ETV Bharat / bharat

এপ্ৰিলত ইন্দোৰত ১৫০০ৰো অধিক লোকৰ শেষকৃত্য সম্পন্ন - শ্মশানৰ কৰ্মচাৰী

কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা লুকুওৱাৰ অভিযোগ উত্থাপন হৈছে মধ্য প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে । শ্মশানত কৰ্মৰত হৈ থকা লোকসকলৰ মতে, যোৱা এপ্ৰিল মাহত ইন্দোৰৰ মাত্ৰ এখন শ্মশানত ১৫০০ৰো অধিক লোকৰ শেষকৃত্য সম্পন্ন হৈছে । এই সংখ্যা আৰু চৰকাৰে প্ৰকাশ কৰা মৃতকৰ সংখ্যাৰ মাজত আছে বৃহৎ পাৰ্থক্য ।

Madhya Pradesh government has been accused of hiding the Covid death toll
মধ্য প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে কৰ'ণা আক্ৰান্তৰ মৃত্যুৰ প্ৰকৃত সংখ্যা লুকুওৱাৰ অভিযোগ
author img

By

Published : May 3, 2021, 4:14 PM IST

নেশ্যনেল ডেস্ক,৩ মে': ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰকাশৰ ক্ষেত্ৰত মধ্য প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । কিয়নো চৰকাৰী তথ্যৰ সম্পূৰ্ণ বিপৰীত তথ্য প্ৰকাশ কৰিছে শ্মশানৰ কৰ্মচাৰীয়ে । শ্মশানত দিনে-নিশাই কাম কৰি থকা লোকসকলৰ মতে যোৱা এপ্ৰিল মাহত ইন্দোৰৰ মাত্ৰ এখন শ্মশানত ১৫০০ৰো অধিক লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ।

চৰকাৰী নথিত মৃতকৰ প্ৰকৃত সংখ্যা পঞ্জীয়নকৃত কৰা হৈছে যদিও দৈনিক তথ্য প্ৰকাশ কৰাৰ বাবে আহৰি নাই স্বাস্থ্য বিভাগৰ । আনহাতে, বিভাগটোৱে প্ৰকাশ কৰা তথ্য প্ৰকৃত তথ্যতকৈ পৃথক । সেয়ে প্ৰকৃত সত্য উদঘাটনৰ বাবে ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হয় ইন্দোৰৰ 'পঞ্চকুয্যা মুক্তিধাম' শ্মশানত ।

বছৰ বছৰ ধৰি শেষকৃত্য সম্পন্ন কৰি অহা এই শ্মশানৰ কৰ্মচাৰী পুনম বাবাৰ মতে, যোৱা ৩০ এপ্ৰিলত শ্মশানখনত মুঠ ৩৫টা জন লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । ইয়াৰ ভিতৰত ভিতৰত ২০ জন লোক কৰ'ণা আক্ৰান্ত ৰোগী আছিল । কিন্তু ৩০ এপ্ৰিলত স্বাস্থ্য বিভাৰ কৰ'ণা বুলেটিনত মাত্ৰ সাতজন ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্যহে উল্লেখ কৰা হৈছে ।

শ্মশানত কাম কৰা কৰ্মচাৰীজনে চৰকাৰী পৰিসংখ্যা নস্যাৎ কৰি কয় যে, যোৱা এপ্ৰিল মাহত ১৫০০ গৰাকী লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । শ্মশানৰ নথিত সন্নিৱিষ্ট তথ্য অনুসৰি, ৩০ এপ্ৰিললৈকে শ্মশানত প্ৰায় ১,০২৮ জনৰ শেষকৃত্য সম্পন্ন কৰা হৈছে । চহৰখনত মুঠ ৯ খন শ্মশান আছে ।

এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এজন শীৰ্ষ বিষয়াই কয় যে, মৃত্যুৰ সংখ্যাৰ তথ্য লাভ কৰিবলৈ চেষ্টা কৰি থকা হৈছে । আনহাতে, স্বাস্থ্য বিভাগৰ বিষয়াই এই বিষয়ৰ প্ৰশ্নবোৰ এৰাই চলি থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: তেলীয়ামূৰাক 'বন্যপ্ৰাণী ৰাজধানী' হিচাপে ঘোষণা কৰিব ত্ৰিপুৰা চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.