ETV Bharat / bharat

Kaustuv Roy arrested : কলকাতাৰ মিডিয়া বেৰন কৌস্তুভ ৰয়ক গ্ৰেপ্তাৰ

author img

By

Published : Jul 18, 2023, 1:56 PM IST

তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতাৰ অতি ঘনিষ্ঠ মিডিয়া বেৰন কৌস্তুভ ৰয়ক ইডিয়ে গ্ৰেপ্তাৰ কৰে । ইডিৰ কাৰ্যালয়ত জেৰাৰ অন্তত পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয় ৰয়ক । বিত্তীয় অনিয়মৰ অভিযোগ আছে ৰয়ৰ বিৰুদ্ধে ।

Kolkata media baron Kaustuv Roy arrested
কলকাতাৰ মিডিয়া বেৰন কৌস্তুভ ৰয়ক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,১৮ জুলাই : পশ্চিমবংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ ঘনিষ্ঠ বুলি জনাজাত মিডিয়া বেৰন কৌস্তুভ ৰয়ক গ্ৰেপ্তাৰ । মঙলবাৰে পুৱতি নিশা বিত্তীয় অনিয়মৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে কৌস্তুভক । পুৱতি নিশা প্ৰায় ১ মান বজাত তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

বিগত বছৰৰ ডিচেম্বৰত, আয়কৰ বিভাগে কৌস্তুভ ৰয়ৰ কাৰ্যালয় আৰু ঘৰত তালাচী চলাইছিল আৰু কিছুমান নথিপত্ৰ জব্দ কৰিছিল । তাৰ ওপৰত ভিত্তি কৰি ইডিয়ে সোমবাৰে চল্ট লেক চিজিঅ' কমপ্লেক্সৰ ইডি কাৰ্যালয়লৈ কৌস্তুভ ৰয়ক মাতি পঠিয়াইছিল । কিন্তু সময়ত কৈ পলমকৈ হে তেওঁ ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল । তাৰ পাচতে ইডিৰ বিষয়াসকলে তেওঁক জেৰা আৰম্ভ কৰে আৰু দীঘলীয়া জেৰাৰ অন্তত পুৱতি নিশা তেওঁক গ্ৰেপ্তাৰ কৰে ।

ইডিৰ সূত্ৰৰ মতে কলকাতাৰ সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষ কৌস্তুভৰ তৃণমূল কংগ্ৰেছৰ কেইবাজনো নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে । অৱশ্যে তেওঁ শাসকীয় দলৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কত নাছিল । ইয়াৰ উপৰিও, বিভিন্ন লোকক আৰ্থিকভাৱে লাভান্বিত কৰাৰ অভিযোগো আছে তেওঁৰ বিৰুদ্ধে ।

ইফালে বিত্তীয় অনিয়ম সম্পৰ্কত কৰা প্ৰশ্নবোৰৰ উত্তৰ সঠিকভাৱে দিব পৰা নাছিল কৌস্তুভে । বিষয়াসকলে অভিযোগ কৰিছে যে কৌস্তুভে তদন্ত প্ৰক্ৰিয়াটোত বাধা দিয়া চেষ্টা কৰিছিল । অৱশেষত, জেৰা কৰি থকা বিষয়াসকলে দিল্লীৰ ইডিৰ মুখ্য কাৰ্যালয়ৰ পৰা সেউজ সংকেত পোৱাৰ লগে লগে কৌস্তুভক গ্ৰেপ্তাৰ কৰে ।

ইডিয়ে কৌস্তুভ ৰয়ক মঙলবাৰে আদালতত হাজিৰ কৰিব আৰু জিম্মাত বিচাৰিব । ইফালে ইডিয়ে ৰাজ্যখনত সংঘটিত শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত প্ৰাক্তন শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জীক মাতি পঠিয়াইছিল । ব্যৱসায়ী কৌস্তুভ ৰয়ক পূৰ্বেও প্ৰাক্তন শিক্ষা আৰু উদ্যোগ মন্ত্ৰীৰ সৈতে ইডি কাৰ্যালয়ত দেখা গৈছিল । তেওঁক পূৰ্বে ২০১৮ চনৰ মাৰ্চত চিবিআইয়ে বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।

আৰপি ইনফোচিষ্টেমৰ সঞ্চালক কৌস্তুভ আৰু শিৱাজী পাঞ্জাক কেন্দ্ৰীয় সংস্থাই প্ৰায় ৫১৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । সূত্ৰৰ মতে কৌস্তুভ ৰয়ক জিম্মাত লোৱা হ'ব আৰু বিত্তীয় লেনদেন সন্দৰ্ভত সোধা-পোছা কৰা হ'ব । অৱশ্যে তৃণমূল নেতাৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰতো ইডিৰ বিষয়াসকলে অনুসন্ধান চলাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Wrestlers harassment case: আজি আদালতত হাজিৰ হ'ব ব্ৰীজ ভূষণ শৰণ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.