নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ : ভগৱান গণেশে সকলো সস্যাৰে সন্মুখীন বুদ্ধিমত্তাৰে কৰিছিল ৷ গণেশকৰ লৈ লোকবাদ আছে যে, এবাৰ প্ৰভু শিৱই দুয়ো পুত্ৰ গণেশ আৰু কাৰ্তিকক পৃথিৱীৰ পৰিক্ৰমা কৰিবলৈ আদেশ দিছিল ৷ কাৰ্তিকৰ বাহন ময়ুৰ গতিকে তেওঁ ততাতৈয়াকৈ ময়ুৰত উঠি পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে ৷
আনপিনে ভগৱান গণেশৰ বাহন আছিল নিগনি, গতিকে নিগনিত বহি কাৰ্তিকতকৈ সোণকালে পৃথিৱীৰ প্ৰদক্ষিণ সম্পূৰ্ণ কৰাটো অসম্ভৱ আছিল গণেশৰ বাবে ৷ প্ৰত্যাহ্বান ডাঙৰ আছিল সেয়েহে বুদ্ধিমত্তাৰ দেৱতা গণেশে নিজৰ পিতৃ-মাতৃৰ প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে ৷ পিতৃ-মাতৃয়ে ইয়াৰ কাৰণ সোধাত তেওঁ কয় পিতৃ-মাতৃৰ পৰিক্ৰমাই সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ পৰিক্ৰমা ৷ সেইবাবে মই এই পথ গ্ৰহণ কৰিছো ৷
তেওঁৰ তীক্ষ্ণ বুদ্ধিমত্তা মহাদেৱ-পাৱৰ্তীৰ ইমানেই পছন্দ হ’ল যে তেওঁলোকে গণেশক আশীৰ্বাদ প্ৰদান কৰে ৷ ইয়াৰ পৰা এইটোৱেই শিক্ষা পোৱা যায় যে, জীৱনত আহি থকা প্ৰত্যাহ্বানসমূহেই সুযোগ হৈ পৰিব পাৰে ৷ পাৰ্থক্য মাত্ৰ ইমানেই আপুনি এই প্ৰত্যাহ্বানসমূহক কেনেদৰে গ্ৰহণ কৰে ৷ প্ৰত্যাহ্বানে বিচলিত কৰিলে চম্ভালা কঠিন হৈ পৰে কিন্তু সংকটৰ সময়ত বুদ্ধিৰে কাম কৰিলে সকলোৰে প্ৰসংশা লাভ কৰিব পাৰি ৷
অদ্ভুত সংকল্প শক্তি
যদিও প্ৰভু শ্ৰী গণেশক লৈ বহু কাহিনী আছে কিন্তু সেইসকলৰ ভিতৰত আন এটি জনপ্ৰিয় কাহিনী হ’ল যেতিয়া দেৱী পাৰ্ৱতীয়ে তেওঁক দ্বাৰপাল হ’বলৈ আদেশ দিছিল ৷ নিজৰ কৰ্তব্য পৰায়ণতা আৰু অদ্ভুত শংকল্প শক্তি প্ৰদৰ্শন কৰি গণেশে এই আদেশ পালন কৰিবলৈ গৈ শিৰচ্ছেদো হৈছিল কিন্তু তথাপিও নিজ স্থানৰ পৰা লৰচৰ কৰা নাছিল ৷
কোৱা হয় যে, দেৱী পাৰ্ৱতী গা-ধুবলৈ যাব ওলাইছিল কিন্তু সেই সময়ত দুৱাৰত পহৰা দিবলৈ কোনো নাছিল ৷ সেই সময়তেই দেৱী পাৰ্ৱতীয়ে গণেশক দ্বাৰপাল বনাই কোনোবা আহিলে ভিতৰলৈ আহিবলৈ অনুমতি নিদিবলৈ আদেশ দিয়ে ৷ কিন্তু সেই সময়তেই দেৱী পাৰ্ৱতীক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় ভগৱান শিৱ ৷ মাকৰ আদেশ পালন কৰি গণেশে ভাগৱান শিৱক ভিতৰত প্ৰৱেশত বাধা দিয়ে ৷
বহু চেষ্টাৰ পিছতো যেতিয়া গেণেশে শিৱক ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে, তেতিয়া ক্ৰোধিক হৈ শিৱই হাতত থকা ত্ৰশূলেৰে গণেশৰ শিৰচ্ছেদ কৰি দিয়ে ৷ দেৱী পাৰ্ৱতীয়ে নিজৰ পুত্ৰক এনেদৰে পৰি থকা দেখি আৱেগিক হৈ পৰে আৰু গণেশক আগৰ দৰে কৰি দিবলৈ শিৱক অনুৰোধ জনায় ৷ তেতিয়াই ভগৱান শিৱই হাতীৰ পোৱালীৰ শিৰ আনি গণেশৰ শৰীৰত সৈতে লগাই দিয়ে আৰু গণেশক জীৱিত কৰি তোলে ৷
এই কাহনীয়ে আমাক ইয়াকে শিকায় যে বিষম পৰিস্থিতিতো আমি কৰ্তব্যপৰায়ণ হৈ থাকিব লাগে ৷ ভগৱান গেণেশে সংকটৰ সময়তো সংকল্পৰ অদ্ভুত শংকল্প শক্তি প্ৰদৰ্শন কৰাৰ লগতে মাতৃভক্তিৰো নতুন উদাহৰণ দাঙি ধৰে ৷ ইয়াৰ বাবেই তেওঁক আজিও প্ৰথম পুজ্য দেৱতা দিচাপে গণ্য কৰা হয় ৷
ভগৱান গণেশে আমাক খঙক শান্ত কৰিবলৈ শিকায়
সংযম ৰখাটো এক অদ্ভূত কলা ৷ যি ব্যক্তিয়ে নিজৰ সকলো কৰ্মন্দ্ৰীয় আৰু জ্ঞানেন্দ্ৰীয় সমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে সেইজন ব্যক্তিয়েই বুদ্ধিমান, বিদ্বান আৰু মহাপুষ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে ৷
এবাৰ মহান যোদ্ধা পৰশুৰামে শিৱক সাক্ষাৎ কৰিবলৈ কৈলাশ পৰ্বতলৈ আহিছিল কিন্তু গণেশে তেওঁক শিৱক সাক্ষাৎ কৰাত বাধা প্ৰদান কৰে ৷ এই কথাতে পৰশুৰামে গণেশক যুদ্ধৰ বাবে আমন্ত্ৰণ জনায় ৷ এই যুদ্ধতে পৰশুৰামে গণেশৰ বাওঁফালৰ দাঁতত প্ৰহাৰ কৰি ভাঙি দিয়ে ৷
এই কথাত দেৱী পাৰ্ৱতীয়ে খঙত পৰশুৰাশক ক্ষত্ৰিয়ৰ তেজত সন্তুষ্ট হোৱা নাই আৰু সেয়েহে তেঁওৰ পুত্ৰ গণেশৰো অপকাৰ কৰিছে বুলি কয় ৷ গণেশে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দেৱী পাৰ্ৱতীক প্ৰসন্ন কৰি তোলে ৷ গণেশৰ এই কাৰ্যৰ বাবে পৰশুৰামে তেওঁক নিজৰ অস্ত্ৰ প্ৰদান কৰে ৷ এই কাহিনীৰ দ্বাই আমি খঙৰ সময়তো কেনেদৰে সংযম ৰাখিব পাৰি সেই কথা জানিব পাৰো৷ চেল্ফ মেনেজমেন্টৰ ই এক গুৰুত্বপূৰ্ণ টিপ ৷ ইয়াৰ দ্বাৰা নিজৰ জীৱনৰো বিৰোধীসকলৰ খঙত প্ৰতিক্ৰিয়া প্ৰকাশৰ সলনি তেওঁলোকৰ খঙাত স্বাভাৱকে নিয়ন্ত্ৰণ কৰিবলৈ শিকক ৷