নিউজ ডেস্ক , ১০ জানুৱাৰী : দেশৰ ৰাজনীতিৰ বাবে এক দুখৰ খবৰ । গুজৰাটৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা ৰাজ্য়খনৰ ৪ বাৰকৈ মুখ্য়মন্ত্ৰীৰ আসন অলংকৃত কৰা মাধবসিংহ সোলাংকি আৰু নাই । ৯৪ বছৰ বয়সত গান্ধীনগৰৰ বাসগৃহত শনিবাৰে মৃত্য়ু হয় প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ । তেওঁৰ মৃ্ত্য়ুৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্য়ৰ তেওঁৰ সমৰ্থক লগতে কংগ্ৰেছ দলত শোকৰ ছাঁ পৰা দেখা গৈছে । কিয়নো ৰাজ্য়খনৰ বাবে তেওঁৰ যি অৱদান আছে সেয়া ৰাজ্য়বাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে ।
উল্লেখ যে গুজৰাটৰ ভৰুচ জিলাৰ পিলুদ্ৰ গাৱৰ এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা সোলাংকিয়ে ৰাজনীতিলৈ অহাৰ পূৰ্বে "গুজৰাট সমাচাৰ"ত সাংবাদিক হিচাবে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । পৰৱৰ্তী সময়ত তেওঁ ১৯৭৫ চনত গুজৰাট কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৭৬ চনৰ ২৪ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰীৰ আসনত বহে । ইয়াৰ পিছত তেওঁ ১৯৭৭ চনৰ ১০ এপ্ৰিলত পদত্য়াগ কৰে যদিও পুনৰ ১৯৮০ চনত মুখ্য়মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় । চাৰিবাৰকৈ মুখ্য়মন্ত্ৰীৰ আসনত বহাৰ উপৰিও সোলাংকি দুবাৰকৈ গুজৰাটৰ পৰা ৰাজ্য়সভাৰ সাংসদও আছিল ।
সোলাংকিয়ে ক্ষত্ৰীয়, হৰিজন, আদিবাসী আৰু মুছলমান ভোটাৰৰ যথেষ্ট সমৰ্থন লাভ কৰিছিল যাক কেএইচএএম সূত্ৰ হিচাপে দেশজুৰি বৰ্তমানেও চৰ্চিত । যাৰ বাবে ১৯৮৫ চনত কংগ্ৰেছ দলে বৃহৎ সফলতা লাভ কৰিছিল । জীৱনত তেওঁ যথেষ্ট সফলতা অৰ্জন কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ দায়িত্বও লৈছে ৷ তাৰ ভিতৰত বিদেশ পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব অন্যতম আছিল ।
বিজেপি চৰকাৰ বা নৰেন্দ্ৰ মোডীৰ পূৰ্বে একপ্ৰকাৰ গুজৰাটৰ ৰাজনীতি তেওঁৰ নিয়ন্ত্ৰণত আছিল । তেওঁৰ মৃত্য়ু কংগ্ৰেছ দলৰ কাৰণে এক বৃহৎ ক্ষতি; কিয়নো ১৯৮৫ চনত তেওঁৰ নেতৃত্বত ৰাজ্য়খনৰ নিৰ্বাচনত ১৮২ খন আসনৰ ১৪৯ খন আসনে কংগ্ৰেছ দলে লাভ কৰি এক বৃহৎ জয় সাব্য়স্ত কৰি এক অভিলেখ গঢ়িছিল । আনকি গুজৰাটত আটাইতকৈ বেছি আসনত জয় হৈ শাসনলৈ অহা সপ্তমজন মুখ্য়মন্ত্ৰী আছিল মাধবসিংহ সোলাংকি ।
১৯৮১ চনত সোলাংকিৰ নেতৃত্বধীন গুজৰাট চৰকাৰে বক্সি আয়োগৰ অনুৰোধত সামাজিক আৰু আৰ্থিকভাবে পিছ পৰা লোকৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ ৰাখিছিল । ইয়াৰ পিছতে ৰাজ্য়জুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল যত বহু লোকৰ মৃত্য়ু হৈছিল ।
সোলাংকিয়ে প্ৰথমবাৰৰ বাবে প্ৰাথমিক বিদ্য়ালয়ৰ মধ্য়াহ্ন ভোজন ব্য়ৱস্থাটো আনিছিল যিটো পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হয় । এই গৰাকী মহান নেতাৰ বিয়োগত এতিয়া মৰ্মাহত তেওঁৰ অনুগামী । ৰাজ্য়ৰ ভিন্ন প্ৰান্তত নেতাগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক :বৰ্তমানলৈকে ত্ৰিপুৰাত বাৰ্ড ফ্লুৰ কোনো স্পষ্টীকৰণ নাই