ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাক্ষীৰ গুলীত নিহত ৫ সন্ত্ৰাসবাদী - militants attack in Kashmir

কাশ্মীৰ জোন আৰক্ষীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত তালাচী চলাই থকাঅৱস্থাত সংঘটিত এনকাউণ্টাৰত পাঁচজন সন্ত্ৰাসবাদী নিহত হয় ।

Five militants killed in Kulgam
জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাক্ষীৰ গুলীত নিহত ৫ সন্ত্ৰাসবাদী
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:18 PM IST

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত সন্ত্ৰাসবাদী-বিৰোধী অভিযানত ৫ সন্ত্ৰাসবাদী নিহত হৈছে । সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ এটা দলৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰা কথা আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আনহাতে, এই অভিযান অন্তিম পৰ্যায়ত থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ।

এক্সৰ এটা পোষ্টত কাশ্মীৰ জোন আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয়, "কুলগাম আপডেট দ্বিতীয় দিন : কুলগাম আৰক্ষী, সেনা আৰু চিআৰপিএফে পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰিছে । আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । অন্তিম পৰ্যায়ত অপাৰেচন; এলেকাটো ঘেৰাও কৰা হৈছে ।"

অৱশ্যে এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে আৰক্ষীয়ে নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় প্ৰকাশ কৰা নাই । লগতে এইটোও জানিব পৰা হোৱা নাই যে অঞ্চলটোত আৰু কোনো সন্ত্ৰাসবাদী লুকাই আছেনেকি । উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ কুলগামৰ দামহাল হাঞ্জিপোৰা অঞ্চলৰ চামনো অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰে । তাৰ পিছতে অঞ্চলটোত এটা সুৰক্ষা বেষ্টনী গঢ়ি তোলে আৰু তালাচী অভিযান আৰম্ভ কৰে । তালাচী অভিযানৰ সময়তে গুলীচালনা আৰম্ভ হয় ।

প্ৰাৰম্ভিক গুলীয়াগুলীৰ পিছত নিশাৰ অন্ধকাৰৰ বাবে অভিযান স্থগিত ৰখা হয় । ইয়াৰ উপৰি নিৰাপত্তা বাহিনীক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত বাহিনীও মাতি অনা হয় । তাৰ পিছত শুকুৰবাৰে পুৱা সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত পুনৰ গুলী বিনিময় আৰম্ভ হয় । যদিও আৰক্ষীয়ে নিহত সন্ত্ৰাসবাদীকেইটা কোন সংগঠনৰ লগত জড়িত সেয়া প্ৰকাশ কৰা নাই, কিন্তু অসমৰ্থিত সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীকেইটা লস্কৰ-এ-তৈবা (এলইটি) সন্ত্ৰাসবাদী সংগঠনৰ ছায়া সংগঠন ৰেজিষ্টেন্স ফ্ৰণ্টৰ (টিআৰএফ) সৈতে জড়িত আছিল ।

উল্লেখ্য যে জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ উপৰি সেনাৰ ৩৪ ৰাষ্ট্ৰীয় ৰাইফলছ, এলাইট ৯ টা পেৰা বাহিনীয়েও এই অভিযান চলাই আছে ।

লগতে পঢ়ক :হামাছ-ইজৰাইল সংঘৰ্ষত সাধাৰণ লোকৰ মৃত্যু; ভাৰতৰ গৰিহণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.