নিউজ ডেস্ক, ১ নৱেম্বৰ : ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্কোৱে ঘোষণা কৰা ইউনেস্কো ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত ভাৰতৰ পৰা মধ্যপ্ৰদেশৰ গোৱালিয়ৰ আৰু কেৰালাৰ কোজিকোডে স্থান লাভ কৰিছে । ঘোষিত তালিকা অনুসৰি, ৫৫ খন নতুন চহৰৰ ভিতৰত ভাৰতৰ এই দুখন চহৰ অন্তৰ্ভুক্ত হৈছে ।
বিশ্ব সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, এই নতুন চহৰসমূহক তেওঁলোকৰ বিকাশৰ ৰণনীতিৰ অংশ হিচাপে সংস্কৃতি আৰু সৃজনশীলতাক ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু মানৱকেন্দ্ৰিক নগৰ পৰিকল্পনাত উদ্ভাৱনী পদ্ধতি প্ৰদৰ্শন কৰাৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে ।
বিশ্ব নগৰ দিৱসত ইউনেস্কোৰ মহানিৰ্দেশক অড্ৰে আজোলে এই স্বীকৃতিত অনুমোদন জনায় । যাৰ ফলত ইউনেস্কো ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত (ইউচিচিএন) আৰু ৫৫ খন চহৰ অন্তৰ্ভুক্ত কৰা হয় ।
গোৱালিয়ৰে 'সংগীত' শ্ৰেণীত এই আকাংক্ষিত তালিকাত স্থান লাভ কৰাৰ বিপৰীতে কোজিকোডে 'সাহিত্য' শ্ৰেণীত স্থান লাভ কৰে ।
ইউনেস্কোৰ নতুন ৫৫ খন চহৰৰ সম্পূৰ্ণ তালিকাত আছে বুখাৰা কাৰুশিল্প আৰু লোককলা, কাছাব্লাংকা মিডিয়া আৰ্টছ, চংকিং ডিজাইন, কাঠমাণ্ডু চলচ্চিত্ৰ, ৰিঅ' ডি জেনেৰিঅ' সাহিত্য আৰু উলানবাটাৰ কাৰুশিল্প আৰু লোককলা ।
উল্লেখ্য যে সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘৰ বিশ্ব নগৰ দিৱস ৩১ অক্টোবৰত পালন কৰা হয় ।
বিশ্ব সংস্থাটোৱে এক বিবৃতিত কয় যে আৰু ৫৫ খন চহৰৰ সৈতে ইউচিচিএন এতিয়া ১০০ খন দেশৰ ৩৫০ খন চহৰলৈ পৰিব্যাপ্ত হৈছে । এই চহৰকেইখন সাতটা সৃষ্টিশীল ক্ষেত্ৰত ব্যাপ্ত । এই ক্ষেত্ৰকেইটাই কাৰুশিল্প আৰু লোককলা, ডিজাইন, চলচ্চিত্ৰ, জ্যোতিৰ্বিজ্ঞান, সাহিত্য, মিডিয়া আৰ্ট আৰু সংগীতক প্ৰতিনিধিত্ব কৰে ।
"আমাৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কৰ চহৰসমূহে সংস্কৃতিৰ অন্তৰ্ভুক্তি বৃদ্ধি কৰা আৰু নগৰীয় স্থিতিস্থাপকতা আৰু বিকাশৰ বাবে সৃজনশীলতাৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছে ।" বিবৃতিটোত ইউনেস্কোৰ মহানিৰ্দেশক অড্ৰে আজোলেৰ উদ্ধৃতিৰে কোৱা হৈছে ।
ইউনেস্কোৰ মতে, পৰ্তুগালৰ ব্ৰাগাত ২০২৪ চনৰ ইউচিচিএন বাৰ্ষিক সন্মিলনত (১-৫ জুলাই, ২০২৪) অংশগ্ৰহণ কৰিবলৈ নতুনকৈ মনোনীত সৃষ্টিশীল চহৰসমূহক আমন্ত্ৰণ জনোৱা হৈছে । সন্মিলনখন পৰৱৰ্তী দশকৰ বাবে যুৱসকলক আগবঢ়াই অনাৰ বিষয়বস্তুৰ ওপৰত আয়োজন কৰা হৈছে ।
লগতে পঢ়ক :LPG Cylinder Price Hike : আকৌ মহঙা হ’ল ৰন্ধনগেছৰ চিলিণ্ডাৰ