ETV Bharat / bharat

লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক উপ সেনাপ্ৰধান হিচাপে নিযুক্তি

author img

By

Published : Jan 18, 2022, 7:14 PM IST

কেন্দ্ৰীয় চৰকাৰে ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক সেনাৰ পৰৱৰ্তী VCAS হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে (Gen Manoj Pandey will be next VCAS)। লেফটেনেণ্ট জেনেৰেল চিপি মোহান্তিৰ পাছতে জেনেৰেল পাণ্ডে হ'ব দেশৰ পৰৱৰ্তী VCAS ।

VCAS
লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে হ'ব ভাৰতৰ পৰৱৰ্তী VCAS

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : দেশবাসীয়ে পৰৱৰ্তী CDS নিযুক্তিৰ অপেক্ষাত থকাৰ সময়তে ভাৰতীয় সেনাৰ পৰৱৰ্তী VCAS(Vice Chief of Army Staff) নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে । সূত্ৰ মতে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক সেনাৰ পৰৱৰ্তী VCAS হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে । লেফটেনেণ্ট জেনেৰেল চিপি মোহান্তিৰ পাছতে জেনেৰেল পাণ্ডে হ'ব দেশৰ পৰৱৰ্তী VCAS (Gen Manoj Pandey will be next VCAS)। লেফটেনেণ্ট জেনেৰেল চিপি মোহান্তিয়ে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ কথা আছে ।

জেনেৰেল পাণ্ডেক ১৯৮২ চনৰ ডিচেম্বৰত কৰ্পছ অফ ইঞ্জিনিয়াৰচ (The Bombay Sappers)ত নিযুক্তি দিয়া হৈছিল । তেওঁ কেম্বাৰলীৰ (United Kingdom) ষ্টাফ কলেজৰ স্নাতক আৰু দিল্লীৰ আৰ্মি ৱাৰ কলেজ, মহু আৰু নেচনেল ডিফেন্স কলেজ NDC)ত হায়াৰ কমাণ্ডৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল । ৩৭ বছৰীয়া কাৰ্যাকলত পাণ্ডেয়ে অপাৰেচন বিজয় আৰু অপাৰেচন পৰাক্ৰমত সক্ৰিয় অংশগ্ৰহণ কৰিছিল ।

তেওঁ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত এটা অভিযন্তা ৰেজিমেণ্ট, ষ্ট্ৰাইক কৰ্পৰ অংশ হিচাপে এটা অভিযন্তা ব্ৰিগেড, নিয়ন্ত্ৰণ ৰেখাৰ কাষত এটা পদাতিক ব্ৰিগেড, পশ্চিম লাডাখত এটা মাউণ্টেইন ডিভিজন আৰু উত্তৰ-পূবৰ বিদ্ৰোহী অভিযান বিৰোধী এলেকাতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) নিয়োজিত এটা কৰ্পছক নেতৃত্ব দিছে ।

লেফটেনেণ্ট জেনেৰেল পাণ্ডে গুৰুত্বপূৰ্ণ অভিযানত অংশ লৈছে আৰু ইথিওপিয়া আৰু ইৰিট্ৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত মুখ্য অভিযন্তা হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁ সেনাৰ মুখ্য কাৰ্যালয়ত অনুশাসন, আনুষ্ঠানিক আৰু কল্যাণৰ বিষয়সমূহ চোৱাৰ বাবে মহানিৰ্দেশক হিচাপে কাম কৰিছে । উল্লেখযোগ্য যে, ৮ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছত এতিয়াও CDSৰ পদটো খালী হৈ আছে ।

লগতে পঢ়ক :Armed Forces chiefs pay tribute at National War Memorial : দিল্লীৰ যুদ্ধ স্মাৰকত সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.