ETV Bharat / bharat

ভাৰতীয় সেনাৰ উপ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ বাবে সাজু চণ্ডি প্ৰসাদ মোহান্তি

author img

By

Published : Jan 27, 2021, 7:05 PM IST

সেনাৰ নতুন উপ প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব লেফটেনেন্ট জেনেৰেল চণ্ডী প্ৰসাদ মোহান্তিয়ে ৷ 1 ফেব্ৰুৱাৰীত মোহান্তিয়ে সেনাৰ উপ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ তেওঁ বৰ্তমান দক্ষিণ আৰ্মীৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ লেফটেনেন্ট জেনেৰেল এচ কে চাইনীৰ অৱসৰৰ পাছতে মোহান্তিয়ে উপ সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব ৷

চণ্ডি প্ৰসাদ মোহান্তি
চণ্ডি প্ৰসাদ মোহান্তি

নেচনেল ডেস্ক, 27 জানুৱাৰী: 1 ফেব্ৰুৱাৰীৰ পৰা লেফটেনেন্ট জেনেৰেল চণ্ডী প্ৰসাদ মোহান্তিয়ে সেনাৰ নতুন উপ প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ বৰ্তমান দক্ষিণ সেনাত কামাণ্ডাৰ হিচাপে সেৱা আগবঢ়াই থকা মোহান্তিয়ে লেফটেনেন্ট জেনেৰেল এচ কে চাইনীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছতে সেনাৰ উপ প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

ডেৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী কলেজ (আৰআইএমচি) আৰু নেচনেল ডিফেন্স একাডেমীৰ এগৰাকী প্ৰাক্তন ছাত্ৰ মোহান্তি ৰাজপুট ৰেজিমেন্টৰ জুন 1982 বেট্চৰ এগৰাকী ইনফেন্ট্ৰি অফিচাৰ ৷

সৈনিক হিচাপে তেওঁ নিজ কাৰ্যকালত বিভিন্ন কমাণ্ড আৰু কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত প্ৰশাসনিক আৰু ৰচদ পাতিৰ দিশ সহ বহুকেইটা দিশ পৰিচালনা কৰাৰ ক্ষেত্ৰত জেনেৰেল মোহান্তিৰ যথেষ্ট অভিজ্ঞতা আছে ৷

এম ফিল আৰু মেনেজমেন্টৰ ডিগ্ৰীধাৰী মোহান্তি শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰতিও যথেষ্ট আগ্ৰহী ৷ চীন, দক্ষিণ এচিয়া আৰু উত্তৰ পূবৰ ওপৰত তেওঁৰ বিস্তৃত অধ্যয়নে এই অঞ্চল সমূহৰ ওপৰত তেওঁক এগৰাকী বিশেষজ্ঞ কৰি তুলিছে ৷

ৱেলিঙটন ডিফেন্স চাৰ্ভিচেচ ষ্টাফ কলেজৰ এগৰাকী স্নাতক চণ্ডী প্ৰসাদ মোহান্তি দিল্লীৰ নেচনেল ডিফেন্স একাডেমীৰো এগৰাকী প্ৰাক্তন ছাত্ৰ ৷

লগতে পঢ়ক: পঞ্জাৱত হাই এলাৰ্ট জাৰী কৰিলে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.