ETV Bharat / bharat

Ludhiana Gas leak case : কাৰখানালৈ ক্লিন চিট প্ৰশাসনৰ, বিষাক্ত গেছৰ বাবেহে মৃত্যু ১১ জনৰ - Ludhiana gas leak case

লুধিয়ানাৰ গেছ নিৰ্গমন ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদন দাখিল উপায়ুক্ত সুৰভি মালিকৰ (Ludhiana gas leak case investigation Report)। প্ৰতিবেদন অনুসৰি বিষাক্ত গেছৰ বাবে ১১ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ বাবে কোনো কাৰখানাক দোষাৰোপ কৰা নাই তদন্তকাৰী দলে ।

Ludhiana Gas leak case
বিষাক্ত গেছৰ বাবেহে মৃত্যু ১১ জনৰ
author img

By

Published : May 5, 2023, 11:12 AM IST

নেশ্যনেল ডেস্ক,৫ এপ্ৰিল : লুধিয়ানাৰ গেছ নিৰ্গমন ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদন দাখিল (Ludhiana gas leak case investigation Report)। লুধিয়ানাৰ উপায়ুক্ত সুৰভি মালিকে জ্ঞানপুৰা গেছ নিৰ্গমন গোচৰৰ দুপৃষ্ঠাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদন পঞ্জাৱ চৰকাৰক হস্তান্তৰ কৰে । ঘটনাৰ প্ৰাথমিক অনুসন্ধানত ঘটনা সংঘটিত কাৰখানাটোক ক্লিন চিট দিছে প্ৰশাসনে ৷ আনহাতে ১১ গৰাকী লোকৰ মৃত্যু হাইড্ৰজেন ছালফাইড গেছৰ বাবে হোৱা বুলিও প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে ।

সূত্ৰৰ মতে, অঞ্চলটোৰ যিকোনো কাৰখানাৰ দ্বাৰা যিকোনো ধৰণৰ আৱৰ্জনা বা ৰাসায়নিক পদাৰ্থ নলাত পেলাই দিয়া হৈছে বুলিও কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা হোৱা নাই । দণ্ডাধীশ পৰ্যায়ৰ প্ৰাথমিক তদন্তত কাৰখানাৰ মালিকসকলকো ক্লিন চিট দিয়া হৈছে (Ludhiana gas leak Magistrate level investigation)।

তদন্তৰ প্ৰতিবেদন অনুসৰি ১১ গৰাকী লোকৰ মৃত্যুৰ বাবে কোনো দায়ী নহয় । লুধিয়ানা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । দণ্ডাধীশ পৰ্যায়ত বিষয়টো অনুসন্ধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল । আনকি লুধিয়ানাৰ আৰক্ষী আয়ুক্তৰ দ্বাৰা এক পৃথক এছআইটি গঠন কৰা হৈছিল । ইফালে বিৰোধী দলৰ নেতাসকলে যি সন্দেহ কৰিছিল সেয়াই অৱশেষত হ'ল ।

গেছ নিৰ্গমনৰ ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু হোৱা স্বত্বেও কাকোৱে দোষাৰোপ নকৰাকৈ মৃত্যুৰ কাৰণ কেৱল হাইড্ৰজেন ছালফাইড গেছ বুলিহে প্ৰতিবেদনত প্ৰকাশ কৰা হ'ল (Ludhiana gas leak case)।

যদিও দুৰ্ঘটনাটো সংঘটিত হোৱা অঞ্চলটোৰ ওচৰত বৃহৎ সংখ্যক কাৰখানা আছে । বিৰোধী নেতাসকলে অভিযোগ কৰিছিল যে কাৰখানাবোৰৰ পৰা অহা নলা ঘৰুৱা আৱৰ্জনাৰ সৈতে মিহলি কৰা হৈছিল । কিন্তু অনুসন্ধানত একো প্ৰকাশ কৰা হোৱা নাই । প্ৰতিবেদনত কোৱা হৈছে যে নলাৰ ভিতৰৰ গেছবোৰ চলাচল নকৰাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । নিয়ম অনুসৰি গেছ ওলাই যোৱাৰ বাবে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চিমনি নিৰ্মাণ কৰাৰ প্ৰয়োজন । কিন্তু চিমনিৰ অভাৱৰ বাবে গেছ জমা হৈ আছিল আৰু সেই গেছ মানুহৰ ঘৰত নিৰ্গমন হয় । যাৰ ফলত প্ৰায় ১১ গৰাকী লোকৰ মৃত্যু হয় ।

লুধিয়ানাৰ সংসদীয় সদস্য ৰৱনীত বিট্টুয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণলৈ এখন পত্ৰও লিখিছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তদন্তৰ আহ্বান জনাইছে । লগতে কাৰখানাসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে । অৱশ্যে, এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও শুনানি অনুষ্ঠিত কৰে আৰু দুৰ্ঘটনাটোত মৃতকৰ পৰিয়ালৰ সদস্যসকলক ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কয় ।

লগতে পঢ়ক :Ludhiana Gas Leak Case : লুধিয়ানা গেছ নিৰ্গমন ঘটনাত সকলো সহায় আগবঢ়োৱা হৈছে; মুখ্যমন্ত্ৰী ভগৱন্ত মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.