ETV Bharat / bharat

Rijiju letter to CJI: বিৰোধীৰ সমালোচনাত থকা-সৰকা আইন মন্ত্ৰী কিৰেণ ৰিজিজু - National Judicial Appointments Commission

দেশৰ মুখ্য ন্যায়াধিশ ডি ৱাই চন্দ্ৰচূড়লৈ ন্যায়াধীশ নিৰ্বাচনত চৰকাৰী প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ পত্ৰ ৷ এই পত্ৰৰ পিছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকী ৷ ন্যায় ব্যৱস্থাক চৰকাৰে হস্তক্ষেপ কৰিব বিচৰাৰ অভিযোগ বিৰোধীৰ ৷

Rijiju letter to CJI
বিৰোধীৰ সমালোচনাত থকা-সৰকা আইন মন্ত্ৰী কিৰেণ ৰিজিজু
author img

By

Published : Jan 16, 2023, 8:27 PM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী তথা আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে(Union Law Minister Kiren Rijiju) দেশৰ মুখ্য ন্যায়াধিশ ডি ৱাই চন্দ্ৰচূড়(DY Chandrachud) লিখা এখন পত্ৰৰ পিছতেই বিৰোধীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(Union Law minister letter to CJI) ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ন্যায়াধীশ নিৰ্বাচনত প্ৰক্ৰিয়াত চৰকাৰী মনোনীত ব্যক্তিক অন্তৰ্ভুক্ত কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰশেখৰলৈ পত্ৰ লিখিছিল ৷ কেন্দ্ৰী মন্ত্ৰী কিৰেণ ৰিজিজুৰ দাবী যে, যদিহে চৰকাৰী প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হয় তেন্তে ন্যায়াধীশ নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু ৰাজহুৱা হ’ব ৷

ৰিজিজুৰ এই পত্ৰৰ পিছতেই এতিয়া বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক(Opposition slams Kiren Rijiju) ৷ চৰকাৰে ন্যায়পালিকাক হস্তক্ষেপ কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে ৷ বিশেষকৈ কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে, আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ন্যায়পালিকাৰ ওপৰত বাবে বাবে কৰা আক্ৰমণ আৰু দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে(Vice President Jagdeep Dhankhar) ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ(National Judicial Appointments Commission) আইনক প্ৰত্যাহাৰ কৰিবলৈ কৰা সমালোচনা হৈছে ভাৰতৰ ন্যায় ব্যৱস্থান ভীতিগ্ৰস্ত কৰিবলৈ কৰা এক বৃহৎ পৰিকল্পনাক অংশ ৷

ভাৰতৰ স্বতন্ত্ৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত উপ-ৰাষ্ট্ৰপতিৰ আক্ৰমণ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীৰ আক্ৰমণ ন্যায়পালিকাক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ ৰচা এক ষড়যন্ত্ৰ বুলি আখ্যা দিছে কংগ্ৰেছে(Congress slams Union Law minister) ৷ লগতে কংগ্ৰেছে কয় যে, ‘‘ন্যায় প্ৰক্ৰিয়াত কিছু সংশোধনৰ নিশ্চয় প্ৰয়োজন ৷ কিন্তু চৰকাৰে যি কৰিব বিচাৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ চৰকাৰে যি কৰিব বিচাৰিছে সেয়া ন্যায়ব্যৱস্থাৰ বাবে এক বিষাক্ত পিল সদৃশ ৷ ’’

বিৰোধীৰ তীব্ৰ সমালোচনাৰ পিছতেই মুখ খুলিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ টুইট যোগে তেওঁ কয় যে,‘‘ সুবিধাজনক ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য নহয়, বিশেষ কৈ ন্যায়পালিকাৰ নামত ৷ ভাৰতত সংবিধান সৰ্বোচ্চ আৰু ইয়াৰ উৰ্ধত আন একো নাই ৷ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰী প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে কৰা দাবীৰ মূলতে হ’ল ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ আইনৰ প্ৰত্যাহাৰৰ সময়ত উচ্চতম ন্যায়ালয়ক উচিত পৰামৰ্শ প্ৰদান কৰা ৷’’

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও(Arvind Kejriwal) চৰকাৰে ন্যায়াধীশ বিচাৰ প্ৰক্ৰিয়াত চৰকাৰী প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিবলৈ কৰা চেষ্টাক তীব্ৰ সমালোচনা কৰে ৷ অৱশ্যে আইন মন্ত্ৰীৰ আহ্বান সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কি ৰায়দান দিয়ে সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: MM Keeravaani expresses gratitude to Ramoji Rao: RRR সংগীত পৰিচালক এম এম কীৰাৱানীৰ ৰামোজী ৰাৱক কৃতজ্ঞতা জ্ঞাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.