ETV Bharat / bharat

ভাৰতীয় ৰাজনীতিত নতুন চাণক্যৰ ৰূপত উদ্ভাসিত সুনীল কানুগোলু

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 5:18 PM IST

পাঁচ ৰাজ্যৰ নিৰ্বাচন অন্ত পৰিল, ঘোষণা হ’ল ফলাফল ৷ ব্যাপক জয়ৰ আশা কৰি বৰ বেয়াকৈ মুখথেকেচা খালে কংগ্ৰেছে ৷ তিনি ৰাজ্যত উৰিল বিজেপিৰ পতাকা ৷ তাৰ মাজতে কংগ্ৰেছক একেবাৰে নিৰাশ হ’বলৈ নিদিলে এগৰাকী ব্যক্তিয়ে ৷ নিজৰ বিচক্ষণতাৰে নিৰ্বাচনী কৌশল খটুৱাই তেলেংগানাত কংগ্ৰেছক বাট মুকলি কৰি দিলে ৰাজপাটৰ ৷ তেওঁ হৈছে সুনীল কানুগোলু ৷ আধুনিক ভাৰতীয় ৰাজনীতিৰ চাণক্য স্বৰূপ এইগৰাকী কৌশলবিদৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক ৰাজ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

the unsung hero of Congress victory
Know about sunil kanugolu

নিউজ ডেস্ক, 4 ডিচেম্বৰ: ঘোষণা হ’ল পাঁচ ৰাজ্যৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ৷ তিনিখন ৰাজ্যত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে গাদী দখল কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে ৷ মিজোৰামত জোৰামথাংগাৰ মিজো নেশ্যনেল ফ্ৰন্টৰ শাসন ওফৰাই জোৰাম পিপলছ মুভমেন্টৰ লালডোহমাই বিজয়ৰ হাঁহি মাৰিলে ৷ এই চাৰিখন ৰাজ্যতে ব্যাপক বিপৰ্জয়ৰ সমুখীন হোৱা কংগ্ৰেছে তেলেংগানাত কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছক ওফৰাই গাদী দখল কৰে ৷

কিন্তু কংগ্ৰেছে হেৰুৱালে নিজৰ দখলত থকা ছত্তীশগড় আৰু ৰাজস্থানৰ ৰাজপাট ৷ মিজোৰামত 40 খন আসনত প্ৰতিদ্বন্দিতা কৰি মাত্ৰ এখন আসনতহে জয়লাভ কৰিছে কংগ্ৰেছে ৷ চাৰিখন ৰাজ্যতে বৰ বেয়াকৈ মুখথেকেচা খোৱা কংগ্ৰেছ কেনেকৈ জয়ী হ’ল দাক্ষিণাত্যৰ ৰাজ্য তেলেংগানাত ? ইয়াৰ আঁৰত কোন আছিল ? তাৰেই এক অৱলোকন

যোৱা মে’ মাহত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত যেতিয়া কংগ্ৰেছে বিজেপিক উৎখাত কৰিছিল দাক্ষিণাত্যৰ পৰা, তেতিয়াই চৰ্চা হৈছিল এট নাম, সুনীল কানুগোলু ৷ তেলেংগানাতো কংগ্ৰেছৰ জয়ৰ আঁৰত আছিল এই নামটো বা এই ব্যক্তিগৰাকী ৷ যি কংগ্ৰেছৰ বাবে ৰচনা কৰিছিল যুদ্ধজয়ৰ কৌশল ৷

সুনীল কানুগোলু কোন ? কিয় কংগ্ৰেছৰ বাবে পৰ্দাৰ আঁৰৰ বিশেষ শক্তি সুনীল কানুগোলু ?

কংগ্ৰেছৰ বাবে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰা অন্যতম ব্যক্তি ৷ সুনীল কানুগোলুৰ পৰামৰ্শ অনুসৰিয়েই কৰ্ণাটকৰ পিচত তেলেংগানাতো শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ ৷ কিন্তু কানুগোলুৰ পৰামৰ্শৰ সৈতে একমত নোহোৱা মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দুই নেতা কমল নাথ আৰু অশোক গেহলটে অৱশ্যেই ফলাফল লাভ কৰিলে ৷ অমিত শ্বাহ যদি বিজেপিৰ চাণক্য তেন্তে সুনীল কানুগোলু কংগ্ৰেছৰ ৷

এইগৰাকী নিৰ্বাচনী কৌশলবিদে বিগত বছৰ সমূহত তামিলনাডুত ডিএমকে আৰু এডিএমকেৰ সৈতেও কাম কৰিছিল ৷ প্ৰশান্ত কিশোৰৰ সৈতে I-PAC ত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট সুনীল কানুগোলুৱে ইতিমধ্যেই নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷ 2014 চনত নৰেন্দ্ৰ মোদীৰ বাবেও নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰিছিল সুনীল কানুগোলুৱে ৷

সুনীল কানুগোলু হৈছে কৰ্ণাটকৰ নাগৰিক ৷ তেওঁ নিজৰ দক্ষতাৰ উত্তৰণ ঘটাইছিল চেন্নাইৰ পৰা ৷ বিজেপিৰ এছ’চিয়েচন অৱ বিলিয়ন মাইণ্ডছৰ মূল কাণ্ডাৰী আছিল কানুগোলু ৷ উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, গুজৰাট, কৰ্ণাটক আদিত বিজেপিৰ বিজয়ৰ আঁৰত আছিল সুনীল কানুগোলুৰ কৌশলী যাদু ৷ পিচত তেওঁ কংগ্ৰেছৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাত জড়িত হৈ পৰে ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে কৰা ভাৰত জোড়ো যাত্ৰাৰ খনিকৰ আছিল সুনীল কানুগোলু ৷ যাৰ সুফল আছিল কৰ্ণাটকত কংগ্ৰেছৰ জয় ৷ কংগ্ৰেছে কৰ্ণাটকত যি পাঁচটা গেৰান্টীৰ কথা কৈছিল, সেই সমূহৰ আৰ্হি প্ৰস্তুত কৰিছিল সুনীল কানুগোলুৱেই ৷ তেলেংগানাতো নিজৰ বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ল এইগৰাকী কৌশলবিদ ৷

কংগ্ৰেছে তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশত ৰণকৌশল প্ৰস্তুতৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিছিল কানুগোলুক ৷ ৰাজস্থান, মধ্যপ্ৰদেশত কানুগোলুৰ কৌশলক অগ্ৰাহ্য কৰিলে দুই শীৰ্ষ নেতা কমল নাথ আৰু অশোক গেহলটে ৷ কিন্তু তেলেংগানাত কাম কৰি দেখুৱালে কানুগোলুৱে ৷ বি আৰ এছৰ দহ বছৰীয়া শাসন ওফৰাই কংগ্ৰেছৰ ৰাজপাটলৈ বাট দেখুৱাই দিলে তেওঁ ৷

তেলেংগানাত কেনেদৰে প্ৰস্তুত কৰা হৈছিল ৰণকৌশল ?

তেলেংগানাত ভিতৰুৱাকৈ সমীক্ষা চলাইছিল সুনীল কানুগোলু আৰু তেওঁৰ দলে ৷ সেই অনুসৰিয়েই কৰা হৈছিল সকলো পৰিকল্পনা ৷ তেওঁ সমীক্ষা দলক তেলেংগানাত কোনো কংগ্ৰেছ নেতাই হকা-বাধা কৰা নাছিল, দলৰ হকে প্ৰতিবেদন প্ৰকাশৰ বাবেও কোনেও তেওঁক হেঁচা দিয়া নাছিল ৷ ক্ষেত্ৰভিত্তিক অধ্যয়নত স্পষ্ট হৈ পৰিছিল যে, কংগ্ৰেছৰ বাবে এই যুঁজ কিছু কঠিন হ’ব ৷ দলক সকলো মুকলিকৈ জনোৱাৰ সুবিধা পাইছিল কানুগোলুৰ সমীক্ষাকাৰী দলে ৷ যিটো কংগ্ৰেছৰ বাবে সহায়ক হৈছিল ভুলৰ শুধৰণি কৰাত ৷ যাৰ ফল কংগ্ৰেছে লাভ কৰিলে আৰু দাক্ষিণাত্যত দ্বিতীয়খন ৰাজ্যত জয়ী হৈ আহিল ৷

সুনীল কানুগোলুক নস্যাৎ কৰি গেহলটে কৰিলে ডাঙৰ ভুল:

কংগ্ৰেছে সুনীল কানুগোলুক তেলেংগানাৰ দৰেই ৰাজস্থানতো ৰণনীতি প্ৰস্তুতৰ বাবে স্বতন্ত্ৰতা প্ৰদান কৰিছিল ৷ তেওঁৰ দলে কংগ্ৰেছ শাসিত ৰাজ্যত জৰীপ চলাই প্ৰতিবেদনৰ লগতে কেতবোৰ মন্ত্ৰণা দিছিল, যিবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷ কানুগোলুৱে কৈছিল যে যিসকল নেতাৰ জয়ৰ সম্ভাৱনা কম, তেওঁলোকক টিকট দিয়াটো উচিত নহ’ব ৷

কিন্তু অশোক গেহলটে সেই কথা মানি নল’লে ৷ গেহলটৰ মতে সুনীলতকৈ ৰাজস্থানৰ বিষয়ে অধিক জ্ঞান আছে তেওঁৰ ৷ যাৰ বাবে আন এক ৰাজনৈতিক পৰ্যবেক্ষণ সংস্থা ডিজাইনবক্সৰ কৌশল অনুসৰণৰ বাবে আগ্ৰহী হ’ল গেহলট ৷ সেয়াই ভুল কৰিলে ৰাজস্থানৰ কংগ্ৰেছ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ফলাফল স্বৰূপে পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছে বৰ্ষীয়ান নেতাগৰাকীয়ে ৷

নীৰৱে কাম কৰি, নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখি কানুগোলুৱে প্ৰমাণ কৰিলে তেওঁ বিচক্ষণতা ৷ যাৰ বাবে আজি কংগ্ৰেছৰ নেতাসকলতকৈ অধিক চৰ্চিত হৈছে পৰ্দাৰ আঁৰত থাকিয়েই বিজয়ৰ পটভূমি ৰচনা কৰা এইগৰাকী নিৰ্বাচনী কৌশলবিদ ৷

লগতে পঢ়ক: তেলেংগানাত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ দায়িত্ব কংগ্ৰেছ সভাপতিৰ; ডি কে শিৱকুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.