ETV Bharat / bharat

Maharashtra political crisis: মুখ্যমন্ত্ৰীৰ বাংলোহে এৰিছো, সংকল্প নহয়: উদ্ধৱ ঠাকৰে - Maharashtra political crisis মুখ্যমন্ত্ৰীৰ বাংলো এৰিছো সংকল্প নহয় উদ্ধৱ ঠাকৰে

একনাথ চিন্দেৰ নেতৃত্বত গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠক চলি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিসম্বাদীলৈ এৰিছে শেল (Maharashtra Cm) । ৰাজনৈতিক সংগঠন আৰু এমভিএ চৰকাৰৰ অস্তিত্বৰ আশংকা দূৰ কৰিবলৈ দলৰ কৰ্মকৰ্তাসকলৰে বাৰ্তালাপ।তেওঁৰ নেতৃত্বত থকা দলটোৱেই "প্ৰকৃত শিৱসেনা" বুলি দাবী ।

cm Thackeray
Maharashtra political crisis: মুখ্যমন্ত্ৰীৰ বাংলো এৰিছো সংকল্প নহয়:উদ্ধৱ ঠাকৰে
author img

By

Published : Jun 24, 2022, 10:09 PM IST

নেচনেল ডেস্ক,২৪জুন : একনাথ চিন্দেৰ নেতৃত্বত গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠক চলি থকাৰ মাজতে শিৱসেনাৰ সভাপতি তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই শুকুৰবাৰে তেওঁৰ দলৰ কৰ্মকৰ্তাসকলৰে মিলিত হয় ( Maharashtra Cm Uddhav Thackeray met party functionaries)। তেওঁৰ ৰাজনৈতিক সংগঠন আৰু এমভিএ চৰকাৰৰ অস্তিত্বৰ আশংকা দূৰ কৰিবলৈ দলৰ কৰ্মকৰ্তাসকলৰে মিলিত হোৱা বুলি জানিব পৰা গৈছে ।

মধ্য মুম্বাইৰ দাদৰৰ শিৱসেনা ভৱনত সমবেত দলৰ জিলা গোটৰ মুৰব্বী আৰু 'সম্পৰ্ক প্ৰমুখ'সকলক দিয়া ভাৰ্চুৱেল ভাষণত মুখ্যমন্ত্ৰী ঠাকৰেয়ে কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন খালী কৰিছে যদিও তেওঁৰ সংকল্প অটুট আছে ’’ । দলটোৱে আগতে সন্মুখীন হোৱা বিদ্ৰোহ স্বত্বেও দুবাৰ ক্ষমতালৈ আহিছিল । মই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন 'বৰ্ষা' এৰিছো কিন্ত মোৰ সংকল্প নহয়,"তেওঁ কয় ।

ঠাকৰেয়ে লগতে কয় যে যোৱা আঢ়ৈ বছৰত তেওঁ ক'ভিড-১৯ মহামাৰীৰে যুজিছে । লগতে নিজৰ বেয়া স্বাস্থ্যৰ সৈতেও যুঁজ দিছে । কিন্তু বিৰোধীসকলে এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰা বুলি আৱেগিক ভাবে কয় । তেওঁ ৰাজনৈতিক সংগঠন আৰু এমভিএ চৰকাৰৰ অস্তিত্বৰ আশংকা দূৰ কৰিবলৈ চেষ্টা অব্য়াহত ৰখা বুলিও উল্লেখ কৰে । মুখ্যমন্ত্ৰী ঠাকৰেই পুনৰ দাবী কৰে যে তেওঁৰ নেতৃত্বত থকা দলটোৱেই "প্ৰকৃত শিৱসেনা"।

উল্লেখ্য় যে মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়ত শিৱসেনাৰ নেতা আৰু মন্ত্ৰী আদিত্য ঠাকৰে শিৱসেনা ভৱনত উপস্থিত থাকে (Minister Aditya Thackeray)। একনাথ চিন্দেৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত, মুখ্যমন্ত্ৰী ঠাকৰেয়ে বুধবাৰে নিশা দক্ষিণ মুম্বাইত থকা তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰি উপনগৰীয় বান্দ্ৰাৰ নিজ ঘৰলৈ যায় (Eknath Shindes Rebellion) ।

লগতে পঢ়ক:Maharashtra crisis : বিধায়ক কিনা-বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.