ETV Bharat / bharat

লালু প্ৰসাদে হৈ থাকিব RJD ৰ ৰাষ্ট্ৰীয় সভাপতি : জগদানন্দ সিং

ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যিক সভাপতি তথা প্ৰবীণ নেতা জগদানন্দ সিঙে (Jagdanand Singh) মঙলবাৰে ইটিভি ভাৰতৰ আগত কয় যে লালু প্ৰসাদ যাদৱে দলৰ সৰ্বোচ্চ নেতা হৈ থাকিব ।

author img

By

Published : Jul 20, 2021, 9:28 PM IST

RJD leader
লালু প্ৰসাদে হৈ থাকিব আৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতি

নেশ্যনেল ডেস্ক, ২০ জুলাই : ক্ৰমান্বয়ে সুস্থ হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (Rastriya Janat Dal) সভাপতি লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav) । তেওঁ সুস্থ হৈ দলৰ দায়িত্ব গ্ৰহণ কৰিব নে নতুন কাৰোবাক দিয়া হ'ব দায়িত্ব । এই বিষয়ক লৈ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ মাজতে ইটিভি ভাৰতৰ হাতত পৰিছে এক খবৰ ।

আৰজেডি (RJD) ৰ লালু প্ৰসাদ যাদৱে হৈ থাকিব দলৰ সভাপতি । ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যিক সভাপতি তথা প্ৰবীণ নেতা জগদানন্দ সিঙে (Jagdanand Singh) মঙলবাৰে ইটিভি ভাৰতৰ আগত কয় যে লালু প্ৰসাদ যাদৱে দলৰ সৰ্বোচ্চ নেতা হৈ থাকিব । কিছুদিন পূৰ্বে দীৰ্ঘদিনৰ অন্তত সিঙে লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰিছে । আনকি তেওঁলোকে দল আৰু বিহাৰৰ সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভতো আলোচনা কৰিছে ।

জগদানন্দ সিঙে কয় যে যাদৱৰ স্বাস্থ্য উন্নত হৈছে আৰু সোনকালেই তেওঁ বিহাৰলৈ আহিব । তেওঁ দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ বিহাৰলৈ যাত্ৰা কৰিব । ৰাইজৰ মাজত অধিক সময় কটোৱা আৰম্ভ কৰিলে লালু প্ৰসাদ সম্পূৰ্ণ সুস্থ হৈ পৰিব বুলিও আশাবাদী সিং ।

ভৱিষ্যতে তেজস্বী যাদৱক (Tejashwi Yadav) দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে উন্নীতকৰণ কৰা হ'ব নেকি বুলি সোধাত সিঙে কয় যে লালু প্ৰসাদ যাদৱ দলটোৰ নেতৃত্ব দিবলৈ সক্ষম ৷ যেতিয়ালৈ তেওঁ সক্ষম হৈ থাকিব তেতিয়ালৈ তেওঁ এইটো অব্যাহত ৰাখিব । জগদানন্দ সিং আৰু লালু প্ৰসাদৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ মাজৰ বিভেদ সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে তেজ প্ৰতাপ তেওঁৰ ভতিজা আৰু তেওঁৰ সৈতে সম্পৰ্ক বহুত ভাল ।

তেওঁলোকৰ মাজত কোনো বিভেদ নাই ৷ উল্লেখ্য যে, বিহাৰৰ আটাইতকৈ শক্তিশালী দল হৈছে আৰজেডি । বিজেপিয়ে দলটোৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বুলি নেতাজনে অভিযোগ কৰে ।

লগতে পঢ়ক : পেগাচাছৰ বিষয়ক লৈ উত্তেজিত বিৰোধী কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.