ETV Bharat / bharat

এইমছত চলি থাকিব লালুৰ চিকিৎসা - Lalu Yadav health

পুত্ৰ তেজস্বী যাদৱে ঘোষণা কৰা মতে লালু প্ৰসাদ বৃক্কৰ গুৰুতৰ সংক্ৰমণত ভোগী আছে । উশাহ-নিশাহৰ সমস্যাও দেখা দিছে যাৰ বাবে এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

এইমছত চলি থাকিব লালুৰ চিকিৎসা
এইমছত চলি থাকিব লালুৰ চিকিৎসা
author img

By

Published : Apr 17, 2021, 7:49 PM IST

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে । অৱশ্যে জামিন মঞ্জুৰ কৰিলেও আৰোগ্য নোহোৱালৈ দিল্লীৰ এইমছতে থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

পুত্ৰ তেজস্বী যাদৱে পাটনাৰ কৰ'ণা সংকট সন্দৰ্ভত এক সৰ্বদলীয় বৈঠকৰ পিছতে ঘোষণা কৰা মতে লালু প্ৰসাদ বৃক্কৰ গুৰুতৰ সংক্ৰমণত ভোগী আছে । উশাহ-নিশাহৰ সমস্যাও দেখা দিছে যাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । ইফালে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে পুত্ৰ তেজস্বী যাদৱে লগতে কয় যে দেশৰ ন্যায়পালিকাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে ।

ইফালে লালু প্ৰসাদৰ অধিবক্তা আনন্দ ভিজে কয় যে তেওঁক ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন দিয়া হৈছে । ইয়াৰ উপৰিও, তেওঁ ১০ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব আৰু লগতে আদালতত তেওঁৰ পাছপৰ্ট সমৰ্পণ কৰিব লাগিব ।

লগতে পঢ়ক:কেৰালাত ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত ভ্ৰমণকাৰীৰ পঞ্জীয়ন বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.