ETV Bharat / bharat

Anantnag encounter ends: অনন্তনাগত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত লস্কৰ-ই-তৈইবাৰ কামাণ্ডাৰ নিহত

দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ কোকেৰনাগৰ গাডোল অঞ্চলত চলি থকা সন্ত্ৰাসবাদী বিৰোধী অভিযান নিহত লস্কৰ-ই-তৈইবাৰ কামাণ্ডাৰ উজাইৰ খান ৷ কমাণ্ডাৰ উজাইৰ খানৰ মৃতদেহ ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ অঞ্চলটোত গুলীবৰ্ষণ বন্ধ হৈছে যদিও উক্ত স্থানত সন্ত্ৰাসবাদীৰ সন্ধানত অব্যাহত থাকিব তালাচী অভিযান ৷

Anantnag encounter ends
নিৰাপত্তাৰক্ষীৰ গুলীচালনাত লস্কৰ-ই-তৈইবাৰ কামাণ্ডাৰ উজাইৰ খান নিহত
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:31 PM IST

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ: দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ কোকেৰনাগৰ গাডোল অঞ্চলত চলি থকা সন্ত্ৰাসবাদী বিৰোধী অভিযান নিৰাপত্তাৰক্ষীৰ বাবে এক বৃহৎ সফলতা হিচাপে গণ্য হৈছে ৷ এই অভিযানত লস্কৰ-ই-তৈইবাৰ কামাণ্ডাৰ উজাইৰ খানৰ লগত আন এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে মঙলবাৰে দাবী কৰে ।

কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিজয় কুমাৰে মঙলবাৰে সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে মৃত কমাণ্ডাৰ উজাইৰ খানৰ মৃতদেহ নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে আনটো সন্ত্ৰাসবাদীৰ মৃতদেহ অভিযান সংঘটিত হোৱা স্থানৰ সমীপতে পৰি আছে বুলি উল্লেখ কৰে ।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে অঞ্চলটোত গুলীবৰ্ষণ বন্ধ হৈছে যদিও উক্ত স্থানত তালাচী অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে অঞ্চলটোত আন কোনো সন্ত্ৰাসবাদী লুকাই থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে ৷ নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো চেনিটাইজ নকৰালৈকে স্থানীয় ৰাইজক এনকাউণ্টাৰৰ স্থানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ তেওঁ আহ্বান জনায় । ইফালে এই সন্ত্ৰাসবাদী দুটাৰ হত্যাৰ লগে লগে অভিযানত মৃতকৰ সংখ্যা ছজনলৈ বৃদ্ধি পাইছে ।

উল্লেখ্য যে, গাডোলৰ বনাঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাচত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত ব্যাপক ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰে ৷ ইয়াৰ পাচত ১৩ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা এই এনকাউণ্টাৰ আৰম্ভ হয় । এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীচালনাত সেনাৰ কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোঞ্চক আৰু উপ আৰক্ষী অধীক্ষক হিমায়ুন ভাট নিহত হয় ।

সোমবাৰে নিৰাপত্তা বাহিনীয়ে আন এজন জোৱান তথা চিপাহী প্ৰদীপ সিঙৰ মৃতদেহ উদ্ধাৰ কৰে । দুৰ্গম অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে ড্ৰ’ন আৰু হেলিকপ্টাৰ ধৰি হাই-টেক সামৰিক সঁজুলিৰে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: 6th day of Anantnag encounter : অনন্তনাগ এনকাউণ্টাৰৰ ষষ্ঠদিন; অৰণ্যত লুকাই থকা সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ সেনাৰ সংগ্ৰাম

লস্কৰ-ই-তৈইবাৰ কামাণ্ডাৰ উজাইৰ খান কোন: স্থানীয় তথ্য অনুসৰি কোকেৰনাগৰ নাগাম গাঁৱৰ পৰা অহা উজাইৰে যোৱা বছৰৰ জুলাই মাহত সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল । সেই সময়ত ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰি থকা উজাইৰ ২২ জুলাইত নিৰুদ্দেশ হৈছিল । উজাইৰে ঘৰলৈ উভতি নহাত তথা তেওঁৰ ফোনটো বন্ধ হৈ থকাৰ বাবে পৰিয়ালে নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে । আৰক্ষীয়ে তদন্তৰ পাচত উজাইৰ পৰিয়ালৰ লোকক তেওঁ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.