ETV Bharat / bharat

ক্ৰমাৎ সুস্থ লালু প্ৰসাদ যাদৱ

এইমছত চিকিৎসাধীন লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য় পূৰ্বতকৈ কিছু উন্নত হোৱাৰ লগে লগে বৃহস্পতিবাৰে কাৰ্ডিয়াক ইনটেনছিভ কেয়াৰ ইউনিট (চিআইচিইউ)ৰ পৰা এটা ব্যক্তিগত ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে । এইমছৰ হৃদৰোগ বিশেষজ্ঞ ড০ ৰাকেশ যাদৱৰ তত্বাৱধানত চিকিৎসালয়ৰ চিআইচিইউত ৰখা হৈছিল নেতাগৰাকীক ।

ক্ৰমাৎ সুস্থ লালু প্ৰসাদ যাদৱ
ক্ৰমাৎ সুস্থ লালু প্ৰসাদ যাদৱ
author img

By

Published : Jan 29, 2021, 12:54 PM IST

Updated : Jan 29, 2021, 1:06 PM IST

নিউজ ডেস্ক , ২৯ জানুৱাৰী : বিহাৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ শুভাকাংশীৰ বাবে এক ভাল খবৰ । ক্ৰমাৎ সুস্থ হৈছে নেতাগৰাকী । এইমছত চিকিৎসাধীন নেতাগৰাকী পূৰ্বতকৈ কিছু সুস্থ হোৱাৰ লগে লগে বৃহস্পতিবাৰে কাৰ্ডিয়াক ইনটেনছিভ কেয়াৰ ইউনিট (চিআইচিইউ)ৰ পৰা এটা ব্যক্তিগত ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে । নেতাগৰাকীক চিকিৎসা প্ৰদান কৰা চিকিৎসকৰ দলটোৰ এগৰাকী জ্য়েষ্ঠ চিকিৎসকে জনোৱা মতে পূৰ্বতকৈ নেতা গৰাকীৰ স্বাস্থ্য় উন্নত হৈছে আৰু উশাহ লোৱাটো এতিয়া অসুবিধা পোৱা নাই নেতাগৰাকীয়ে ।

উল্লেখ যে প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীক এইমছৰ হৃদৰোগ বিশেষজ্ঞ ড০ ৰাকেশ যাদৱৰ তত্বাৱধানত চিকিৎসালয়ৰ চিআইচিইউত ৰখা হৈছিল । তেওঁক ইয়াৰ পূৰ্বেও চিকিৎসা প্ৰদান কৰিছিল ড০ ৰাকেশ যাদৱে । ড০ যাদৱে কোৱা মতে নেতাজনে লাহে লাহে নিউম'নিয়া সংক্ৰমণৰ পৰা আৰোগ্য হৈছে যিয়ে তেওঁৰ হাঁওফাঁও সংক্ৰমিত কৰিছিল । নিউম'নিয়া সংক্ৰমণৰ ফলত তেওঁ পালমোনাৰী এডিমা ৰোগত আক্ৰান্ত হৈছিল ।

৭২ বছৰীয়া আৰজেডি সভাপতি গৰাকীক শনিবাৰে এইমছত ভৰ্তি কৰোৱা হৈছিল । ৰাঁচীৰ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসা চলি থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক চাৰ্টাৰ্ড বিমানৰ জৰিয়তে এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ অনা হৈছিল ।

লগতে পঢ়ক :ক'ভিড মহামাৰীৰ সময়ত চৰকাৰ ভূমিকা উল্লেখনীয়: ৰাষ্ট্ৰপতি

Last Updated : Jan 29, 2021, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.