নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: গৃহভূমিৰ প্ৰতি মানুহৰ এক সুকীয়া প্ৰেম থাকে (Love to Motherland)। গৃহভূমিলৈ ঘূৰি অহা ব্যক্তিয়েহে জানে গৃহভূমিৰ গুৰুত্ব কি । শত্ৰু দেশৰ পৰা ঘৰলৈ উভতি অহাৰ সুখ সঁচাকৈ তুলনা বিহীন । কুলদীপ যাদৱে এনে সুখ লাভ কৰিছে । বিগত ৩০ বছৰ ধৰি পাকিস্তানৰ এখন কাৰাগাৰত বন্দী হৈ আছিল কুলদীপ যাদৱ (Kuldeep Yadav in pakistan jail)। অৱশেষত তেওঁ নিজৰ জন্মভূমি ভাৰতলৈ ঘূৰি আহিল । ই টিভিৰ ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত সেই সময়ছোৱাত তেওঁৰ ওপৰত হোৱা অত্যাচাৰৰ লগতে তেওঁৰ তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে কুলদ্বীপে (Kuldeep Yadav back to India)।
৩০ বছৰ কাৰাবন্দী হৈ থকা ভাৰতীয় নাগৰিক কুলদীপ যাদৱ অৱশেষত ঘৰলৈ উভতিল (Kuldeep Yadav released from Pak Jail)। ১৯৯২ চনত তেওঁ পাকিস্তানলৈ গৈছিল । ১৯৯৪ চনত ভাৰতলৈ উভতি অহাৰ বাবে সীমা অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে স্থানীয় লোকে তেওঁৰ ওপৰত সন্দেহ কৰিছিল । ইয়াৰ পিছতে এজেন্সীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । মাত্ৰ ২৭ বছৰ বয়সতে তেওঁ পাকিস্তানৰ কাৰাগাৰত কাৰাবন্দী হৈছিল (Kuldeep Yadav imprisoned in Pakistan) ।
অৱশেষত ৩০ বছৰৰ পিছত তেওঁলোকে নিজৰ গৃহ চহৰলৈ উভতি আহিল ৷ কুলদ্বীপৰ প্ৰত্যাৱৰ্তনত পৰিয়ালটোত এক সুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল । কুলদীপ যাদৱক পাকিস্তানী এজেন্সীয়ে ধৰা পৰাৰ পিছত ১৯৯৪ চনৰ জুন মাহত ক’ৰ্ট মাৰ্চেল কৰা হৈছিল । প্ৰায় আঢ়ৈ বছৰ ধৰি তেওঁৰ জেৰা চলিছিল । তাৰ পিছত ১৯৯৬ চনত কুলদীপ যাদৱক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল ৷ সেয়ে তেওঁক লাহোৰৰ কোটালাখপাট অসামৰিক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷
কুলদীপ যাদৱে ৩০ বছৰৰ পাছত পাকিস্তানৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আহমেদাবাদৰ নিজ গৃহত উপস্থিত হয় । ই টিভি ভাৰতৰ আগত তেওঁ পাকিস্তানৰ কাৰাগাৰৰ তিক্ত স্মৃতিৰ লগতে পৰিয়ালটোক লগ পোৱাৰ সুখানুভূতি ব্যক্ত কৰে । মাত্ৰ ২৭ বছৰ বয়সৰ পৰাই তেওঁ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল । পাকিস্তানৰ কাৰাগাৰত মৃত্যু হোৱা সৰবজিৎ সিঙৰ বন্ধুও আছিল কুলদ্বীপ (Sarabjit Singh locked in Pakistani jail)। গুৰুত্বপূৰ্ণ কথাটো হ’ল, কুলদীপৰ পৰিয়ালে তেওঁক মুক্ত কৰাৰ বাবে কেইবাবাৰো চেষ্টা চলাইছিল ।
সৰবজিতৰ কথা কওঁতে কুলদীপ যাদৱে কয়, ‘‘মই ১৯৯৬ চনত জেললৈ গৈছিলো আৰু ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে সৰবজিতক লগ পাইছিলো ৷ সৰবজিতৰ আৰু মোৰ মাজত ভাল বন্ধুত্ব আছিল । ১৫ দিনৰ মূৰে মূৰে জেইলাৰ সকল আমাৰ ওচৰলৈ আহিছিল । ৰুটিন পিৰিয়ড আছিল ১৫ দিন । ইয়াৰ পিছতহে পোৱা যায়, অৰ্থাৎ ১৫ দিনৰ পিছত সৰবজিতৰ নামটো পঠিয়াইছিল ৷ যিসকল লোকৰ নাম জেইলাৰে পঠিয়াইছিল, তেওঁলোকেহে লগ কৰিব পাৰিছিল । বৰ ভাল লাগিছিল । তেওঁ দেশৰ বাবেও কাম কৰিছিল আৰু দেশৰ বাবে প্ৰাণ হেৰুৱাইছিল’’ (Story of Sarabjit Singh)।
তেওঁ সৰবজিতৰ বিষয়ে আৰু কয়, ‘‘সৰবজিৎ অতি শান্ত স্বভাৱৰ আছিল । তাত থকা সকলো মানুহৰ লগত তেওঁ ভালদৰে মিলি গৈছিল । কিবা আভ্যন্তৰীণ কাজিয়াৰ বাবে তেওঁক হত্যা কৰা হ’ল । শেষ সময়ত তেওঁক লগ কৰিব নোৱাৰাৰ বাবে মই বৰ দুখ পাইছো’’ ।
কুলদীপে কয়, ‘‘ ইয়াৰ পিছত বহু পৰিৱৰ্তন ঘটিল । আগতে পাকিস্তানী বন্দী আৰু আমাৰ বেৰেকটো বেলেগ বেলেগ আছিল, কিন্তু আমি লগ কৰিব পাৰিছিলো, কিন্তু সৰবজিতৰ হত্যাকাণ্ডৰ পিছত আমি সম্পূৰ্ণ পৃথক হৈ পৰিছিলো । কোনো পাকিস্তানীয়ে আমাক লগ কৰিব নোৱাৰে আৰু আমিও লগ কৰিব নোৱাৰো । ছিকিউৰিটি এক্টৰ অধীনত এটা ডাঙৰ পৰিৱৰ্তন হৈছিল । তাৰ আগতে আমাৰ অৱস্থা বহুত বেয়া আছিল, কিন্তু তাৰ পিছত তাত চৰকাৰে সুবিধাবোৰ বহুতো আগবঢ়াইছিল আৰু আগতে আনকি খাদ্যও ভাল নাছিল, কিন্তু তাৰ পিছলৈ সেয়া বহুত উন্নত হয় ৷ মেডিকেল চেক আপৰ সুবিধা উন্নত কৰা হৈছে । তাত থকা ডাক্তৰজনেও আমাৰ ভালদৰে যত্ন লৈছিল’’ ।
কুলদীপ যাদৱৰ জন্ম হৈছিল ডেৰাডুনত । ১৯৭২ চনত তেওঁ পৰিয়ালৰ সৈতে আহমেদাবাদলৈ স্থানান্তৰিত হয় । কুলদীপ যাদৱে ডেৰাডুনত প্ৰথমৰ পৰা সপ্তম মানলৈ অধ্যয়ন কৰে আৰু আহমেদাবাদৰ জ্ঞানদীপ হিন্দী স্কুলত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়ে । তাৰ পিছত সাৱৰমতী কলা আৰু বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে । সেই সময়ত চাকৰি নোপোৱাৰ বাবে তেওঁ টিউচন ল’বলৈ আৰম্ভ কৰিছিল । ইয়াৰ বাহিৰেও এখন পাণ দোকান আৰু গেৰেজৰ কাম আৰম্ভ কৰিছিল ৷
সেই সময়ছোৱাত তেওঁ কিছুমান মানুহৰ সংস্পৰ্শলৈ আহি দেশৰ বাবে কাম কৰাৰ সুযোগ পাই পাকিস্তানলৈ যায় । ১৯৯২ চনত তেওঁ পাকিস্তানলৈ গৈ ১৯৯৪ চনত ভাৰতলৈ উভতি যাবলৈ চেষ্টা কৰে । কিন্তু সীমান্ত পাৰ হ’বলৈ গৈ থাকোঁতে সন্দেহৰ ভিত্তিত পাকিস্তানী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰে । য'ত তেওঁৰ জেৰা ১৯৯৪ চনৰ পৰা প্ৰায় আঢ়ৈ বছৰ ধৰি চলিছিল ৷
কুলদীপ যাদৱৰ ভায়েক-ভনীয়েকৰ সৈতে কথা হওঁতে জানিব পৰা গ’ল যে, তেওঁ ১৯৯৬ চনত পাকিস্তানৰ জেলত আছে । ‘‘যেতিয়া আমি কুলদীপে লিখা চিঠি অনুসৰি তথ্য পালোঁ । সেই সময়ত আমি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু প্ৰধানমন্ত্ৰীকো পত্ৰ লিখি তেওঁক মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছিলোঁ ৷ কিন্তু আমি কাৰো পৰা সঁহাৰি নাপালোঁ । সেই সময়ত আমি তেওঁৰ লগত চিঠি লিখি কথা পাতি আছিলো আৰু কিছুমান চিঠি তেওঁৰ ওচৰ গৈ নাপালে’’ তেওঁলোকে কয় ।
কুলদীপ যাদৱৰ ভগ্নীয়ে কয়, ‘‘মই তেওঁক প্ৰতি ৰাখী বন্ধনত ৰাখী পঠাইছিলোঁ ৷ কিন্তু কেতিয়াবা তেওঁ নাপাইছিল আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে তেওঁ যাতে সোনকালে ঘূৰি আহে । মই মাথোঁ বুজিব পাৰিছো যে ৩০ বছৰে আমাৰ বহুত অসুবিধা হৈছে । ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে, ভাৰতীয় একাংশ লোক এতিয়াও পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে । চৰকাৰে তেওঁলোকক বচাবলৈ কিবা এটা কৰক’’ । তেওঁৰ পৰিয়ালৰ আন লোকে কয়, ‘‘আমাৰ আৰ্থিক অৱস্থা ভাল নহয় আৰু চৰকাৰে আমাক কোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰা নাই’’ ।
লগতে পঢ়ক: Aung San Suu Kyi: নিৰ্বাচনী জালিয়াতিৰ গোচৰত ৩ বছৰৰ কাৰাদণ্ড আং ছান ছ্যু কীক