ETV Bharat / bharat

Tragic road mishap: শোকাৱহ পথ দুৰ্ঘটনা, 15 জন লোকৰ মৃত্যু - 15 জন লোকৰ মৃত্যু

দুখনকৈ ৰাজ্যত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ দুয়োটা পথ দুৰ্ঘটনাত মুঠ 15 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

Tragic road mishap
শোকাৱহ পথ দুৰ্ঘটনা, 15 জন লোকৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:54 PM IST

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ : অভিশপ্ত দেওবাৰ ৷ একেদিনাই দুখনকৈ ৰাজ্যত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ দুয়োটা পথ দুৰ্ঘটনাত মুঠ 15 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰথমটো ঘটনা মধ্যপ্ৰদেশৰ বিদিশা জিলাত সংঘটিত হৈছে ৷ দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত 3 গৰাকী লোক মৃত্যু হোৱাৰ পৰিৱৰ্তে 3 গৰাকী লোক আহত হৈছে ৷

সোমবাৰে আৰক্ষী সূত্ৰই জনোৱা মতে, দেওবাৰে সন্ধিয়া জিলা সদৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত থকা চহৰৱাচা গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ তিনিজন বাইক আৰোহীয়ে দুখনকৈ বাইকেৰে আহি আছিল ৷ বাইক দুখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত তিনিজন বাইক আৰোহী থিতাতে নিহত হয় ৷ আন তিনিজন লোক আঘাতপ্ৰাপ্ত লোকক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷

এই খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ পাথাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ববিতা সিঙে ঘটনা সন্দৰ্ভত নিশ্চিত কৰি কয় যে, আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে দেওবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, নাছিকৰ এটা পৰিয়ালৰ 35 জন সদস্যই বুলধানাৰ চাইলানী বাবা দৰগাহ পৰিদৰ্শন কৰি ঘৰলৈ উভতি অহাৰ সময়তে তেওঁলোকৰ ট্ৰেভেলাৰ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷

ঔৰংগাবাদৰ আৰক্ষী অধীক্ষক মনীশ কালৱানিয়াই কয় যে , আৰটিঅ'ৰ দুজন কৰ্মীয়ে জাম্বাৰগাঁও টোল প্লাজাৰ পথৰ কাষত এখন ট্ৰাক ৰখাই থৈছিল ৷ ট্ৰেভেলাৰ খনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাত ৰৈ থকা ট্ৰাকখনত খু্ন্দা মাৰি দিয়াৰ ফলত 12 গৰাকী লোক থিতাতে মৃত্যুৰ মুখত পৰে৷ এই ঘটনাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে ৷ লগতে প্ৰতিজন মৃতকৰ আত্মীয়লৈ 2 লাখ টকাৰ সাহায্য ঘোষণা কৰে ৷

লগতে পঢ়ক: Sudan war : ছুডানত যুদ্ধৰ ৬ মাহতে প্ৰায় ৯০০০ লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.