ETV Bharat / bharat

Lawyer shot dead in Ghaziabad : গাজিয়াবাদত চেম্বাৰতে অধিবক্তাক গুলীয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:23 PM IST

বুধবাৰে গাজিয়াবাদত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। চেম্বাৰত বহি থকা অৱস্থাতে অধিবক্তাক গুলীয়াই হত্যা। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Lawyer shot dead in Ghaziabad
গাজিয়াবাদত সংঘটিত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, 30 আগষ্ট : বুধবাৰে গাজিয়াবাদত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন অধিবক্তাক ৷ অধিবক্তাগৰাকীৰ নাম মনু চৌধুৰী বুলি জানিব পৰা গৈছে৷ দুপৰীয়া প্ৰায় 2 বজাত তহচিল কমপ্লেক্সত অৱস্থিত নিজৰ চেম্বাৰত বন্ধুৰ সৈতে আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ এনে অৱস্থাতে দুস্কৃতিকাৰীয়ে আহি অধিবক্তাজনৰ বুকুত গুলীয়াই হত্যা কৰে ৷ পৰিয়ালকেন্দ্ৰীক বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে ৷

গাজিয়াবাদ তহচিলৰ অন্তৰ্গত ছিহানী গেট থানা এলেকাৰ গান্ধীনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ অধিবক্তাগৰাকীৰ হত্যাকাণ্ডৰ পিছতে আদালত চৌহদত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে অধিবক্তাসকল ৷ তহচিল উকীল সন্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মনুৱে ৷ ডিচিপি নিপুন আগৰৱালাই জানিবলৈ দিয়া মতে, বুধবাৰে দিনৰ 2 বজাত আৰক্ষীয়ে তেওঁক চেম্বাৰত দুজন লোকে গুলীয়াই হত্যা কৰাৰ তথ্য লাভ কৰে ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ এই ঘটনাৰ তদন্ত চলি আছে ৷

ডিচিপি গৰাকীয়ে জনোৱা মতে, মনুৰ পত্নী কবিতা চৌধাৰীয়ে 5 জন লোকৰ বিৰুদ্ধে অভিযোগ দিছে ৷ মনুৰ ভিনিহিয়েক অমিত ডাগৰ, ভিনিহিয়েক ভায়েক নীতিন দাগৰ, ভিনিহিয়েকৰ পিতৃ মদন আৰু আন দুজন ব্যক্তিক অভিযুক্ত কৰা হৈছে ৷ ইয়াৰ পূৰ্বে মাতৃৰ ওপৰত গুলী চলোৱাৰ অপৰাধত জেললৈ গৈছিল অমিত ডাগৰ ৷ ইয়াৰে এজন অভিযুক্ত নীতিনে গাজিয়াবাদ তহচিলতো প্ৰেকটিছ কৰে ৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গঠন কৰা হৈছে তদন্তকাৰীৰ দল ৷

আৰক্ষীয়ে চাৰিওফালৰ চিচিটিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰিছে ৷ ঘটনাৰ পিছতে অধিবক্তাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷ এই গোচৰত অধিবক্তাসকলে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৷ অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আৰক্ষীক দাবী জনাইছে অধিবক্তাসকলে ৷

বাৰ এছ’চিয়েশ্যনৰ সভাপতি অশোক বাৰ্মাই জনোৱা মতে, মনুৰ চাৰিগৰাকী ভগ্নী, দুটা সন্তান আৰু পত্নী আছে ৷ ঘৰখনত তেওঁ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৷ বুধবাৰে হাপুৰত সংঘটিত হোৱা গোচৰক লৈ তহচিলত আলোচনা চলি আছিল ৷ একে সময়তে মনু চৌধুৰীৰ 95 নম্বৰ চেম্বাৰলৈ আহি দুজন অচিনাকি দুষ্কৃতিকাৰীয়ে এই অপৰাধ সংঘটিত কৰে ৷ সেই সময়ত মনুৰ চেম্বাৰত আন এজন ব্যক্তিও উপস্থিত আছিল, যিজন প্ৰত্যক্ষদৰ্শী ৷

ইতিমধ্যে এই হত্যাৰ সন্দৰ্ভত এটা চিচিটিভি ফুটেজ পোহৰলৈ আহিছে ৷ চিচিটিভি ফুটেজত বাইক চলাই, মুখাপিন্ধা দুৰ্বৃত্ত তহচিললৈ অহা দেখা গৈছে ৷ এই চিচিটিভি ফুটেজ আৰক্ষীৰ বাবে এটা গুৰুত্বপূৰ্ণ সূত্ৰ ৷ দুৰ্বৃত্ত কেইটা ক'ত পলাই গৈছে জানিবলৈ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে ৷ দুই বজাৰ পূৰ্বে দুৰ্বৃত্ত আদালত চৌহদত প্ৰৱেশ কৰিছিল ৷

লগতে পঢ়ক : GP Singh tweet: অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ; বিৰোধী নেতাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.