ETV Bharat / bharat

২০ মে'ৰ পিছত মহাৰাষ্ট্ৰই ১.৫ কোটি ক’ভিশ্বিল্ড লাভ কৰিব: স্বাস্থ্যমন্ত্ৰী

২০ মে'ৰ পিছত মহাৰাষ্ট্ৰত ক'ভিড প্ৰতিষেধক ক’ভিশ্বিল্ডৰ ১.৫ কোটি পালি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাৰ ।

author img

By

Published : May 13, 2021, 3:18 PM IST

thakrey and serum's CEO
২০ মে'ৰ পিছত মহাৰাষ্ট্ৰই ১.৫ কোটি কোভিশ্বীল্ড পালি লাভ কৰিব

নেশ্যনেল ডেস্ক,১৩ মে': দেশত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । মহামাৰীক প্ৰতিহত কৰিবলৈ দেশত ক'ভিড-১৯ ৰ প্ৰতিষেধকৰ টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত আছে । কিন্তু সম্প্ৰতি দেশত ১৮-৪৪ বয়সৰ লোকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ পালি মজুত নাই বুলিও অভিযোগ উত্থাপন হৈছে । মহাৰাষ্ট্ৰতো প্ৰতিষেধকৰ পালিৰ অভাৱ হোৱাৰ সময়তে বুধবাৰে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক ২০ মে'ৰ পিছত ৰাজ্যখনত ক'ভিড প্ৰতিষেধক ক’ভিশ্বিল্ডৰ ১.৫ কোটি পালি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ৰাজ্যখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতি সন্দৰ্ভত মহাৰাষ্ট্ৰ ৰাজ্যিক কেবিনেটে বুধবাৰে এক বৈঠকত এই কথা জনায় ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে ।

উল্লেখ্য যে, প্ৰতিষেধকৰ পালিৰ অভাৱৰ বাবে ৰাজ্যখনত ১৮-৪৪ বয়সৰ লোকৰ টীকাকৰণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে । ইফালে, এই বৈঠকতে স্বাস্থ্য বিভাগ আৰু আন আন মন্ত্ৰীসকলে ১৫ দিনৰ বাবে লক ডাউন বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰাখে । মুখ্যমন্ত্ৰী ঠাকৰে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল'ব । যিহেতু ৰাজ্যখনত লক ডাউন জাৰি ৰখা হৈছে, তাৰ বাবে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আছলাম শ্বেইখে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক ক্ৰয়ৰ বাবে কিছু নিয়ম শিথিল কৰা উচিত । তেতিয়াহ'লে পৰৱৰ্তী ৩-৪ মাহত ১৮-৪৪ বয়সৰ সকলো লোককে টীকাকৰণ কৰিবলৈ পাৰিব ।

বুধবাৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৪৬,৭৮১ জন লোক নতুনকৈ মহামাৰী ক'ভিডত আক্ৰান্ত হয় । ইয়াৰ বিপৰীতে ৮১৬ জনে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱায় । মহাৰাষ্ট্ৰত এতিয়ালৈকে ৫২,২৬,৭১০ জন লোক মহামাৰী ক'ভিডত আক্ৰান্ত হয় । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত প্ৰায় ৫৮,৮০৫ জন লোক মহামাৰীৰ পৰা আৰোগ্য হৈ উঠাত এতিয়ালৈকে মুঠ ৪৬,০০,১৯৬ জন আৰোগ্য হৈছে । ইপিনে, ৫,৪৬,১২৯ জন সক্ৰিয় ৰোগী আছে । তদুপৰি, মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮,০০৭ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: ক’ভিড 19: ভাৰতৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.