ETV Bharat / bharat

সুৰা ট্ৰেজেডী : মধ্যপ্ৰদেশত মৃত্যুৰ সংখ্যা 24 লৈ বৃদ্ধি

author img

By

Published : Jan 14, 2021, 1:36 PM IST

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত উচ্চস্তৰীয় কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সম্প্ৰতি কমিটিৰ প্ৰতিবেদন অনুসৰি মৰেণা জিলাৰ উপায়ুক্ত অনুৰাগ বাৰ্মা আৰু আৰক্ষী অধীক্ষক অনুৰাগ চুনিয়াক অপসাৰণ কৰিছে ৷

সুৰা ট্ৰেজেডী: মধ্যপ্ৰদেশত মৃত্যুৰ সংখ্যা 24 লৈ বৃদ্ধি

নিউজ ডেস্ক,14 জানুৱাৰী : মধ্যপ্ৰদেশৰ মৰেণা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বিষাক্ত সুৰা সেৱনৰ ফলত বুধবাৰ লৈকে 24 জনকৈ লোকৰ মৃত্যু হৈছে ৷ তাৰ ভিতৰত মৰেণা জিলাৰ তিনিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, এই লোক কেইজনৰ মৃত্যু অত্যাধিক সুৰা সেৱনৰ ফলত হৈছে নে বিষাক্ত সুৰা সেৱনৰ বাবে হৈছে সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

আন এক সূত্ৰই জনোৱা মতে, সুমাৱালী অঞ্চলৰ চাৰি গৰাকী আৰু মনপুৰ গাঁৱৰ সাত গৰাকীকৈ লোকে সোমবাৰে নিশা সন্দেহজনক বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক আঁকোৱালি লৈছে ৷ তাৰোপৰি আন কেইবাগৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁলোকক মৰেণা জিলা চিকিৎসালয় আৰু গোৱালিয়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

একেদৰে বৰ্তমানেও গোৱালিয়ৰ জিলাত 19 গৰাকী সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইপিনে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত উচ্চস্তৰীয় কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সম্প্ৰতি কমিটিৰ প্ৰতিবেদন অনুসৰি মৰেণা জিলাৰ উপায়ুক্ত অনুৰাগ বাৰ্মা আৰু আৰক্ষী অধীক্ষক অনুৰাগ চুনিয়াক অপসাৰণ কৰিছে ৷

লগতে পঢ়কঃ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.