ETV Bharat / bharat

চাকনৈয়াত ঝাৰখণ্ডৰ ৰাজনীতি: পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে !

Jharkhand Politics: গাণ্ডেৰ বিধায়ক সৰফৰাজ আহমেদৰ হঠাৎ পদত্যাগ । আনহাতে, ইডিয়ে মুখ্যমন্ত্রী হেমন্ত চোৰেণক সপ্তমবাৰৰ বাবে দিয়া চমনৰ সময়সীমা সমাপ্ত হৈছে ৷ এই সকলোবোৰৰ লগত বহু অৰ্থ সংলগ্ন হৈ আছে ।

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 7:38 PM IST

Jharkhand Politics
resignation of JMM MLA

নিউজ ডেস্ক, 1 জানুৱাৰী: 2024 বৰ্ষৰ ন-সূৰুযৰ ৰাঙলী আভাই ঝাৰখণ্ডৰ ৰাজনীতিক দিছে নতুন চমক ৷ গিৰিডীহৰ গাণ্ডে সমষ্টিৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক চৰফৰাজ আহমেদে 31 ডিচেম্বৰত পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু তাৎক্ষণিকভাৱে বিধানসভাৰ অধ্যক্ষই ইয়াক গ্ৰহণ কৰে ৷ যিহেতু 31 ডিচেম্বৰ দেওবাৰ, গতিকে এই সন্দৰ্ভত 1 জানুৱাৰী অৰ্থাৎ আজি এক অধিসূচনা জাৰি কৰা হৈছে ।

  • झारखंड के गांडेय विधायक सरफराज अहमद ने विधानसभा से इस्तीफ़ा दिया,इस्तीफ़ा स्वीकार हुआ । हेमंत सोरेन जी मुख्यमंत्री पद से इस्तीफ़ा देंगे,झारखंड की अगली मुख्यमंत्री उनकी पत्नी कल्पना सोरेन जी होंगी । नया साल सोरेन परिवार के लिए कष्टदायक @itssuniltiwari pic.twitter.com/jl06AtXurh

    — Dr Nishikant Dubey (@nishikant_dubey) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এইক্ষেত্ৰত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে, চাৰফৰাজ খানে কিয় পদত্যাগ কৰিলে ? একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে আহমেদ এক সুপৰিকল্পিত চক্ৰান্তৰ অংশ হৈছে ৷ আচলতে, প্ৰৱৰ্তন সঞ্চালকালয়ে নিজৰ প্ৰভাৱ খটুৱাইছে ঝাৰখণ্ডত ৷ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণলৈ সপ্তমখন চমন জাৰি কৰি ইডিয়ে এই কথা স্পষ্ট কৰি দিছিল যে, মুখ্যমন্ত্ৰীয়ে নিজেই দুদিনৰ ভিতৰত জনাওক যে ভূমি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ বক্তব্য ক’ত গ্ৰহণ কৰাটো বিচাৰে ৷

ইডিয়ে মুখ্যমন্ত্ৰী চোৰেণক স্থান আৰু সময় নিৰ্ধাৰণৰ বাবে সুবিধা প্ৰদান কৰিছিল আৰু 31 ডিচেম্বৰ আছিল উত্তৰ প্ৰদানৰ অন্তিম তাৰিখ ৷ ইডিয়ে প্ৰেৰণ কৰা চমনখনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে পিএমএলএ 2023 ৰ ধাৰা 50 ৰ অধীনত তেওঁক মন্তব্য দাখিল কৰাৰ অন্তিম সুবিধা প্ৰদান কৰা হৈছে ৷ ইডিয়ে লগতে এইটোও কয় যে যদি এই নিৰ্ধাৰিত দিনৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সহযোগ নকৰে তেন্তে তদন্ত প্ৰক্ৰিয়াত ইচ্ছাকৃতভাৱে যতি পেলোৱা বুলি গণ্য কৰা হ’ব ৷

  • राज्यपाल झारखंड @CPRGuv को क़ानूनी सलाह लेना चाहिए,झारखंड विधानसभा का गठन 27 दिसंबर 2019 को हुआ । सरफराज अहमद का इस्तीफ़ा 31 दिसंबर को हुआ। एक साल से कम समय में चुनाव नहीं हो सकता । यह पार्टी हेमंत सोरेन जी की नहीं शिबू सोरेन जी की है@SitaSorenMLA @BasantSorenMLA विधायक हैं,चम्पई…

বিশেষ সূত্ৰৰ মতে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে নিজৰ প্লেন বি অনুসৰি কাম কৰি আছে ৷ বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে নিজৰ X হেণ্ডেলত এটা পোষ্টত কয় যে হেমন্ত চোৰেণে মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দিব আৰু ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হেমন্তৰ পত্নী কল্পনা চোৰেণ হ’ব ৷

মুছলমান আৰু আদিবাসী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে গাণ্ডে সমষ্টিত ৷ ঝাৰখণ্ড মুক্তি মৰ্চাৰ বাবে গাণ্ডে হৈছে এটা সহজ সমষ্টি ৷ 2005 চনত চাৰফৰাজ খানে লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বনন্দিতা কৰিছিল গাণ্ডেত ৷ কিন্তু সেই সময়ৰ জেএমএমৰ প্ৰাৰ্থী চালখান চোৰেণৰ হাতত পৰাস্ত হয় চাৰফৰাজ ৷

2009 চনত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলি প্ৰতিদ্বন্দী চালখানক পৰাস্ত কৰি 2005 চনৰ পৰাজয়ৰ পোতক তোলে চাৰফৰাজ খানে ৷ 2014 চনত পুনৰ কংগ্ৰেছৰ পৰাই চাৰফৰাজ নিৰ্বাচনত নামে যদিও মোদীৰ লহৰৰ বাবে বিজেপী প্ৰাৰ্থী জেপি বাৰ্মাৰ হাতত তেওঁ পৰাস্ত হয় ৷ কিন্তু 2019 ৰ নিৰ্বাচনত জোঁটবন্ধৰ বাবে জেএমএমৰ হাতলৈ যায় ৷ ফলত চাৰফৰাজ খানে কংগ্ৰেছ এৰি ঝাৰখণ্ড মুক্তি মৰ্চাত যোগদান কৰে আৰু পুনৰ জয়লাভ কৰে ৷

ইয়াৰ পৰা স্পষ্ট হৈছে যে সম্পূৰ্ণ পৰিকল্পনা সাজু হৈ উঠিছে ৷ ঝাৰখণ্ডত জেএমএম, আৰজেডি আৰু কংগ্ৰেছ মিত্ৰতাত আছে ৷ লগতে বাওঁদলৰো সহযোগিতা আছে ৷ যাৰ বাবে এই কথা চৰ্চা হৈছে যে, মুখ্যমন্ত্ৰী চোৰেণে যিকোনো মুহূৰ্তত পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে ৷ তেওঁৰ স্থানত পত্নী কল্পনা মুখ্যমন্ত্ৰীৰ পদত বহিব পাৰে ৷

তাৎপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে শিবু চোৰেণৰ দৰে নেতাও তামাৰ আসনৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছিল ৷ সেয়েহে সেই সকলোবোৰ সমীকৰণ বিবেচনা কৰিলে গাণ্ডে আসন জয়ৰ বাবে আটাইতকৈ উপযুক্ত বুলি বিবেচিত হৈছে । স্পষ্টভাৱে 2024 চনত ঝাৰখণ্ডৰ ৰাজনীতি 360 ডিগ্ৰী ঘূৰিবলৈ গৈ আছে ।

লগতে পঢ়ক: খাৰ্গেৰ সভাপতিত্বত ৪ জানুৱাৰীত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পেনেলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.