, ৩৩ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান আৰু ১২ গৰাকী সাধাৰণ নাগৰিক । ৩৩ গৰাকী সশস্ত্ৰ সৈনিকৰ ভিতৰত ২৬ গৰাকী সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনাত নিহত হৈছে ।

২০২৩ চনত জম্মু-কাশ্মীৰত হোৱা গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনাসমূহ :

এপ্ৰিল ২০, ২০২৩ (ভাট্টা ডুৰিয়ান)

পুঞ্চ জিলাৰ মেন্ধাৰ তহচিলৰ ভাট্টা ডুৰিয়ানত ভীম্ৰ গালি আৰু পুঞ্চৰ মাজত সংঘটিত এক আক্ৰমণত ৰাষ্ট্ৰীয় ৰাইফলছৰ ৫ গৰাকী জোৱান ক্ৰমে মনদীপ সিং, কুলৱন্ত সিং, হৰকৃষ্ণ সিং, সেৱক সিং আৰু দেবাশীষ বিশ্বাল শ্বহীদ হয় আৰু আন এজন আহত হয় । এক চৰকাৰী বিবৃতি অনুসৰি প্ৰতিকূল বতৰত যাত্ৰা কৰি থকা এখন সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল ।

মে' ৫, ২০২৩ (কেশৰী পাহাৰ অৰণ্য)

অচিনাক্ত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কান্দি অঞ্চলৰ কেশৰী পাহাৰৰ বনাঞ্চলত ৰিম'ট কণ্ট্ৰোল ব্যৱহাৰেৰে এটা আইইডি বিস্ফোৰণ কৰে । য'ত ৫ গৰাকী জোৱান শ্বহীদ হয় । তাৰে ৪ গৰাকী ৯ পেৰা (বিশেষ বাহিনী)ৰ কমাণ্ডো আছিল আৰু এগৰাকী সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান আছিল । শ্বহীদ জোৱানসকল আছিল সিদ্ধান্ত চেত্ৰী, প্ৰমোদ নেগী, ৰুচিন সিং ৰাৱট, অৰবিন্দ কুমাৰ আৰু নীলম সিং ।

আগষ্ট ৪, ২০২৩ (হাল্লান অৰণ্য)

৩৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ ৩ গৰাকী জোৱান ক্ৰমে হাবিলদাৰ বাবুলাল হৰিতৱাল, চিগনেলমেন ভালা মহিলাপালসিংহ প্ৰবীণসিংহ আৰু ৰাইফলমেন ৱাছিম চাৰৱাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হাল্লান বনাঞ্চলত সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ হৈছিল ।

ছেপ্টেম্বৰ ১৩, ২০২৩ (গাদুল অৰণ্য)

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ গাদুল অৰণ্যত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৫ গৰাকী জোৱান শ্বহীদ হয় । তেওঁলোক হৈছে সেনাৰ কৰ্ণেল আৰু মেজৰ আৰু জে এণ্ড কে আৰক্ষীৰ এগৰাকী ডিৱাইএছপিসহ ৩ জন বিষয়া । ১৯ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-অধীক্ষক হুমায়ুন মুজামিল ভাট, কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক, চিপাহী প্ৰদীপ সিং আৰু চিপাহী চালভিন্দৰ কুমাৰৰ মৃত্যুৰ সৈতে অঞ্চলটোৰ তৃতীয় দীৰ্ঘতম সংঘৰ্ষৰ সমাপ্তি ঘটে । ৬ দিনীয়া সংঘৰ্ষৰ সময়ত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ উজাইৰ বছিৰ খানকে ধৰি কমেও দুটা সন্ত্ৰাসবাদী নিহত হয় ।

নৱেম্বৰ ২২, ২০২৩ (গুলবাগ বন)

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ গুলবাগ বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত ৪ গৰাকী সেনা জোৱান শ্বহীদ হয় ।

ডিচেম্বৰ ২১, ২০২৩ (ডেৰা কি গালি)

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী ৰাজৌৰী-পুঞ্চ জিলাত সন্ত্ৰাসবাদীয়ে ডেৰা কি গালি (ডিকেজি)ৰ মাজেৰে গৈ থকা দুখন সেনাৰ বাহনত আক্ৰমণ কৰে । ফলত ৪ গৰাকী সেনা জোৱান শ্বহীদ হয় আৰু আন তিনিগৰাকী আহত হয় । নিহত জোৱানসকল বীৰেন্দ্ৰ সিং, চন্দন কুমাৰ, কৰণ কুমাৰ আৰু গৌতম কুমাৰ বুলি চিনাক্ত কৰে । পুঞ্চ জিলাৰ বুফলিয়াজ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ এদিন পিচত তিনিজন লোকক মৃত অৱস্থাত পোৱা গৈছিল ।

লগতে পঢ়ক : ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮ বিষয়াৰ মৃত্যুদণ্ডৰ ৰায় প্ৰত্যাহাৰ কৰিলে কাটাৰ আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.