নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: বুধবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনী(Ajay Mishra Teni)য়ে স্পষ্ট কৰি দিয়ে যে, লখিমপুৰ খেৰী ঘটনাক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই এতিয়ালৈকে তেওঁক দিল্লীলৈ মাতি পঠিওৱা নাই । সংবাদিকৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে, "দলৰ হাইকমাণ্ডে এই পৰ্যন্ত তেওঁক দিল্লীলৈ তলব কৰা নাই । তেওঁ স্পষ্ট কৰি দিয়ে যে, তেওঁ আন কামৰ বাবেহে দিল্লীলৈ যাত্ৰা কৰিব ।
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁ বুধবাৰে নিশা অথবা বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হ'ব । ব্যক্তিগত কাম আৰু এপইণ্টমেণ্ট থকাৰ বাবেহে তেওঁ দিল্লীলৈ যাব । আনহাতে, লখিমপুৰ খেৰীৰ ঘটনাৰ বাবে বিৰোধীয়ে অজয় মিশ্ৰৰ পদত্যাগ দাবী কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে, নৈতিকতাৰ ভিত্তিত তেওঁ কিয় পদত্যাগ কৰিব ।
লগতে তেওঁ কয় যে, লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ সৈতে তেওঁ জড়িত নহয় । কাৰণ তেওঁ ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানৰ পৰা ৪ কিলোমিটাৰ দূৰত এক অনুষ্ঠানত উপস্থিত আছিল । তেওঁ দৃঢ়ভাৱে কয় যে, এই ঘটনাৰ সৈতে তেওঁ আৰু তেওঁৰ পুত্ৰ জড়িত নোহোৱাৰ যথেষ্ট প্ৰমাণ আছে । লগতে এই ঘটনাৰ উচিত তদন্ত হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে ।
তেওঁ কয় যে, উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰত বিজেপি চৰকাৰ শাসনত আছে আৰু সেয়ে, পক্ষপাতহীন তদন্ত প্ৰক্ৰিয়া চলিব । যিসকল লোকে তদন্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকৰ বেলেগ কোনো কাম নাই । সেয়ে, বিতৰ্ক আৰম্ভ কৰিছে । তেওঁ জনায় যে, তেওঁলোকে তদন্তত হস্তক্ষেপ নকৰে ।
উল্লেখ্য যে, দেওবাৰে লখিমপুৰ খেৰীত সংঘটিত হোৱা ঘটনাত প্ৰায় আঠজন কৃষকৰ মৃত্যু হৈছিল । কেইবাটাও কৃষক সংগঠনে অভিযোগ উত্থাপন কৰা অনুসৰি কৃষকে প্ৰতিবাদ কৰাৰ সময়ত তিনিখন বাহন লগত লৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীস মিশ্ৰ টেনী উক্ত স্থানত উপস্থিত হৈছিল আৰু প্ৰতিবাদী কৃষকক বাহনেৰে মহতিয়াই নিয়ে । এছ কে এম নেতা তাজিন্দৰ সিং ভিৰ্ককো আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে । অৱশ্যে, আশীস মিশ্ৰই এছ কে এমৰ এই অভিযোগ নস্যাৎ কৰে আৰু কয় যে, ঘটনা সংঘটিত হোৱা স্থানত তেওঁ উপস্থিত নাছিল ।
লগতে পঢ়ক:হ্ৰাস পালে সোণৰ মূল্য : আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হ’ল ৪৬,৭৯৭ টকা