ETV Bharat / bharat

CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

author img

By

Published : Dec 8, 2021, 8:30 PM IST

অতি শোকাৱহভাৱে জীৱন পৰিক্ৰমাৰ অৱসান ঘটিল জেনেৰেল বিপিন ৰাৱাটৰ(Gen Bipin Rawat passed away)৷ এগৰাকী সেনা বিষয়া যি অধিষ্ঠিত হৈছিল ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়কৰ পদত (First Chief of Defence Staff in India) ৷ কোন আছিল এই বিপিন ৰাৱাট ? জানো আহক তেওঁৰ জীৱন পৰিক্ৰমাৰ সবিশেষ ৷

India's first Chief of Defence Staff
India's first Chief of Defence Staff

নিউজ ডেস্ক, 8 ডিচেম্বৰ : জেনেৰেল বিপিন ৰাৱাট, সমগ্ৰ ভাৰতজুৰি চৰ্চিত হৈ পৰিছে নামটো ৷ এগৰাকী সেনা বিষয়া যি অধিষ্ঠিত হৈছিল ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়কৰ পদত ৷ 2019 চনত ভাৰতীয় বায়ু, স্থল আৰু নৌ-সেনাক এক গোট কৰি তিনিওটা সেনাৰে এগৰাকী সৰ্বাধিনায়ক নিযুক্ত কৰা হৈছিল ৷ সেই সেনা বিষয়াগৰাকীয়েই আছিল জেনেৰেল বিপিন ৰাৱাট (First Chief of Defence Staff in India)৷

কিন্তু হঠাৎ অহা এটা খবৰে যেন মৰ্মাহত কৰি তুলিলে দেশবাসীক ৷ অতি শোকাৱহভাৱে জীৱন পৰিক্ৰমাৰ অৱসান ঘটিল জেনেৰেল বিপিন ৰাৱাটৰ ৷ তামিলনাডুৰ চিলুৰস্থিত ভাৰতীয় বায়ুসেনাৰ চাউনীৰ পৰা এখন Mi-17V-5 হেলিকপ্টাৰযোগে পত্নী মধুলিকা ৰাৱাট আৰু কেইজনমান সেনা বিষয়াৰ সৈতে জেনেৰেল ৰাৱাটে যাত্ৰা কৰিছিল ৱেলিংটন অভিমুখে ৷ কিন্তু যাত্ৰাপথত ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ৷ মুঠ 14 জন আৰোহী থকা হেলিকপ্টাৰখন ভূ-পতিত হোৱাৰ লগতে ভম্মীভূত হয় কন্নুৰত (Indian Army chopper crash)৷

India's first Chief of Defence Staff
জেনেৰেল বিপিন ৰাৱাট

ভাৰতীয় বায়ুসেনাই জানিবলৈ দিয়ে যে, এই দুৰ্ঘটনাত জেনেৰেল ৰাৱাট, তেওঁৰ পত্নীসহ মুঠ 13 জনৰ মৃত্যু হৈছে (Gen Bipin Rawat with wife and other army officer demised) ৷ এই খবৰে দেশজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷ কোন আছিল এই বিপিন ৰাৱাট ? জানো আহক তেওঁৰ জীৱন পৰিক্ৰমাৰ সবিশেষ ৷

লগতে পঢ়ক : General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে

বিপিট ৰাৱাটৰ জন্ম হৈছিল 1958 চনত উত্তৰাখণ্ডৰ এটা ৰাজপুত পৰিয়ালত ৷ প্ৰজন্ম ক্ৰমে তেওঁৰ পৰিয়ালে সেৱা আগবঢ়াই আহিছে ভাৰতীয় সেনাত ৷ বিপিন ৰাৱাট আছিল ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা তেওঁৰ পৰিয়ালৰ তৃতীয়টো প্ৰজন্ম ৷ তেওঁৰ পিতৃ আছিল লক্ষ্মণ সিং ৰাৱাট, যি ভাৰতীয় স্থল সেনাত লেঃ কৰ্ণেল হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ৷

India's first Chief of Defence Staff
ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়ক

এগৰাকী জোৱান হিচাপে ভাৰতীয় সেনাত যোগদান কৰা লক্ষ্মণ সিং ৰাণাৱটে পদোন্নতি লাভ কৰি পৰৱৰ্তী সেনাৰ উপ-মুৰব্বী পদত অধিষ্ঠিত হৈছিল ৷ বিপিন ৰাৱাটৰ খুৰা ভাৰত সিং ৰাণাৱট আছিল এগৰাকী হাৱলদাৰ ৷ তেওঁৰ আন এগৰাকী খুৰাক হৰিনন্দনেও ভাৰতীয় সেনাৰ হৈ দেশসেৱা কৰিছিল ৷

বিপিন ৰাৱাটে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল কেম্ব্ৰিয়ান হল স্কুল ডেৰাডুন আৰু চেন্ট এডৱাৰ্ড স্কুল চিমলাৰ পৰা ৷ স্কুলীয়া শিক্ষা সাং কৰি ৰাৱট ভৰ্তি হৈছিল নেশ্যনেল ডিফেন্স একাডেমী খাদাকৱাচালা আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমী ডেৰাডুনত ৷ তাতেই তেওঁ লাভ কৰে Sword of Honour সন্মান ৷

লগতে পঢ়ক : Air Crash in India: নেতাজীৰ সুভাষ বসুৰ পৰা দৰ্জী খাণ্ডুলৈ...

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ শিক্ষা সাং কৰি তেওঁ 16 ডিচেম্বৰ 1978 ত যোগদান কৰে 11 নং গোৰ্খা ৰাইফলচৰ 5 নং বেটালিয়ানত ৷ এই বেটালিয়ানতে কৰ্মৰত আছিল তেওঁৰ পিতৃও ৷ নিজৰ চহৰ উত্তৰাখণ্ডৰ সৈতে নিবিড় সম্পৰ্ক আছিল বিপিন ৰাৱাটৰ ৷ ব্যস্ততাৰ মাজতো তেওঁ প্ৰায়েই গৈছিল নিজৰ গাঁৱলৈ ৷

বিভিন্ন অভিযানৰ অনেক অভিজ্ঞাতাৰে পুষ্ট আছিল জেনেৰেল বিপিন ৰাৱাট ৷ তেওঁ পূৱ খণ্ডৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ’লতো কামাণ্ডাৰ হিচাপে নিয়োজিত আছিল ইনফেন্ট্ৰি বেটালিয়ানত ৷ একেদৰে কাশ্মীৰ উপত্যকাতো ৰাষ্ট্ৰীয় ৰাইফলচত কামাণ্ডাৰ হিচাপে নিয়োজিত আছিল জেনেৰেল ৰাৱাট ৷

India's first Chief of Defence Staff
জেনেৰেল বিপিন ৰাৱাট

তাৰ পাচতেই তেওঁ ডেমক্ৰেটিক ৰিপাব্লিক কংগোত সপ্তম পৰ্যায়ৰ অভিযানত এটা ব্ৰিগেডৰ কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰে ৷ তেওঁক জম্মু-কাশ্মীৰ আৰু উত্ত-পূৰ্বাঞ্চলত ক্ৰমে ভাৰতীয় সেনাৰ ইনফেন্ট্ৰি ডিভিজন আৰু কৰ্পচ কামাণ্ডাৰৰ দায়িত্ব দিয়া হৈছিল ৷

লগতে পঢ়ক : Indian Army Chopper Crash : তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু 13 জনৰ

নাগালেণ্ডৰ ডিমাপুৰত সেনাৰ থ্ৰী কৰ্পচৰ লেঃ জেনেৰেল হিচাপেও নিযুক্ত আছিল জেনেৰেল বিপিন ৰাৱাট ৷ 1987 চনত চামদৰং চু ভেলীত চীনা পিপল্চ লিবাৰেশ্যচ আৰ্মীৰ বিৰুদ্ধে নিয়োজিত হৈ আছিল জেনেৰেল ৰাৱাট ৷ 37 বছৰীয়া চাকৰি জীৱনত পৰম বিশিষ্ট সেৱা মেডেলকে আদি কৰি বহুকেইটা সামৰিক সন্মান লাভ কৰিছিল বিপিন ৰাৱাটে ৷

India's first Chief of Defence Staff
জেনেৰেল বিপিন ৰাৱাট

2016 চনৰ 17 ডিচেম্বৰত জেনেৰেল বিপিন ৰাৱাট অধিষ্ঠিত হয় ভাৰতীয় স্থলসেনাৰ 27 সংখ্যক মুৰব্বী হিচাপে ৷ 2019 চনত চীফ অৱ ডিফেন্স ষ্টাফ অৰ্থাৎ ভাৰতীয় তিনিওটা সেনাবাহিনীৰ সৰ্বাধিনায়ক পদত অধিষ্ঠিত হয় জেনেৰেল বিপিন ৰাৱাট ৷ অৱশেষত সেই পদত অধিষ্ঠিত হৈ থকা অৱস্থাতেই 2021 চনৰ 8 ডিচেম্বৰ তাৰিখে তামিলনাডুত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় জেনেৰেল বিপিন ৰাৱাটে ৷ সেনাৰ বাবে সেৱা আগবঢ়াই অৱশেষত সেনাৰ হেলিকপ্টাৰতে জীৱনৰ অৱসান ঘটিল ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক গৰাকীৰ ৷

লগতে পঢ়ক : Indian Army Chopper Crash : প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰিলে সবিশেষ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.