ETV Bharat / bharat

LTTE trying to regroup: পুনৰুত্থানৰ বাবে কুচকাৱাজ চলাইছে এল টি টি ইয়ে !

এলটিটিইক মনত আছে নে আপোনাৰ ৷ আত্মঘাতী বোমা বিস্ফোৰণেৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা সন্ত্ৰাসবাদী সংগঠনটোৱে পুনৰ মূৰ দাঙি উঠাৰ পৰিকল্পনা কৰাৰ কথা প্ৰকাশ কৰিছে চোৰাংচোৱা সংস্থাই ৷

LTTE trying to regroup
LTTE trying to regroup
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:49 PM IST

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: পুনৰ মূৰ দাঙি উঠিবলৈ যো-জা চলাইছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক বোমাৰে হত্যা কৰা সন্ত্ৰাসবাদী সংগঠন এলটিটিই ৷ ভাৰতে শ্ৰীলংকাৰ কৰ্তৃপক্ষক শেহতীয়াকৈ অৱগত কৰা চোৰাংচোৱা তথ্যৰ পৰা অনুমান কৰিব পাৰি যে লিবাৰেশ্যন টাইগাৰছ অৱ তামিল ইলাম (এলটিটিই) এ সকলো সহানুভূতিশীল লোকক একত্ৰিত কৰি পুনৰ একগোট হোৱাৰ চেষ্টা কৰিছে ।

ভাৰতৰ প্ৰধান সন্ত্ৰাসবাদ বিৰোধী সংস্থা (এন আই এ)ৰ মতে, উত্তৰ-পূব শ্ৰীলংকাত ভিত্তি কৰি থকা নিষিদ্ধ তামিল উগ্ৰপন্থী সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ধন সংগ্ৰহৰ উদ্দেশ্যে এল টি টি ইৰ কেইবাজনো সমৰ্থক আৰু লিংকমেনে ড্ৰাগছ বেপাৰী হিচাপে কাম কৰি আহিছে ।

‘‘ভাৰতৰ শ্ৰীলংকা আৰু তামিলনাডু দুয়োখন দেশৰ এলটিটিইৰ সমৰ্থকসকলে ধন সংগ্ৰহ কৰি সন্ত্ৰাসবাদী সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰি আহিছে । ভাৰত চৰকাৰে শ্ৰীলংকাৰ কৰ্তৃপক্ষক সতৰ্ক কৰি দিছে ।’’ ভাৰতৰ নিৰাপত্তা প্ৰতিষ্ঠানৰ সৈতে কাম কৰা এজন বিষয়াই বৃহস্পতিবাৰে ইটিভি ভাৰতক এইদৰে কয় । আগষ্ট মাহত এন আই এয়ে শ্ৰীলংকা আৰু ভাৰতত এল টি টি ইক পুনৰুজ্জীৱিত কৰিবলৈ ধন সংগ্ৰহৰ বাবে ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত এটা গোচৰৰ মূল ষড়যন্ত্ৰকাৰী লিংগম ওৰফে আদি লিংগামক গ্ৰেপ্তাৰ কৰিছিল ।

সংস্থাটোৱে দাবী কৰে যে আদিৰ ঘনিষ্ঠ সম্পৰ্ক আছিল এই গোচৰৰ প্ৰধান সন্দেহযুক্ত গুণচেখৰন ওৰফে গুনাৰ সৈতে ৷ যিয়ে পুষ্পৰাজ ওৰফে পুকুট্টি কান্না আৰু হাজী চেলিম (পাকিস্তানত ভিত্তি কৰি থকা এজন যোগানকাৰী)ৰ সৈতে অবৈধ ড্ৰাগছ আৰু অস্ত্ৰৰ ব্যৱসায় চলাইছিল এল টি টি ইৰ পুনৰুজ্জীৱনৰ বাবে তিৰুচিত শিবিৰ পাতিছিল । ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে সন্ত্ৰাসবাদী সংগঠনটোক পুনৰুজ্জীৱিত কৰিবলৈ এলটিটিইৰ সমৰ্থকসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু সোণৰ সৰবৰাহত জড়িত হৈ পৰিছে ।

‘‘ভাৰত-শ্ৰীলংকা সীমান্তত সাগৰীয় পথেৰে সীমা অতিক্ৰম কৰি অবৈধ প্ৰব্ৰজন, জাল নোটৰ সৰবৰাহ আৰু ড্ৰাগছ আৰু অস্ত্ৰৰ সৰবৰাহ চলি আছে ।’’ বিষয়াগৰাকীয়ে কয় । বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় এখন সংসদীয় স্থায়ী সমিতিয়েও শেহতীয়া প্ৰতিবেদনত এই বিষয়সমূহৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে । লোকসভাৰ সাংসদ পি পি চৌধুৰীৰ অধ্যক্ষতাত গঠিত সমিতিখনে চৰকাৰৰ পৰা বিষয়সমূহ চম্ভালিবলৈ লোৱা পদক্ষেপৰ বিষয়ে জানিব বিচাৰিছিল ।

‘‘ভাৰত আৰু শ্ৰীলংকাৰ বিভিন্ন সংস্থাৰ মাজত চলি থকা নিৰাপত্তা সহযোগিতা দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হৈ পৰিছে । ভাৰত আৰু শ্ৰীলংকাৰ মাজত নিৰাপত্তা সহযোগিতাত সন্ত্ৰাসবাদ বিৰোধী, নিচাযুক্ত দ্ৰব্য সৰবৰাহ, সোণৰ সৰবৰাহ, মানৱ সৰবৰাহ আৰু অবৈধ প্ৰব্ৰজনৰ বিষয়সমূহৰ ওপৰত তথ্য বিনিময় জড়িত হৈ আছে ।’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰতিনিধিয়ে সমিতিখনক অৱগত কৰে ।

তদুপৰি, আন্তঃসংস্থা সহযোগিতা আৰু সমন্বয়ৰ সুবিধাৰ বাবে শ্ৰীলংকাৰ আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় । “ইয়াৰ উপৰিও গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অনুৰোধত কলম্বোত থকা ভাৰতীয় মিছনে নিয়মিতভাৱে বিভিন্ন গোচৰৰ তদন্তত তেওঁলোকৰ সহায়ৰ বাবে পাৰস্পৰিক আইনী সহায় চুক্তিৰ বিধানৰ অধীনত শ্ৰীলংকা চৰকাৰক জোৰ দি আহিছে ৷” মন্ত্ৰণালয়ে কয় ।

লগতে পঢ়ক: Chhattisgarh Election 2023 : বিজেপি শাসনলৈ আহিলে মষিমূৰ কৰিব নক্সালবাদ: অমিত শ্বাহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.