ETV Bharat / bharat

BJP lead Mahayuti meeting : INDIA ক দেখি উঠিল গা ! একেটা দিনতে মুম্বাইত NDA মহাজোঁটৰো বৈঠক

মুম্বাইত অনুষ্ঠিত কেৱল বিৰোধী 'INDIA'ৰে নহয় শাসকীয় পক্ষৰো বৈঠক অনুষ্ঠিত হ'ব । বিজেপি নেতৃত্বাধীন মহাজোঁটে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত বৈঠকৰ আহ্বান কৰিছে । এই বৈঠকত লোকসভা নিৰ্বাচনৰ আসন সন্দৰ্ভত আলোচনা হ'ব ।

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 2:26 PM IST

BJP lead Mahayuti meeting
বিৰোধীক অনুসৰণ বিজেপি মিত্ৰজোঁটৰ, একেটা দিনতে মুম্বাইত মহাযুটিৰো বৈঠক

নেশ্যনেল ডেস্ক,৩১ আগষ্ট : ৩১ আগষ্টৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মুম্বাইত আৰম্ভ হৈছে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ গুৰুত্বপূৰ্ণ বৈঠক । কিন্তু এই বৈঠকৰ মাজতে শাসকীয় দলৰ মিত্ৰজোঁট ‘মহাজোঁটে’ও একেখন চহৰ অৰ্থাৎ মুম্বাইত বৈঠকৰ আয়োজন কৰিছে । বিজেপি, শিৱসেনা (একনাথ সিন্দে), এনচিপি আৰু আন সকলো সহযোগী দলৰ নেতৃত্বত গঠিত 'মহাজোঁটে' ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত দুদিনীয়া বৈঠকখন অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে ।

বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ বৈঠকৰ মাজতে একেখন চহৰ অৰ্থাৎ মুম্বাইত শাসকীয় এনডিএ গোটেও বৈঠক অনুষ্ঠিত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এনচিপিৰ অজিত পাৱাৰ গোটৰ নেতা সুনীল তাটকাৰে কয় যে মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ আৰু অজিত পাৱাৰৰ লগতে অন্যান্য মন্ত্ৰী আৰু বিশিষ্ট নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব । তাটকাৰেয়ে কোৱা মতে ৪৮ টা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ সম্ভাৱনা পৰ্যালোচনা কৰিবলৈ এই বৈঠক অনুষ্ঠিত হ'ব ।

জানিব পৰা মতে, মুম্বাইৰ গ্ৰেণ্ড হায়াত হোটেলত বৃহস্পতিবাৰে আৰু শুকুৰবাৰে ২৬ টা বিজেপি বিৰোধী দলৰ গোট 'INDIA' মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হ'ব । ইয়াৰ পূৰ্বে মঙলবাৰে বিজেপি নেতা প্ৰসাদ লাডেও ঘোষণা কৰে যে বৈঠকৰ উদ্দেশ্য হৈছে মহাৰাষ্ট্ৰৰ সকলো লোকসভা আসনৰ পুনৰীক্ষণ কৰা, য'ত মুঠ ৪৮ খন আসন আছে ।

ক্ষমতাত থকা শিৱসেনা সিন্দে-বিজেপি-এনচিপি মিত্ৰজোঁটে কয় যে, বৈঠকখনৰ আন দুখন বৈঠকৰ সৈতে কোনো সম্পৰ্ক নাই । ই এক পূৰ্ব পৰিকল্পিত বৈঠক বুলিও তেওঁলোকে ঘোষণা কৰিছিল । ইয়াৰ বাবে পৰিকল্পনা যোৱা এমাহ ধৰি চলি আছিল বুলিও তাটকাৰেয়ে কয় । তেওঁ কোৱা মতে ৩১ আগষ্ট মিত্ৰজোঁটৰ সকলো নেতাৰ বাবে সুবিধাজনক দিন হিচাপে বাছনি কৰা হৈছিল । এই বৈঠকত ৰাজ্যখনৰ ৪৮ টা লোকসভা সমষ্টিৰ ওপৰত পৰ্যালোচনা কৰা হ'ব । অৱশ্যে তাটকাৰেয়ে স্পষ্ট কৰি দিয়ে যে বৈঠকত আসন আৱণ্টনৰ ওপৰত কোনো আলোচনা নহয় ।

লগতে পঢ়ক :Opposition meet Mumbai: বিজেপিৰ মায়াজাল ফালিবলৈ মুম্বাইত INDIA মিত্ৰজোঁটৰ তৃতীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.