নেশ্যনেল ডেস্ক, ২২ আগষ্ট : মহাৰাষ্ট্ৰৰ পালঘৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী ১৭ বছৰীয়া কিশোৰে নৃশংসভাৱে হত্যা কৰিলে মাতৃক । আৰক্ষীয়ে জনোৱা মতে মাতৃয়ে কিশোৰজনৰ মোবাইল ফোনৰ পৰা কাৰোবাক মেচেজ কৰা দেখিছিল । সেই দেখি ক্ষোভিত হৈ পৰিছিল কিশোৰজন । যাৰ বাবে মাতৃক হত্যাৰ দৰে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে । ঘটনাটো দেওবাৰে মাজনিশা ভাচাই টাউনশ্বিপৰ পেৰোল এলেকাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
মাণ্ডৱী আৰক্ষী থানাৰ পৰিদৰ্শক অশোক কাম্বলেয়ে কয় যে কিশোৰজনে মাতৃৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিছিল আৰু দুয়োৰে মাজত ইয়াক লৈ সঘনাই কাজিয়া হৈছিল । দেওবাৰে নিশা আহাৰ গ্ৰহণ কৰি থকা সময়ত মাতৃয়ে মোবাইল ফোনত কাৰোবাক মেচেজ কৰি থকা দেখিছিল কিশোৰজনে । যাৰ বাবে বিৰক্ত হৈ পৰিছিল । অভিযোগ অনুসৰি তাৰ পাছতে কিশোৰজনে এখন কুঠাৰ উলিয়াই মাতৃক ঘপিয়ায় । ইফালে তথ্য লাভ কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।
আৰক্ষীয়ে জনোৱা মতে ঘটনাটোৰ সময়ত পৰিয়ালৰ আন সদস্যসকল ঘৰত উপস্থিত নাছিল । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃক ততাতৈয়াকৈ ভিৱান্দিৰ ইন্দিৰা গান্ধী স্মাৰক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে জনোৱা মতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
আৰক্ষীয়ে কোৱা মতে অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । ইফালে সমগ্ৰ ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Indian shot dead in Mexico: মেক্সিকো চহৰত ডকাইতৰ আক্ৰমণত নিহত ভাৰতীয় নাগৰিক