ETV Bharat / bharat

ইতিহাসৰ পাতত 21 আগষ্টৰ দিনটো... - প্ৰথম বিশ্বযুদ্ধ

ইতিহাসৰ পাতত 21 আগষ্টৰ দিনটো...

Know important events of 21 August
ওস্তাদ বিছমিল্লা খানৰ মৃত্যু বাৰ্ষিকী
author img

By

Published : Aug 21, 2021, 12:14 PM IST

চিটাৰা ডেস্ক, ২১ আগষ্ট : ২০০৬ চনৰ ২১ আগষ্টৰ দিনটোতে বিশ্ব প্ৰসিদ্ধ শিল্পী তথা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰতৰত্ন' লাভ কৰা ওস্তাদ বিছমিল্লা খানৰ মৃত্যু হৈছিল । তেওঁৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত মহান শিল্পীগৰাকীক সমগ্ৰ বিশ্বতে স্মৰণ কৰা দেখা গৈছে । ওস্তাদ বিছমিল্লা খান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী মহান নায়ক, যিয়ে শাস্ত্ৰীয় সংগীতেৰে বেনাৰসৰ লোক সংগীতক তেওঁৰ শ্বেহনাইৰ দ্বাৰা বিশেষ মাত্ৰা দিবলৈ সক্ষম হৈছিল ।

যি শ্বেহনাইৰ সুৰে পবিত্ৰ গংগাৰ পাৰ, মন্দিৰ সকলোতে শুনিবলৈ পোৱা যায় । কেৱল এয়াই নহয় স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উৎসৱত ৰাজধানী দিল্লীত শুনিবলৈ পোৱা গৈছিল তেওঁৰ শ্বেহনাইৰ সুৰ । ভাৰততে নহয় সমগ্ৰ বিশ্বতে তেওঁ বিখ্যাত হৈ পৰিছিল । তেওঁৰ প্ৰচেষ্টাতে মন্দিৰ, বিবাহ অনুষ্ঠান আৰু জানাজা আদিত বজোৱা শ্বেহনাই আন্তৰ্জাতিক কলা মঞ্চত প্ৰতিধ্বনিত হ'বলৈ আৰম্ভ কৰিলে ।

২১ আগষ্টত বিশ্বৰ ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য গুৰুত্বপূৰ্ণ ঘটনাবোৰ তলত উল্লেখ কৰা হ'ল :

১৭৯০: জেনেৰেল মিডোছৰ নেতৃত্বত ব্ৰিটিছ সেনাই তামিলনাডুৰ ডিণ্ডিগুল দখল কৰে ।

১৯১৫ : প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।

১৯৩৮: ইটালীৰ হাইস্কুলসমূহত ইহুদী শিক্ষকসকলক নিষিদ্ধ কৰা হয় ।

১৯৪৪ - আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া আৰু চীনৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰসংঘ গঠনৰ পৰিকল্পনাক লৈ মিলিত হয় ।

১৯৫৯ : হাৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০তম প্ৰদেশ হিচাপে পৰিগণিত হয় ।

১৯৬৩ : বুদ্ধ মন্দিৰ পগোডাত অভিযানৰ প্ৰতিবাদত দক্ষিণ ভিয়েটনামত সামৰিক আইন ঘোষণা কৰা হয় ।

১৯৬৮ : চেকোস্লোভাকিয়াৰ স্থানীয় ৰেডিঅ'ৰ দ্বাৰা পাৰাগুৱেৰ ওপৰত ছোভিয়েট সংঘৰ নেতৃত্বত আক্ৰমণৰ কথা ঘোষণা কৰা হয় ।

১৯৯৭ : পূব চীনত ঘূৰ্ণীবতাহ ভিন্নিৰ ফলত ১৪০ গৰাকী লোকৰ মৃত্যু হয় আৰু ৩,০০০ লোক আহত হয় ।

১৯৮৬: কেমেৰুনত আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত নিৰ্গত হোৱা বিষাক্ত গেছৰ ফলত প্ৰায় ২,০০০ লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক: ZyCoV-D প্ৰতিষেধকে লাভ কৰিলে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.