ETV Bharat / bharat

Lovlina Borgohain Loses Quarters: কমনৱেলথ গেমছত পৰাস্ত লাভলীনা

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত পৰাজয় বৰণ লাভলীনা বৰগোঁহাইৰ (Commonwealth Games 2022) ৷ বুধবাৰে ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ বিপক্ষে ৰিঙত নামিছিল অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে ৷

lovlina borgohain loses quarters 70kg crashes out
কমনৱেলথ গেমছত পৰাস্ত লাভলীনা
author img

By

Published : Aug 4, 2022, 11:11 AM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্ট: বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত(Commonwealth Games 2022) অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ জীয়ৰী নয়নমণি শইকীয়াই স্বৰ্ণ পদক লাভ কৰাৰ পিছতেই ৰাজ্যবাসীয়ে দৃষ্টি নিবদ্ধ কৰিছিল লাভলীনা বৰগোহাঁইৰ ওপৰত ৷ বুধবাৰে ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ বিপক্ষে ৰিঙত নামিছিল অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে ৷

দুৰ্ভাগ্যৱশতঃ বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে লাভলীনাই ৷ ৰোজি একলেছ অৱ ৱেলছৰ আউট-পাঞ্চত কোৱাৰ্টাৰ ফাইনেল অতিক্ৰম কৰিবলৈ ব্যৰ্থ হয় লাভলীনাই ৷

মহিলাৰ 70 কিলোগ্ৰাম শাখাত, ৱেলছৰ ৰোজি একলেচে লাভলীনা বৰগোহাইনক 2-3 ৰ স্ক'ৰলাইনত পৰাস্ত কৰে ৷ প্ৰথম ৰাউণ্ডত লাভলীনাই 4-1 ত বিজয়ী হৈছিল যদিও শেষৰ দুটা ৰাউণ্ডত খেলুৱৈগৰাকী পৰাস্ত হয় ৷

আনহাতে বৃহস্পতিবাৰে ট্ৰেকত নামিব ধিং এক্সপ্ৰেছ হিমা দাস ৷ বিয়লি 3 বজাত ২০০ মিটাৰ দৌৰত অংশ ল’ব হিমাই ৷ এতিয়া সমগ্ৰ দেশবাসীয়ে হিমাৰ পৰা এটা পদক আহিব বুলি আশাবাদী ৷

লগতে পঢ়ক: CWG 2022: স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমৰ নয়নমণিয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.