ETV Bharat / bharat

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ নোযোৱাই ভাল- লালু প্ৰসাদ যাদৱ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 1:58 PM IST

Lalu Yadav On Ram Mandir : RJD ৰ নেতা লালু প্ৰসাদ যাদৱে ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে বুলি জানিবলৈ দিয়ে ৷

Lalu Yadav On Ram MandirLalu Yadav On Ram Mandir
অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ নোযোৱাই ভাল- লালু প্ৰসাদ যাদৱ

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী : ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে অহা ২২ জানুৱাৰীত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰে ৷ পাটনাত সাংবাদিকৰ সৈতে এক বাৰ্তালাপত তেওঁ এই কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে তেওঁ কাহানিও অযোধ্য়ালৈ যোৱা নাই ৷

দেশজুৰি এতিয়া সৰ্বত্ৰে চৰ্চা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ খবৰ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা নকৰাক লৈ দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে ৷ বিৰোধীয়ে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা কৰা ঠাইক লৈ বিজেপি চৰকাৰক তুলাধূনা দিয়াৰ লগতে এই প্ৰাণ প্ৰতিষ্ঠা এক ৰাজনৈতিক অভিসন্ধি বুলিহে মত প্ৰকাশ কৰিছে ৷ বুধবাৰে 75 বছৰীয়া জ্যেষ্ঠ নেতা লালু প্ৰসাদ যাদৱে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত এতিয়া যোৱাতকৈ তেওঁ পৰৱৰ্তী সময়ত ভালকৈ গৈ আশীৰ্বাদ ল’ব বুলি মত প্ৰকাশ কৰিছে ৷

ৰাম মন্দিৰৰ প্ৰসংগত RJD নেতাৰ গা এৰা মন্তব্য : অযোধ্যাত সাজু হৈছে ভগৱান শ্ৰী ৰামৰ বিশাল মন্দিৰ । অহা 22 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত ৰাম মন্দিৰত ৰামলালাক প্ৰতিষ্ঠা কৰা হ’ব ৷ এই সন্দৰ্ভত লালু প্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তথা বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও ৰাম মন্দিৰৰ সমাৰোহ সম্পৰ্কে এটা মন্তব্য প্ৰদান কৰিছিল । তেওঁ কৈছিল যে, আপুনি যিফআলেই চাই সকলোতে ৰাম মন্দিৰ ৰাম মন্দিৰ হৈ আছে ৷ যদি আপোনাৰ ভোক লাগিছে, আপুনি মন্দিৰলৈ গ’লে তাত খাদ্য পাব নেকি? যদি আপুনি অসুস্থ তেনেহ’লে চিকিৎসালয়লৈ নগৈ মন্দিৰলৈ যাব নেকি ?

ইফালে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শৰদ পাৱাৰেও অনুষ্ঠানটোত উপস্থিত নাথাকে বুলি ঘোষণা কৰি, তেওঁ পিচত মন্দিৰ দৰ্শন কৰিব বুলি কৈছিল ৷ প্ৰাণ প্ৰতিষ্ঠাৰ পৰৱৰ্তী সময়ত সময় উলিয়াই মন্দিৰ দৰ্শনৰ বাবে যাব বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে তেতিয়ালৈ মন্দিৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হ’ব ৷

লগতে পঢ়ক: শীঘ্ৰে আসন ভাগ-বতৰাৰ সমস্যা সমাধান কৰা হ’ব বুলি ঘোষণা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.