ETV Bharat / bharat

Cheetahs first hunt: কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ প্ৰথম চিকাৰ

নামিবিয়াৰ পৰা অনা দুটা আফ্ৰিকান চিতাই বনত মুকলি হোৱাৰ পাচতে প্ৰথমটো চিকাৰ কৰে (Cheetahs First Hunt) । এয়া চিতাকেইটাৰ বাবে শুক্ষ লক্ষণ ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে মুখ্য বন সংৰক্ষক (CCF) উত্তৰ কুমাৰ শৰ্মাই ৷

কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ প্ৰথম চিকাৰ

author img

By

Published : Nov 8, 2022, 11:15 AM IST

Updated : Nov 8, 2022, 12:35 PM IST

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা অনা 8 টা চিতা বাঘক মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিছিল (PM Modi released Cheetah in Kuno) ৷ অৱশ্যে ছেপ্টেম্বৰ মাহৰ পৰাই কোৱাৰেনটাইনত ৰখা হৈছিল চিতা বাঘকেইটাক ৷ কোৱাৰেনটাইনৰ সময়সীমা শেষ হোৱাত মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সোমবাৰে 2টা বাঘক মুকলি কৰি দিয়ে ৷

কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ প্ৰথম চিকাৰ

বনত মুকলি হৈয়ে 24 ঘন্টাৰ ভিতৰতে চিতা বাঘকেইটাই প্ৰথমটো চিকাৰ কৰে (Kuno Namibian cheetahs did their first hunt in park) ৷ যি বৰ্তমান বন্দী হৈছে বন বিভাগৰ ড্ৰোণ কেমেৰাত ৷ ইফালে এই দৃশ্য প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্য বন সংৰক্ষক (CCF) উত্তৰ কুমাৰ শৰ্মাই ৷ লগতে তেওঁ কয় যে, চিতা কেইটাৰ কাৰণে এয়া শুভ লক্ষণ ৷

চিতাৰ চিকাৰ :

মুখ্য বন সংৰক্ষক (CCF) উত্তৰ কুমাৰ শৰ্মাই উল্লেখ কৰা অনুসৰি, দেওবাৰে পুৱতি নিশা এটা চিতাই চিকাৰ কৰিছিল । চিকাৰ কৰাৰ প্ৰায় দুঘণ্টাৰ ভিতৰত নিজৰ খাদ্য খাই শেষ কৰে চিতাকেইটাই ৷ মুকলি হোৱাৰ পাচতে চিতা কেইটাৰ এয়া আছিল প্ৰথম চিকাৰ ।

CCF উত্তম শৰ্মাই আৰু কয় য়ে, চিতা দুটাক শনিবাৰে 98 হেক্টৰৰ এটা ডাঙৰ বেষ্টনীত এৰি দিয়া হৈছিল । কেৱল এই চিতা দুটাই নহয় বাকী ছয়টা চিতাকো পৰ্যায়ক্ৰমে এক ডাঙৰ বেষ্টনীৰ মাজত এৰি দিয়া হ'ব ।

উল্লেখ্য যে, 17 ছেপ্টেম্বৰত নামিবিয়াৰ পৰা ভাৰতত পুনৰ সংস্থাপনৰ অংশ হিচাপে আঠটা চিতা অনা হৈছিল ৷ যাৰ ভিতৰত দুটা শনিবাৰে এটা ডাঙৰ বেষ্টনীৰ মাজত মুকলি কৰি দিয়া হয় ৷

লগতে পঢ়ক : মধ্য প্ৰদেশৰ কুনো বনাঞ্চলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে চিতা

Last Updated : Nov 8, 2022, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.