ETV Bharat / bharat

চীনা ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে নেপালক হেঁচা বেইজিঙৰ

চীনত উৎপাদিত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে নেপালক হেঁচা প্ৰয়োগ কৰিছে দেশখনে ৷ বেইজিঙে চীনত উৎপাদিত চিন'ভাক নামৰ প্ৰতিষেধকবিধ প্ৰয়োগ কৰাৰ বাবে নেপালক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ ৷ নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু কাঠমাণ্ডুৰ চীনা দূতাবাসৰ মাজৰ হোৱা গোপন নথি পত্ৰৰ ভিত্তিত উত্থাপিত হৈছে এই অভিযোগ ৷

author img

By

Published : Feb 8, 2021, 9:41 AM IST

Updated : Feb 8, 2021, 10:55 AM IST

china pressurised nepal to accept its covid vaccine

নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: চীনত উৎপাদিত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বেইজিঙে নেপালক হেঁচা দিয়াৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু কাঠমাণ্ডুৰ চীনা দূতাবাসৰ মাজৰ হোৱা গোপন নথি পত্ৰৰ পৰ্যালোচনাৰ সময়ত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ উক্ত গোপন নথি পত্ৰৰ প্ৰকাশ হোৱাৰ পাছতে এই কথা পোহৰলৈ আহিছে যে, চীনত উৎপাদিত ক'ভিড প্ৰতিষেধকৰ কাৰ্যকাৰিতা প্ৰমাণ নোহোৱাকৈয়ে বেইজিঙে হিমালয়ান দেশখনক উক্ত প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ৷

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু কাঠমাণ্ডুৰ চীনা দূতাবাসৰ মাজৰ গোপন নথি পত্ৰৰ ভিত্তিত নেপালৰ সংবাদ মাধ্যমত দেওবাৰে প্ৰকাশিত প্ৰতিবেদনত চীনে কেনেকৈ দেশখনৰ চিন'ফাৰ্মত উৎপাদিত চিন'ভাক নামৰ প্ৰতিষেধকবিধ প্ৰয়োগ কৰাৰ বাবে নেপালক হেঁচা প্ৰয়োগ কৰিছে সেই সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ পাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি চীনৰ বৈদেশিক মন্ত্ৰী ৱাঙ য়িয়ে নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালিৰ সৈতে শুকুৰবাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত দেশখনক কিছু চৰ্তসাপেক্ষে চিন'ভাক গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷ প্ৰথমে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতহে বাকী তথ্য প্ৰেৰণ কৰা হ'ব, এই চুক্তি সাপেক্ষে চীনে নেপালক ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে নেপালে শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ নকৰিলে প্ৰতিষেধকৰ বাবে বহু সময় অপেক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি চীনা দূতাবাসে পত্ৰখনত লগতে এইবুলিও উল্লেখ কৰে যে, প্ৰয়োজনীয় তথ্য পাছৰ পৰ্যায়ত প্ৰদান কৰা হ'ব কিন্তু প্ৰতিষেধক নেপালে আগতীয়াকৈ গ্ৰহণ কৰিব লাগিব ৷

এই ঘটনাৰ পূৰ্বে নেপালে চীনা দূতাবাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ উক্ত পত্ৰত চীনৰ পৰা যোগান ধৰা প্ৰতিষেধক সমূহৰ প্ৰয়োজনীয় নথি পত্ৰ নাই বুলি উল্লেখ কৰা হৈছিল ৷ নেপালৰ পত্ৰৰ প্ৰত্যুত্তৰত বৰ্তমান চিন'ভাকৰ যথেষ্ট চাহিদা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি চীনা দূতাবাসে নেপালক অতি শীঘ্ৰে প্ৰতিষেধক সমূহ গ্ৰহণৰ আহ্বান জনাই এই কথা উল্লেখ কৰিছিল যে প্ৰতিষেধক গ্ৰহণৰ সমান্তৰালকৈ নতুবা পাছত হ'লেও নথি পত্ৰ সমূহ নেপালে লাভ কৰিব পাৰিব ৷ কিন্তু প্ৰতিষেধক শেষ হ'লে নেপালে পুনৰ প্ৰতিষেধক সংগ্ৰহ কৰাত সমস্যাৰ সৃষ্টি হ'ব ৷

লগতে পঢ়ক: চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ

Last Updated : Feb 8, 2021, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.