নেশ্যনেল ডেস্ক,৫ মে': মহাত্মা গান্ধীৰ ঘনিষ্ঠ সচিব ভি কল্যাণমে মঙলবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ ৷ বুধবাৰে দিনৰ প্ৰায় ১.৩০ বজাত বেসন্ত নগৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । ভি. কল্যাণমে মহাৰাষ্ট্ৰৰ সেৱাগ্ৰাম আশ্ৰমত মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ গান্ধীলৈ বহু ভাষাত চিঠিসমূহ প্ৰেৰণ কৰিছিল ।
কল্যাণমে সেৱাগ্ৰাম আশ্ৰমত মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে চাৰি বছৰ কাম কৰিছিল । মহাত্মা গান্ধীক হত্যা কৰাৰ সময়তো তেওঁ গান্ধীৰ সৈতে একেলগে আছিল । ১৯২২ চনৰ ১৫ আগষ্টত চিমলাত জন্মগ্ৰহণ কৰিছিল ভি কল্যাণমে । ১৯৪৪ চনৰ পৰা ১৯৪৮ চনলৈ মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে আছিল ।
লগতে পঢ়ক: ত্ৰিপুৰা আৰক্ষীৰ বিৰুদ্ধে সমালোচনাত সৰৱ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ