ETV Bharat / bharat

ন প্ৰতীকেৰে ন-ৰূপত মুকলি হ’ল ‘কু’ এপ - logo

ছ'চিয়েল মিডিয়া এপ, ‘কু’ৱে মুকলি কৰিলে নতুন প্ৰতীক । ‘কু’ৰ সহ-প্ৰতিষ্ঠাপক অপ্ৰময় ৰাধাকৃষ্ণই কয় যে, ‘‘আমাৰ নতুন প্ৰজন্মক সন্তুষ্ট কৰিবলৈ আমি অতি উৎসাহী । নতুন প্ৰতীকত থকা সৰু হালধীয়া চৰাইটোৱে শৈশৱৰ পৰা কৈশোৰলৈ বৃদ্ধি হোৱাৰ এক লক্ষণক সূচায় । এই চৰাইটো ইতিবাচকতাৰে পৰিপূৰ্ণ আৰু মানুহক জীৱনৰ বিভিন্ন দিশৰ বিষয়ে ইতিবাচকভাৱে আলোচনা কৰাত ই অনুপ্ৰেৰণা যোগাব’’ ৷

koo app launched with new logo
ন-ৰূপত মুকলি হ’ল ‘কু’ এপ
author img

By

Published : May 17, 2021, 1:45 PM IST

নেশ্যনেল ডেস্ক,17 মে’: এক নতুন প্ৰতীকৰ সৈতে পৰিচয় দিবলৈ আগবাঢ়িছে ভাৰতৰ ঘৰুৱা ছ'চিয়েল মিডিয়া এপ ‘কু’ৱে ৷ এপটোৰ নতুন প্ৰতীক হিচাপে এটি হালধীয়া চৰাইক পৰিচয় কৰোৱা হৈছে ৷ আৰ্ট অৱ লিভিঙৰ প্ৰতিষ্ঠাপক ৰবি শংকৰে তেওঁৰ 65 সংখ্যক জন্মদিনৰ শুভমূহুৰ্তত ‘কু’ এপৰ নতুন প্ৰতীকটো মুকলি কৰা হয় ৷

উল্লেখ্য যে, কুৱে ভাৰতীয়সকলৰ মুক্তভাৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাত এক মঞ্চ দিছে ৷ ভাৰতৰ 90 শতাংশ লোকে আঞ্চলিক ভাৰতীয় ভাষাত নিজকে প্ৰকাশ কৰিব বিচাৰে আৰু তেওঁলোকে কু এপৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে । এই এপটো বিগত বৰ্ষৰ মাৰ্চ মাহত মুকলি কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ই 6 মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷

ৰবিশংকৰে জনোৱা মতে, সামাজিক সম্পৰ্কৰ প্ৰবাহ সভ্য সমাজৰ লক্ষণ । ‘কু’ এপে সমগ্ৰ দেশ আৰু বিশ্বৰ লক্ষাধিক লোকক সংযোগ কৰিছে । অতি কম সময়ৰ ভিতৰতে এপটোৰ অগ্ৰগতিক লৈ অত্যন্ত সুখী ৰবি শংকৰ ৷

‘কু’ৰ সহ-প্ৰতিষ্ঠাপক অপ্ৰময় ৰাধাকৃষ্ণই কয় যে, এই নতুন প্ৰতীক অৰ্থাৎ সৰু হালধীয়া চৰাইটো শৈশৱৰ পৰা কৈশোৰলৈ বৃদ্ধি হোৱাৰ এক লক্ষণ । এই চৰাইটোৱে ইতিবাচকভাৱে মানুহক জীৱনৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰাত অনুপ্ৰেৰণা কৰিব ।

আনহাতে এপটোৰ আন এগৰাকী সহ-প্ৰতিষ্ঠাপক মায়ংক বিদাৱটকাই কয় যে, ব্যৱহাৰকাৰীসকলে এই নতুন পৰিচয়ক পচন্দ কৰিছে । ই হৈছে এটি মৰমলগা হালধীয়া চৰাই, যি কুৰ প্লেটফৰ্মৰ মুখ্য প্ৰতীক-ইতিবাচকতা । মানুহে জীৱনত উন্নতি কৰিব পৰা যিকোনো বস্তুৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰে । আমাৰ নতুন চৰাইটো হৈছে এই মঞ্চখনে তেওঁলোকৰ জীৱনলৈ অনা ইতিবাচকতাৰ প্ৰতীক । লাখ লাখ ব্যৱহাৰকাৰীয়ে ইজনে-সিজনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু সেই স্থিৰতাত আৰামৰ অনুভৱ পাবলৈ এই এপটো ব্যৱহাৰ কৰে । এই সৰু হালধীয়া চৰাইটোৱে এতিয়া এক বিলিয়ন ভাৰতীয়ৰ বাৰ্তাবাহক হ’বলৈ সাজু হৈছে ।

লগতে পঢ়ক: দেশৰ ভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহ টাউতেৰ সংহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.