ETV Bharat / bharat

Drug Seized in India Bangladesh Border : ভাৰত-বাংলা সীমান্তত জব্দ 14 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী - কোচবিহাৰত দুগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

সীমান্তৰে অব্যাহত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিলে বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰে (BSF Guwahati Frontier seized huge amounts of drug) ৷ বুধবাৰে জব্দ কৰা এই নিচাজাতীয় সামগ্ৰীৰ আনুমানিক বজাৰমূল্য 14 লাখ টকা ৷

Large quantity of illegal narcotics seized in Indo Bangladesh border
অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ
author img

By

Published : Jan 20, 2022, 8:22 PM IST

গুৱাহাটী, 20 জানুৱাৰী : বিগত দুদিন পূৰ্বে বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰে পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত দুজন বাংলাদেশী গ্ৰেপ্তাৰ কৰিছিল ৷ এই ঘটনাৰ পিছত বুধবাৰৰ নিশা পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তৰ এখন গাঁৱত বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ কৰে বিএছএফৰ এটা দলে (BSF Guwahati Frontier seized huge amounts of drug) ৷ সীমান্ত অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰাং ব্যৱসায়ী তথা অনুপ্ৰৱেশকাৰীৰ সংখ্যা ৷

বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিএছএফৰ ২৭ নং বেটালিয়নে কোচবিহাৰৰ শীতলখুদি থানাৰ আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় ৷ বুধবাৰৰ নিশা কোচবিহাৰ জিলাৰ গোলেনাহাটি গাঁৱত চলোৱা এই অভিযানত চাইবুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী (Large quantity of illegal narcotics seized in India Bangladesh border) ৷

চাইবুল ইছলামৰ ঘৰত অভিযানকাৰী দলটোৱে প্ৰায় ৭,৪০০ টা কফ চিৰাপৰ বটল আৰু ২৭ কিল’গ্ৰাম গাঞ্জা জব্দ কৰে ৷ জব্দ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ লাখ টকা হ’ব বুলি অভিযানকাৰী দলটোৱে প্ৰকাশ কৰিছে ৷ উক্ত সামগ্ৰীখিনি পৰৱৰ্তী সময়ত শীতলখুদি থানাত হস্তান্তৰ কৰা হয় ৷ বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰে প্ৰকাশ কৰা অনুসৰি, অবৈধ নিচাজাতীয় সামগ্ৰীখিনি ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ বাবে পৰিকল্পনা কৰা হৈছিল ৷

উল্লেখ্য যে, বিগত ১৭ জানুৱাৰীত বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰে পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তত কোচবিহাৰ জিলাৰ অন্তৰ্গত দিনহাটা গাঁৱত বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা দুগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে চাওক: Tripura police arrest cannabis suppliers: ত্ৰিপুৰাত ৩০ লাখ টকাৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.