ETV Bharat / bharat

Lalu Prasad kidney transplant: পিতৃ লালু প্ৰসাদক বৃক্ক দিলে কন্যা ৰোহিনীয়ে

author img

By

Published : Dec 5, 2022, 8:04 PM IST

আৰ জে ডি প্ৰধান লালু প্ৰসাদৰ (RJD supremo Lalu Prasad) বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন কৰা হয় (Lalu Prasad kidney transplant conducted)৷ দ্বিতীয় কন্যা ৰোহিনী আচাৰ্যই বৃক্ক দান কৰে পিতৃ লালু প্ৰসাদক (Rohini Acharya donating kidney to Lalu Prasad) ৷

Lalu Prasad kidney transplant successfully conducted in Singapore
Lalu Prasad kidney transplant: পিতৃ লালু প্ৰসাদক বৃক্ক দিলে কন্যা ৰোহিনীয়ে

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: চিংগাপুৰৰ এখন চিকিৎসালয়ত আৰ জে ডি প্ৰধান লালু প্ৰসাদৰ (RJD supremo Lalu Prasad) বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন কৰা হয় (Lalu Prasad kidney transplant conducted)৷ দ্বিতীয় কন্যা ৰোহিনী আচাৰ্যই বৃক্ক দান কৰে পিতৃ লালু প্ৰসাদ যাদৱক (Rohini Acharya donating kidney to Lalu Prasad) ৷

উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱসহ (Deputy Chief Minister Tejashwi Yadav) মাতৃ ৰাৱৰী দেৱী (Mother Rabi Devi) আৰু জ্যেষ্ঠ কন্যা মিছা ভাৰতীয়ে ( Sister Misa Bharti) সংবাদমধ্যমক এই অস্ত্ৰোপচাৰ সফল হোৱা বুলি জানিবলৈ দিয়ে ৷ "দেউতাৰ বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন কৰা হৈছিল আৰু তেওঁক অস্ত্ৰোপচাৰ কক্ষৰ পৰা আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছে (Kidney transplant of RJD president Lalu Prasad)৷

"বৃক্ক দাতা মোৰ ভগ্নী ৰোহিনী আচাৰ্য আৰু মোৰ দেউতা দুয়ো বৰ্তমান কুশলে আছে ৷ আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে সকলোকে ধন্যবাদ," তেজস্বীয়ে এটা হোৱাটছ এপ বাৰ্তাত এই কথা জানিবলৈ দিয়ে ৷

বৃক্ক সংৰোপণৰ পূৰ্বে লালু প্ৰসাদ যাদৱৰ বহু সমৰ্থকে লালু প্ৰসাদৰ সফল অস্ত্ৰোপচাৰৰ বাবে প্ৰাৰ্থনা কৰি যজ্ঞ আৰু বিশেষ পূজা কৰিছিল (Havans and special puja praying for Lalu Prasad)৷ আৰ জে ডিৰ ৰাজ্যিক গোটৰ সভাপতি জগদানন্দ সিঙে (RJD state unit president Jagdanand Singh) কয় যে যাদৱৰ সৈতে কোটি কোটি লোকৰ আশীৰ্বাদ আছে ৷ তেওঁ ৰোহিনীক দেউতাক তথা লালু প্ৰসাদ যাদৱৰ বৃক্ক দাতা হোৱাৰ বাবে কৰা প্ৰশংসা কৰে ৷

"লালুজীৰ সৈতে কোটি কোটি লোকৰ আশীৰ্বাদ আছে । তেওঁ সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিব ৷ ৰোহিনী আচাৰ্যৰ এই কাম অনুকৰণীয় আৰু তেওঁ দেশৰ যুৱসকলৰ বাবে এক আদৰ্শস্বৰূপ ৷ তেওঁ যিদৰে তেওঁৰ পিতৃক বৃক্ক দান কৰিছে, সেয়া এক মহান কাৰ্য ৷ দেশৰ পুত্ৰ আৰু কন্যাসকলে আগন্তুক দিনত ৰোহিনীৰ এই পদক্ষেপ অনুসৰণ কৰিব ৷" জগদনান্দ সিঙে দলীয় কাৰ্যালয়ত কয় ৷

লালু প্ৰসাদ যাদৱে মধুমেহ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ দৰে অন্যান্য ৰোগৰ লগতে বৃক্কৰ সমস্যাকে ধৰি বহুতো ৰোগত ভুগি আছে । ৰাঞ্চীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউচন অৱ মেডিকেল চাইন্স (Rajendra Institution of Medical Science) (RIMS)ত চিকিৎসাৰ সময়ত চিকিৎসকসকলে ঘোষণা কৰিছিল যে তেওঁৰ বৃক্কৰ ২৫ শতাংশ কাম কৰি আছে ৷ উল্লেখ্য যে লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে পশুখাদ্য কেলেংকাৰীৰ গোচৰত তেওঁক জামিন প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক: Child abduction case in Jharkhand : ফুটপাথৰ পৰা এমহীয়া শিশু লৈ উধাও দুই বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.