ETV Bharat / bharat

আৰিয়ান খানৰ গোচৰত NCB ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা - শ্বাহৰুখ খান

আৰিয়ান খানৰ গোচৰত NCB ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰীয়ে ৷ গোচৰ সন্দৰ্ভত NCB ৰ বিৰুদ্ধে তথ্য ৰাজহুৱা কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ সবিশেষ জানো আহক ৷

mahrastra-minister-being-vocal-against-ncb-in-aryan-khan-case
আৰিয়ান খানৰ গোচৰত NCB ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিলে কোন মন্ত্ৰীয়ে ?
author img

By

Published : Oct 16, 2021, 6:15 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰ : মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক drugs-on-cruise গোচৰৰ তদন্তৰ মাজতে ড্ৰাগছ বিৰোধী সংস্থা এনচিবি (Narcotics Control Bureau)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৷ এই গোচৰত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আন কেইবাজনো লোকৰ সৈতে চলিত মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ কৰা হৈছিল । মন্ত্ৰী মালিকে গোচৰটোৰ মুখ্য অনুসন্ধানকাৰী বিষয়া সমীৰ ৱানখেড়েকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে ।

  • Fletcher Patel is a friend of #NCB official Sameer Wankhede and his family.
    I have presented 3 different Panchnamas where Fletcher Patel is a Panch.
    Question arises,
    Can a friend of an NCB official be allowed to be a Panch ?
    Is it legally allowed ?

    — Nawab Malik نواب ملک नवाब मलिक (@nawabmalikncp) October 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁৰ অভিযোগ অনুসৰি এনচিবিৰ বিষয়াসকলে কিছু ক্ষেত্ৰত সাক্ষী হিচাপে তেওঁলোকৰ পৰিচিত লোক সকলক বাছনি কৰি লৈছে ৷ এই সন্দৰ্ভত মালিকে আজি কিছুমান ফটো শ্বেয়াৰ কৰি সাংবাদিকক কয় : "ছবিখনত দেখা ব্যক্তিজন ফ্লেচাৰ পেটেল আৰু তেওঁৰ ছবি এনচিবি বিষয়া সমীৰ ৱানখেড়েৰ ভগ্নী জেছমিন ৱানখেড়েৰ সৈতে আছে ।"

  • Fletcher Patel seen in this picture with someone who he calls 'My Lady Don'.
    Who is this 'Lady Don' ? pic.twitter.com/epTRSopDcH

তেওঁ আৰিয়ান খান গোচৰৰ তদন্ত কৰি থকা শ্ৰীযুত ৱানখেড়েৰ আন এখন ফটোও শ্ৰীযুত পেটেলৰ সৈতে শ্বেয়াৰ কৰে আৰু দাবী কৰে যে তেওঁলোকে ইজনে সিজনক ভালদৰে জানে । এনচিবি বিষয়াসকলে কেনেকৈ তেওঁলোকৰ পৰিচিত লোক সকলক গোচৰটোৰ সাক্ষী হিচাপে কেনেকৈ বাচনি কৰিব পাৰে বুলিও এনচিপিৰ নেতাজনে প্ৰশ্নৰ উত্থাপন কৰে । তেওঁৰ কেইবাটাও টুইটযোগে এই অভিযোগৰ পুনৰাবৃত্তি কৰে ৷

  • Who is Fletcher Patel ?
    What is his connection with #NCB and one of it's official ?
    Details will be revealed here shortly...

লক্ষ্যণীয়ভাৱে শুকুৰবাৰে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়েও ৰাজ্যখনত ড্ৰাগছৰ অভিযানক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে । তেওঁ প্ৰশ্ন কৰে যে কেৱল মহাৰাষ্ট্ৰত হে ড্ৰাগছ বিৰোধী অভিযান চলিছে নেকি ? মুন্দ্ৰা বন্দৰৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ কিন্তু, এনে সংস্থাবোৰে (এনচিবি) নাম মাত্ৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সংস্থাটোক কঠোৰ সমালোচনা কৰি তেওঁলোক কেৱলমাত্ৰ চেলিব্ৰিটিসকলক ধৰি আৰু ফটো তুলিবলৈ আগ্ৰহী বুলি অভিযোগ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, ৩ অক্টোবৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়ালৈকে চাৰিবাৰকৈ আৰিয়ান খানৰ জামিন প্ৰত্যাখ্যান কৰা হৈছে । অভিযানৰ সময়ত তেওঁৰ সৈতে ভাইৰেল চেলফিত দেখা পোৱা কেপি গোচাভি এজন ব্যক্তিগত অনুসন্ধানকাৰী, নৱাব মালিকে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ অভিযানত কেনেকৈ বাহিৰৰ লোকক অনুমতি দিয়া হৈছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : কাৰাবন্দী হাচিবুলৰ মৃত্যু প্ৰকৃততে আত্মহত্যা আছিল নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.