ETV Bharat / bharat

অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বৃদ্ধি LPG গেছ চিলিণ্ডাৰৰ মূল্য - চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে এল পি জি গেছ চিলিণ্ডাৰ(LPG Gas Cylinder)ৰ মূল্য ৷ জানিব পৰা মতে, এহেজাৰ টকালৈকে বাঢ়িব পাৰে চিলিণ্ডাৰৰ মূল্য ৷

LPG Gas cylinder price hike
LPG গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি
author img

By

Published : Oct 1, 2021, 2:27 PM IST

নিউজ ডেস্ক, 1 অক্টোবৰ : অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বাঢ়িল এল পি জি গেছ চিলিণ্ডাৰ(LPG Gas Cylinder)ৰ মূল্য ৷ অৱশ্যে 19 কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰহে(Commercial Cylinder) মূল্যবৃদ্ধি(Price Hike) হোৱা বুলি জানিব পৰা গৈছে ৷ ৰাজসাহায্য নোহোৱা(Non Subsidy) ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 884.50 টকা ৷

খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ ওপৰত ভিত্তি কৰি ধাৰণা কৰা হৈছে যে, শীঘ্ৰেই এল পি জি গেছ চিলিণ্ডাৰ মূল্যইও 900 টকাৰ দেওনা পাৰ কৰিব ৷ জানিব পৰা মতে, নতুনকৈ 43 টকা বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৷

আনহাতে, গুৱাহাটী মহানগৰীত 14.3 কিল’গ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য (ৰাজসাহাৰ্যবিহীন) বৰ্তমান 933.50 টকা । ইয়াৰ পূৰ্বে ছেপ্তেম্বৰৰ মাহৰ আৰম্ভণিতে চৰকাৰী তৈল কোম্পানীসমূহে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছিল ৷

দেশৰ ভিন্ন প্ৰান্তত ৰন্ধন গেছৰ বৰ্তমান মূল্যৰ সবিশেষ-

মুম্বাইত 14.2 কিল’গ্ৰাম এল পি জি চিলিণ্ডাৰৰ মূল্য 884.5 টকা ৷

দিল্লীত 14.2 কিল’গ্ৰাম এল পি জি চিলিণ্ডাৰৰ মূল্য 884.50 টকা ৷

চেন্নাইত 14.2 কিল’গ্ৰাম এল পি জি চিলিণ্ডাৰৰ মূল্য 900.50 টকা ৷

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, এহেজাৰ টকালৈকে বাঢ়িব পাৰে চিলিণ্ডাৰৰ মূল্য ৷ চৰকাৰৰ আভ্যন্তৰীন মূল্যাংকণ(Internal Assessment)ৰ পৰা অনুমান কৰা হৈছে যে, এটা এলপজি চিলিণ্ডাৰ ক্ৰয়ৰ বিনিময়ত 1000 টকা আদায় দিবলগীয়া হ’ব পাৰে গ্ৰাহকে ৷

কেন্দ্ৰীয় চৰকাৰে ৰাজসাহায্য(Subsidy) সন্দৰ্ভত বহুবাৰ আলোচনা কৰিছে যদিও বৰ্তমানলৈকে কোনো আঁচনি প্ৰস্তুত কৰা নাই ।

লগতে পঢ়ক : চীনৰ উত্থানক লৈ কি ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.