ETV Bharat / bharat

Buldhana mishap : বুলধানাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 1, 2023, 4:25 PM IST

শনিবাৰে পুৱাই মহাৰাষ্ট্ৰৰ বুলধানাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । যাত্ৰীবাহী বাছত অগ্নিসংযোগৰ ফলত ২৫ গৰাকী যাত্ৰীৰ মৃত্যু । ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী ।

Buldhana mishap
বুলধানাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,১ জুলাই : মহাৰাষ্ট্ৰৰ বুলধানাৰ পথ দুৰ্ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে শনিবাৰে আবেলি বুলধানা জিলাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । দুয়োগৰাকী নেতাই পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু আৰক্ষী তথা প্ৰশাসনৰ লোকসকলৰ সৈতে দুৰ্ঘটনা সম্পৰ্কে বাৰ্তালাপ কৰে ।

উল্লেখ্য যে শনিবাৰে পুৱাই বুলধানাত যাত্ৰীবাহী বাছখন দুৰ্ঘটনাত পতিত হয় । য'ত যাত্ৰীবাহী বাছখনত অগ্নিসংযোগৰ ফলত তিনিটা শিশুসহ ২৫ গৰাকী লোক অগ্নিদগ্ধ হয় ।

মহাৰাষ্ট্ৰৰ সমৃদ্ধি-মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো । ৩৩ গৰাকী যাত্ৰী আছিল বাছখনত । জানিব পৰা মতে ৭ গৰাকী লোক বৰ্তমানো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আহতসকলৰ মাজত বাছখনৰ চালক আৰু হেণ্ডিমেনো আছে বুলি জানিব পৰা গৈছে ৷ বাছখনৰ চালকজনে কোৱা মতে বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । যাৰ বাবে বাছখন পথত বাগৰি পৰিছিল আৰু এটা খুটাত খুন্দা মাৰে ।

ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে কয় যে এইটো এটা ভয়ংকৰ দুৰ্ঘটনা । সমৃদ্ধি-মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত বেছিভাগ দুৰ্ঘটনাই মানুহৰ ভুলৰ বাবে হয় বুলি তেওঁ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে এই দুৰ্ঘটনাটোক অতি গুৰুত্ব সহকাৰে লৈছে । প্ৰত্যক্ষদৰ্শীয়ে মুখ্যমন্ত্ৰীক জনোৱা মতে উদ্ধাৰকাৰী দল, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলো অতি কম সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় । কিন্তু বাছৰ দুৱাৰ বন্ধ থকাৰ বাবে তেওঁলোকে যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা নাছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহাৰাষ্ট্ৰৰ চৰকাৰে দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব । ইফালে ৰাজ্য চৰকাৰে মৃতকৰ আত্মীয়সকলক ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ ঘোষণা কৰিছে ।

ঘটনাস্থলী পৰিদৰ্শনৰ পাছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে বুলধানা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় । তাত তেওঁলোকে আহত লোকসকলৰ চিকিৎসাৰ বুজ লয় ।

আনহাতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কোৱা মতে দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ সমৃদ্ধি-মহামাৰ্গ এক্সপ্ৰেছৱেত এটা স্মাৰ্ট চিষ্টেম স্থাপন কৰা হৈছে । এই স্মাৰ্ট চিষ্টেমে বাহনৰ গতি পৰীক্ষা কৰিব আৰু তেওঁলোকক সতৰ্ক কৰি দিব। কিন্তু ই কাৰ্যকৰী হোৱাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি তেওঁ উল্লেখ কৰে । তাৰ পূৰ্বে চালকসকলৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব বুলিও উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Buldhana accident: জ্বলনশীল সামগ্ৰী থকাৰ বাবে জুই লাগিছিল বাছখনত: বীৰেন্দ্ৰ ডাৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.