ETV Bharat / bharat

দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি - kejriwal asked to central govt

মুখ্যমন্ত্ৰী কেজৰিৱালে জনোৱা মতে ১০০ ৰো কম আইচিইউ বিচনা খালী আছে দিল্লীৰ হাস্পতালসমূহত । কেৱল বিচনাই নহয় অক্সিজেনকে ধৰি হাস্পতালসমূহত বিভিন্ন ধৰণৰ সামগ্ৰীৰ নাটনিয়ে দেখা দিছে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে আহ্বান জনোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে ।

দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি
দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি
author img

By

Published : Apr 18, 2021, 2:18 PM IST

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: ক'ভিডৰ দ্ৰুত সংক্ৰমণে অতি ভয়ংকৰ ৰূপ লৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত । দিল্লীত শেহতীয়াকৈ প্ৰতিদিনে প্ৰায় ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণাত । যাৰ বাবে এতিয়া চিন্তিত ৰাজ্য চৰকাৰ তথা দিল্লীৰ ৰাইজ । ইয়াৰ মাজতে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে দিল্লীৰ কেজৰিৱাল চৰকাৰ । যিটো হাৰত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে হাস্পতালত ৰোগীৰ সংখ্য়াই পুনৰবাৰ ভাবিবলৈ বাধ্য কৰিছে চৰকাৰক ।

মুখ্যমন্ত্ৰী কেজৰিৱালে জনোৱা মতে ১০০ ৰো কম আইচিইউ বিচনা খালী আছে দিল্লীৰ হাস্পতালসমূহত । কেৱল বিচনাই নহয় অক্সিজেনকে ধৰি হাস্পতালসমূহত বিভিন্ন ধৰণৰ বস্তুৰ নাটনিয়ে দেখা দিছে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে আহ্বান জনোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে কোৱা মতে দিল্লীত প্ৰায় ২৫,৫০০ নতুন ক'ভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে আৰু যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ৩০ শতাংশলৈ বৃদ্ধি পাইছে । কেজৰিৱালে কয় যে তেওঁ পুৱা এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতিছে আৰু অধিক বিচনা উপলব্ধ কৰাৰ বাবে আবেদন জনাইছে ।

মুখ্যমন্ত্ৰী কেজৰিৱালৰ মতে দিল্লীৰ বাবে অতি শীঘ্ৰে বিচনা আৰু অক্সিজেনৰ প্ৰয়োজন । লগতে বহু বিদ্যালয়, ক্ৰীড়া কমপ্লেক্স আৰু অন্যান্য চৰকাৰী ভৱনক ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে । তেওঁৰ মতে দিল্লীৰ চিকিৎসালয়সমূহৰ ১০,০০০ বিচনাৰ কমেও ৭,০০০ খন বিচনা কেৱল ক'ভিডৰ বাবে কেন্দ্ৰই সংৰক্ষণ কৰিব লাগে আৰু তাৎক্ষণিকভাৱে অক্সিজেনৰ যোগান নিশ্চিত কৰিব লাগে ।

দিল্লী চৰকাৰে অহা ২-৩ দিনৰ ভিতৰত যমুনা ক্ৰীড়া কমপ্লেক্স, ৰাধা স্বামী সৎসংগ বিয়াচ চৌহদ আৰু বিদ্যালয়ত ৬ হাজাৰ বিচনাৰ ব্যৱস্থা কৰিব । লগতে ৰোগীসকলৰ বাবে উচ্চ প্ৰবাহৰ অক্সিজেন বিচনাৰো ব্যৱস্থা কৰি আছে বুলি অৱগত কৰে কেজৰিৱালে ।

লগতে পঢ়ক:জামিনৰ পাছতে আন এক গোচৰত গ্ৰেপ্তাৰ দীপ সিদ্ধু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.