ETV Bharat / bharat

ৰাজপথতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি পলায়ন যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 2:16 PM IST

কানপুৰৰ বিলহৌৰত পুৱাই এক হত্যাকাণ্ডক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে । ভাতৃৰ সৈতে বাইকত আহি থকা অৱস্থাত প্ৰেমিকাক ৰাজপথতে হত্যা কৰি থৈ যায় যুৱকে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

Kanpur murder
ৰাজপথতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি পলায়ন যুৱকৰ

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ কানপুৰত নৃশংস ঘটনা সংঘটিত হৈছে । ৰাজপথৰ মাজতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰিলে যুৱকে । যুৱতীগৰাকীক ছুৰী আৰু কুঠাৰেৰে ঘপিয়াই হত্যা কৰে প্ৰেমিক যুৱকজনে । প্ৰেমিকাক হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত যুৱকজনে । সমগ্ৰ ঘটনাটোক লৈ কানপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, ঘটনাটো কানপুৰৰ বিলহৌৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজেপুৰ গাঁৱৰ ঘাইপথত সংঘটিত হৈছে । দেওবাৰে পুৱা ঘাইপথত প্ৰেমিকাক ছুৰী আৰু কুঠাৰেৰে আক্ৰমণ কৰে আৰু ঘটনাস্থলীৰ পৰা যুৱকজনে পলায়ন কৰে । খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু সেই স্থানৰ পৰা হত্যাকাৰীয়ে ব্যৱহাৰ কৰা ছুৰী আৰু কুঠাৰ উদ্ধাৰ কৰে । একে সময়তে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে হত্যাকাণ্ডৰ তদন্তও আৰম্ভ কৰে ।

জানিব পৰা মতে, দেওবাৰে পুৱা যুৱতীগৰাকীয়ে ভাতৃৰ সৈতে বাইকেৰে ঘৰলৈ গৈ আছিল । তেওঁলোক ৰাজেপুৰ গাঁৱৰ ঘাইপথত উপস্থিত হোৱাৰ পাচতে পিছফালৰ পৰা আহি প্ৰেমিকজনে তেওঁলোকক ৰখায় । তাৰ পাচতে প্ৰেমিকে যুৱতীগৰাকীক কুঠাৰ আৰু ছুৰীৰে কেইবাবাৰো আক্ৰমণ কৰে । ফলত যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় । ইফালে হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্তজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

সমগ্ৰ ঘটনাটোৰ সাক্ষী হৈ ৰয় একাংশ স্থানীয় লোক । আৰক্ষী আৰু ফৰেনচিকৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰিছে । লগতে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু পলাতক হত্যাকাৰী প্ৰেমিকক বিচাৰি অভিযানো আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত বিলহৌৰৰ এচিপি অজয় ত্ৰিবেদীয়ে কয় যে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পাচতে এটা দল সেই স্থানত উপস্থিত হৈছে । কি কাৰণত যুৱকজনে প্ৰেমিকাক হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । আৰক্ষী বিষয়াগৰাকীৰ মতে ঘটনাটোৰ তদন্ত কৰি থকাৰ লগতে হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে স্থানীয় আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : যোৰহাটত চাঞ্চল্যকৰ ডকাইতিকাণ্ড, লুটি নিলে 16 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.