ETV Bharat / bharat

Blast in Bihar: বিহাৰৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি

author img

By

Published : Mar 4, 2022, 2:19 PM IST

বিহাৰৰ ভাগলপুৰত আতচবাজী নিৰ্মাণ কৰা এটা অট্টালিকাত বিস্ফোৰণ (Blast in Bhagalpur)। বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি । ২০ ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

Blast in Bihar
বিহাৰৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,৪ মাৰ্চ : বিহাৰৰ ভাগলপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ (Major blast in Bihar)। নিশা প্ৰায় ১১ মান বজাত সংঘটিত এই বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে । আনহাতে ২০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

তাতাৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাজৱালিচকত সংঘটিত হয় এই বিস্ফোৰণটো । বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে ইয়াৰ শব্দ বহু দূৰলৈ শুনিবলৈ পোৱা গৈছিল । এটা অট্টালিকৰ ভিতৰত হোৱা বিস্ফোৰণটোৱে গোটেই চহৰখনত উত্তেজনাৰ সৃষ্টি কৰিছে । বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-অৰ্ধসামৰিক বাহিনী আৰু উদ্ধাৰকাৰী দল ।

ইফালে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি শীৰ্ষ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয় । বিস্ফোৰণৰ পাছত ১২ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । মৃতসকলৰ ভিতৰত এটা শিশুও আছে । ইফালে বিস্ফোৰণত আহতসকলক লগে লগে ভাগলপুৰৰ মায়াগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বিস্ফোৰণ সংঘটিত অট্টালিকাটো সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হৈছে । সমীপৰ তিনিটা অট্টালিকাৰো ক্ষতি হয় । ইতিমধ্য়ে এক্সেভেটৰৰ সহায়ত ধ্বংসাৱশেষবোৰ আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে । প্ৰশাসনে বিস্ফোৰণৰ কাৰণ প্ৰকাশ কৰা নাই যদিও আহত এগৰাকী ব্যক্তিয়ে জনোৱা মতে ঘৰটোত আতচবাজী নিৰ্মাণৰ কাম কৰা হৈছিল ।

জানিব পৰা মতে পূৰ্বেও উক্ত স্থানত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল । কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যাৰ বাবে পুনৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । একাংশই সন্দেহ কৰা মতে আতচবাজীৰ নামত তাত বোমা নিৰ্মাণহে কৰা হৈছিল ।

লগতে পঢ়ক :নিৰ্বাচনত পৰাজিত হোৱাৰ বেদনা পাহৰিব নোৱাৰি চৰকাৰী বাটত খাল খান্দিলে প্ৰাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.