নিউজ ডেস্ক, 10 জানুৱাৰী : মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰে বুধবাৰে মুখ্যমন্ত্ৰী একনাথ সিন্দেকে ধৰি শিৱসেনাৰ সিন্দে গোটৰ সকলো অৰ্থাৎ 16 জন বিধায়কক বৈধ বুলি ঘোষণা কৰে ৷ তেওঁ ৰায় দিয়ে যে 2022 চনত প্ৰতিদ্বন্দী দলৰ উদ্ভৱ হোৱাৰ সময়ত একনাথ সিন্দে নেতৃত্বাধীন গোটটো প্ৰকৃত শিৱসেনা ৰাজনৈতিক দল আছিল ৷
সিন্দে নেতৃত্বাধীন সেনা আৰু উদ্ধৱ ঠাকৰেৰ নেতৃত্বত প্ৰতিদ্বন্দী গোটৰ ইজনে সিজন বিধায়কৰ বিৰুদ্ধে দাখিল কৰা অযোগ্যতাৰ আৱেদনৰ ওপৰত তেওঁৰ ৰায় সন্দৰ্ভত নাৰৱেকাৰে এইদৰে কয় ৷ তেওঁ লগতে কয় যে সেনাৰ (ইউবিটি) সুনীল প্ৰভু 2022ৰ 21 জুনৰ পৰা হুইপ হোৱা বন্ধ হৈ যায় আৰু সিন্দে গোটৰ ভাৰত গোগাৱালে কৰ্তৃত্বপ্ৰাপ্ত হুইপ হৈ পৰে ৷
ৰায়দানৰ মূল কথা স্পষ্ট হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী সিন্দেৰ ফৈদৰ অনুগামীসকলৰ মাজত উলাহৰ সৃষ্টি হয় ৷ অধ্যক্ষগৰাকীয়ে লগতে কয় যে শিৱসেনা প্ৰমুখ (মুখ্য)ৰ কোনো নেতাক দলৰ পৰা অপসাৰণ কৰাৰ ক্ষমতা নাই ৷ দলৰ মুৰব্বীৰ ইচ্ছা আৰু দলৰ ইচ্ছা সমাৰ্থক বুলি কোৱা যুক্তিও তেওঁ মানি লোৱা নাছিল ৷
1999 চনৰ নিৰ্বাচন আয়োগক দাখিল কৰা দলীয় সংবিধানখনেই বিষয়সমূহ নিৰ্ণয়ৰ বাবে বৈধ সংবিধান আছিল আৰু 2018 চনৰ সংশোধিত সংবিধানৰ ওপৰত নিৰ্ভৰ কৰিব লাগে বুলি ঠাকৰে গোটৰ যুক্তি গ্ৰহণযোগ্য নহয় বুলিও তেওঁ লগতে কয় ৷ 1999 চনৰ সংবিধানে `ৰাষ্ট্ৰীয় কৰ্মকাৰীনী' (ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক)ক সৰ্বোচ্চ সংস্থা হিচাপে গঢ়ি তুলিছিল বুলিও তেওঁ কয় ৷
শিৱসেনাৰ বিধায়কসকলৰ অযোগ্যতা আৱেদন সন্দৰ্ভত সন্ধিয়া বিধানসভাৰ অধ্যক্ষই নিজৰ নিৰ্দেশ ঘোষণা কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁ আৰু কয় যে 2018 চনৰ দলীয় সংবিধানৰ ওপৰত নিৰ্ভৰ কৰিব লাগে বুলি আবেদনকাৰীৰ (উদ্ধৱ থাকৰে ফৈদৰ) মতামতৰ কথা মানি ল’ব নোৱাৰি ৷
মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ এই সিদ্ধান্তক শিৱসেনাৰ প্ৰতিষ্ঠাপক প্ৰয়াত বালাছাহেব ঠাকৰেৰ পুত্ৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে নেতৃত্বাধীন উদ্ধৱ বালাচাহেব ঠাকৰে (শিৱসেনা)ৰ বাবে এক ডাঙৰ জোকাৰণিত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : এন বীৰেণ সিঙে অস্বীকাৰ কৰিলে কে মেঘচন্দ্ৰৰ প্ৰস্তাৱ